‘শিশু দিৱস’ৰ শিশুসকলৰ ভৱিষ্যত কিমান দূৰ সুৰক্ষিত – সুনম বিশ্বাস

শিশু দিৱস’ৰ শিশুসকলৰ ভৱিষ্যত কিমান দূৰ সুৰক্ষিত

  সুনম বিশ্বাস
                               গোৰেশ্বৰ, তামুলপুৰ

শিশুসকলৰ প্রতি থকা অগাধ মৰম-স্নেহৰ প্রতি শ্রদ্ধা জনাই, প্রত্যেক বছৰে ১৪ নৱেম্বৰ দিনটো স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মটো ‘শিশু দিৱস’ হিচাপে পালন কৰা হয়। এই দিনটোত শিশুসকলৰ মঙ্গলার্থে আৰু নেহৰু ‘খুৰা’ ৰ সপোন বাস্তাৱায়িত কৰিবলৈ প্ৰেৰণা দিয়া হয়। তেখেতে কৈছিল—”,,The children of today will make the India of tomorrow. The way they bring them up will determine the future of the country” গতিকে, তেখেতে শিশুসকলক লৈ যি সপোন ৰচিছিল, সেয়া সাকাৰ হৈছেনে? সাম্প্রতিক শিশুসকলক প্রকৃত মানৱ সম্পদৰূপে গঢ় দিয়াত আমি কিমানদূৰ পাৰদৰ্শী?জন্ম হোৱাৰ পিছৰে পৰা শিশুসকলক সময় দিবলৈ আমাৰ আহৰি নাই; কিয়নো আমি সকলোৱে প্রতিযোগিতাৰ দৌৰত ধাৱমান। প্ৰত্যেকজন নৰ-নাৰী স্বাৱলম্বী হোৱাটো জৰুৰী কিন্তু সেই বুলি নৱজাত শিশু এটাক জন্মৰ দুই- তিনিমাহ পিছতে এগৰাকী ‘ধাত্রীৰ’ হাতত তুলি দি আমি বাৰু কিমান নিৰাপদ ? আনকি শিশুটোৰ ভৱিষ্যত কিমান দূৰ সুৰক্ষিত? ওৰে দিন আমি কর্মব্যস্ততাৰ খাতিৰত  শিশুটোক এৰি বাহিৰতে থাকিবলগীয়া হয়। ফলত প্রকৃত শিক্ষাৰে আপদাল কৰাত আমি ব্যর্থ হওঁ। কাম-কাজ সামৰি ঘৰলৈ অহা মানে দিনটোৰ পৰিশ্রমত ক্লান্ত হৈ পৰো, তেতিয়া মানসিক বা শাৰিৰীক কোনো শক্তিয়েই নাথাকে শিশুটোৰ সৈতে ওমলিবলৈ।  ফলস্বৰূপে আলস্যতাই আমাক , হাতত চামুচ ল’ব নোৱাৰা অৱস্থাৰ পৰাই শিশুটোক ম’বাইল ফোন হাতত তুলি দিবলৈ বাধ্য হও , ভাত খুওৱাৰ পৰা আদি  কৰি নিচুকাবলৈয়ো ফোনৰ ব্যৱহাৰ কৰো । ফলত ক্রমান্বয়ে শিশুটোক ফোনৰ প্ৰতি আসক্ত কৰাই পেলাও। প্রতিযোগিতাৰ দৌৰত শিশুৰ ওপৰত মানসিক অত্যাচাৰৰ বোজা  জাপি দিও, লগৰীয়াসকলৰ  লগত বাহিৰত খেলিবলৈয়ো যাবলৈ নিদিও, হয়তো গৃহকার্য নতুবা ফোনতে গেমৰ এপটো  অন কৰি দিও ; শিশুটোৰ নিজস্ব অভিৰুচি কথা যেন আমি পাহৰি যাও,   তেওঁলোকৰ হৃদয়ৰ নিভৃত কোণত  গজালি মেলা সপোনৰ পুলিবোৰ আমাৰ নিজৰ ইচ্ছা পূৰণার্থে ধ্বংস কৰি পেলাও। যাৰ ফলস্বৰূপে শিশু এটাৰ সুপ্ত প্রতিভা বিকশিত হোৱাত হেঙাৰস্বৰূপ হৈ পৰো আমি অভিভাৱকসকলেই! এইবোৰেই শিশুটোৰ নৈতিক, শৈক্ষিক, বৌদ্ধিক, আধ্যাত্মিক দিশৰ বিকাশত প্রভাব পেলাই।

আনহাতে, দৰিদ্রতাৰ অৱবাহিকাত দেশৰ প্রকৃত মানৱসম্পদ উটি-ভাহি যোৱা  প্রতীয়মান হয়।’ওঁঠ চেপিলেই গাখীৰ ওলোৱা’  অৱস্থাৰ পৰাই হাতত কিতাপ -পত্ৰৰ সলনি পেটৰ তাড়নাত কর্মপন্থা বাছি ল’বলৈ বাধ্য হয়।জীয়াই কথাৰ বাসনাই যেন কঠোৰ দায়িত্বৰ বোজা মুৰত লৈ কঢ়িয়াবলৈ তেওঁলোকক জুৰুলা কৰি পেলাই ; নিজৰ দেহৰ যতনৰ কথা ভাৱিবলৈয়ো তেওঁলোক সচেষ্ট নহয়। বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্রত্যেকটো শিশুৰে মৌলিক অধিকাৰ, কিন্তু চৰকাৰ সেই ব্যৱস্থা কিমানদূৰ ফলপ্ৰসু হৈছে? এচাম মধ্যভোগীৰ বাবে বিদ্যালয়লৈ অহা মধ্যাহ্ন ভোজন, পোছাকৰ পৰাও শিশুসকল বঞ্চিত হোৱা পৰিলক্ষিত হয়। শিক্ষাৰ অধিকাৰ থকা স্বত্বেও দেশত লাখ লাখ শিশু শ্রমিকৰ সৃষ্টি হৈছে।গ্ৰাম্যাঞ্চলৰ বেছিভাগ শিশুই পিতৃ-মাতৃৰ সৈতে ইটাভাটাবোৰ কৰ্মৰত অৱস্থাত দেখিবলৈ পোৱা যায়, এই শিশু সকলৰ জীৱনত দৰিদ্ৰতাই কৃতকাৰ্যকাৰ পথত হেঙাৰস্বৰূপ হৈ থিয় দিছে। পৰিস্থিতি আৰু দৰিদ্ৰতাৰ সুযোগলৈ কিছু শিক্ষিত সমাজৰ মুখা পিন্ধা  ভদ্রলোকে কম দৰমহাতে অৰ্হনিশে পথাৰত হালবোৱা ‘বলধ’ৰ দৰে কণ কণ শিশুক কামত নিয়োগ কৰে, তথাপিও যেন জনসচেতনাৰ সৃষ্টি নহয়, গান্ধাৰীৰ দৰে আমি  আমাৰ চকু বান্ধি হৈছো !  বিজ্ঞানৰ অভিনৱ অৱদানৰ পিছতো শিশুসকলক আমি  যন্ত্ৰৰ দৰে বিভিন্ন কামত নিয়োগ কৰোঁ। যাৰ ফলত শিশু সকলৰ সোণোৱালী ভৱিষ্যত আউসীৰ কৰাল গ্ৰাসত ডুব যোৱাৰ উপক্রম হৈছে । এই ক্ষেত্রতে কিছু সুবিধাবাদীলোকে  ধনৰ লালসা দেখুৱাই  দৰিদ্ৰ শিশুক অপহৰণ কৰা , ধর্ষণ ইত্যাদি অপকর্মত লিপ্ত কৰোৱাই।

এটা শিশুক প্ৰকৃত মানৱসম্পদ হিচাপে গঢ়ি তোলাৰ ওপৰতে দেশখনৰ সর্বাংগীন উন্নতিৰ দিশ জড়িত হৈ থাকে। যিদৰে ঘৰৰ ভেঁটি মজবুত নহলে ঘৰতখন ঘৰ হৈ নাথাকে তদ্রুপ শিশু এটাক  প্রকৃত মানুহ হিচাপে গঢ় দিব নোৱাৰিলে দেশৰ ভবিষ্যত অন্ধকাৰৰ বু্কুত জাহ যাব! নোৱাৰোনে আমি নেহৰু খুৰাৰ কথা —”জীৱনত যদি ঘাত-প্ৰতিঘাতেই নাথাকে তেন্তে সেইটো জীৱনেই হ’ব নোৱাৰে ৷ জীৱনটো হৈছে এটা কলা ৷ ই কলাকাৰ ৰূপে বিৰাজিত ৷ আশা আৰু আকাংক্ষাৰ প্ৰেৰণাই হৈছে জীৱনৰ অংগ ৷ ইয়াৰ অবিহনে জীৱনৰ মৰহি শুকায় “— সাৰোগত কৰি হাতে হাত ধৰি , প্রানটাকি নিজৰ ‘মুলুক’ আমাৰ সন্তানৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ সুস্থ দেহেৰে সুস্থ পৰিৱেশত সুস্থ মনৰ অধিকাৰী হৈ অগ্রগতিৰ ফালে ধাৱমান হোৱাৰ পথ প্রশস্ত কৰিবলৈ ?