শিশু আৰু সমাযোজন- কৌশল্যা বৰা

Pc- More FM

শিশু আৰু সমাযোজন

আজিৰ পৰা ১৫/২০ বছৰৰ আগৰ শিশুৰ তুলনাত বৰ্তমানৰ শিশুৱে বহুত জটিল পৰিৱেশত ডাঙৰ হৈছে। কথমপি মাত ফুটেহে আৰম্ভ হয় পঢ়া, কথমপি খোঁজ কেইটা খৰকৈ দিব পৰা হয়হে আৰম্ভ হয় স্কুলিং। পিতৃ-মাতৃ কৰ্মৰত হোৱা আৰু একক পৰিয়ালত ডাঙৰ হোৱা বাবে শিশুৱে অতীতৰ দৰে ঘৰে বাহিৰে ল’ৰালিৰ খেলা-ধূলা নাপায়।চুবুৰীয়াৰ মৰম-আদৰ, মিলা-প্ৰীতিৰ পৰা বঞ্চিত হয়। ইফালে কনমানিটি স্কুলত গৈ বিভিন্ন পৰিৱেশ যেনে-শ্ৰেণীকোঠা, লগৰীয়া, সভা-সমিতি, ভিন্ন মানুহ, ভিন্ন আচৰণ আদিৰ সন্মুখীন হয়। এই সমূহৰ সৈতে শিশুৱে নিজকে ভিন্ন ধৰণে খাপ খুৱাই ল’ব লগা হয়।শিশুৰ মাজত থাকিব পৰা ব্যক্তিগত বা সামাজিক,ধৰ্মীয় ভিন্নতা বোৰ বিশেষকৈ শিক্ষক আৰু অভিভাৱকৰ জৰীয়তে দূৰ কৰি শিশুৰ মাজত সু-সম্পৰ্ক স্থাপন কৰি বিদ্যালয়ত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰিলে শিশুৰ আনৰ সৈতে মিলিব নোৱাৰা মানসিক অৱস্থাৰ উদয় হয়। তাকে শিশুৰ ক্ষেত্ৰত সমাযোজনহীনতা বুলি কোৱা হয়। আজি-কালি বহুত যুৱক-যুৱতীৰ মাজতো এই সমাযোজনহীনতা চকুত পৰে। ওচৰ-চুবুৰীয়াৰ সৈতে মানসিক দূৰত্ব বজাই ৰখা, নিজৰ কমফৰ্ট জ’নৰ বাদে আন আত্মীয়-কুটুম্বৰ সতে ভাবৰ আদান-প্ৰদান নকৰা আদি স্বভাৱ প্ৰায় ল’ৰা-ছোৱালীৰ মাজতে দেখা যায়। তাৰ বাবে কিন্তু আমি নিজেও কিছু জগৰীয়া।ল’ৰা-ছোৱালী এটা লগ পাই মৰম-চেনেহেৰে দুআষাৰ কথা পতা বাদ দি, তাৰ প্ৰগেচ্ ৰিপৰ্ট খনহে প্ৰথমে বিচাৰোঁ।কিমান পঢ়িলা, কি কৰিছা ইত্যাদি। প্ৰতিযোগিতাৰ যুগত সকলোৱেই একেলগে চাকৰি-বাকৰি লৈ প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে বুলি জানিও আমি হতাশাত ভোগী থকাজনক এনে প্ৰশ্ন কৰা উচিত নহয় যিটোৰ উত্তৰ দিব লাগিব বুলিয়েই ল’ৰা বা ছোৱালীটো মানুহৰ পৰা আঁতৰি থাকে। ইও একপ্ৰকাৰৰ সমাযোজনহীনতা। আজি-কালি সমাযোজনহীনতা এক গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰিছে। একক পৰিয়ালত অকলশৰীয়াকৈ ডাঙৰ হোৱা, কৰ্মৰত পিতৃ-মাতৃৰ সময়ৰ অভাৱ, ইন্টাৰনেট, ম’বাইলৰ অধিক ব্যৱহাৰ আৰু অভিভাৱকৰ এই ক্ষেত্ৰত অনুশাসন-হীনতাৰ কাৰণে শিশু কেৱল নিজৰ মাজতেই আৱদ্ধ হৈ থাকে। শিশুৱে যদি কেনেবাকৈ নিৰাপত্তাহীনতাত ভোগে, পিতৃ-মাতৃ বা চৌপাশৰ সমাজখনৰ পৰা অবহেলা পায়, মনত ভয়ভাবৰ সৃষ্টি হয় তেতিয়াই তেওঁলোকে চৌপাশৰ সমাজ খনৰ সৈতে খাপ খাব নোৱাৰা হৈ পৰে। তেতিয়া দেখা যায় শিশু খঙাল হয়, হীন- মন্যতাত ভোগে, কেতিয়াবা অবাধ্য হয়। মানুহৰ পৰা আঁতৰি থাকি ভাল পায়।সমাযোজনহীনতাৰ বাবে আন বহুত ধৰণৰ স্বভাৱৰো বিসংগতি হয়। এতিয়া কথা হ’ল-শিশুটিক যিকোনো বিষয় বুজোৱাৰ আগতে শিশুটিকহে বুজিবৰ যত্ন কৰিব লাগে। অতি সাৱধানে শিশুটিক পৰীক্ষা-নিৰীক্ষা কৰিব লাগে। শিশুটিয়ে প্ৰকৃততে কি ভাল পায়, কেনেকৈ কামবোৰ কৰিবলৈ বিচাৰে সেই কথা বুজি তাক উপযুক্ত পৰামৰ্শ দি কামত আগবাঢ়িবলৈ দিব লাগে।মৰমেৰে শিশুক চম্ভালিব লাগে সেইবুলি অতিমাত্রা আসৈ দিবও নালাগে। পৰিয়ালৰ সুস্থ বাতাৱৰণে শিশুৰ স্বভাৱ গঠনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।জীৱনত যেতিয়া সমস্যা অৱশ্যম্ভাৱী, তেনেস্থলত পৰিয়াল বুলিলে অলপতো ইফাল-সিফাল থাকিবই । এই পৃথিৱীত কোনেও ক’ব নোৱাৰে সম্পূর্ণ সুখত আছো বুলি। কিন্তু সন্তানৰ স্বাৰ্থতে কিছু ত্যাগ স্বীকাৰ কৰি হ’লেও পৰিয়ালত সদায় সুস্থ বাতাবৰণ সৃষ্টি কৰিব লাগে। শিশুক ভাল কামৰ বাবে প্ৰশংসা কৰাৰ লগতে সিহঁতক গুৰুত্ব দিব লাগে।গুৰুত্ব নাপালে শিশুৱে মনত দুখ পায়। খঙাল বা বেছি আবেগিক শিশুক মৰমেৰে নিয়ন্ত্রণ কৰিব পাৰিব লাগে।শিশু মাত্ৰেই একে, কিন্তু সকলো শিশু একে স্বভাৱৰ নহয় বা একে মগজুশক্তি সম্পন্ন নহয়। শিশুৰ স্বভাৱ, বুদ্ধি বুজি সেইমতে তেওঁলোকক শিকাব লাগিব।এনে শিশু আছে যিসকলে প্ৰতিটো কামতে অবিস্মৰণীয় প্ৰদৰ্শন ডাঙি ধৰিব পাৰে, তেওঁলোক প্ৰতিভাশালী শিশু। তেওঁলোকে যিকোনো বিষয় খুব সোনকালে আয়ত্ব কৰে, মনত ৰাখে, সুন্দৰকৈ প্ৰকাশ কৰিব পাৰে। আনক প্ৰভাৱিত কৰিব পাৰে, নেতৃত্ব দিব পাৰে। এওঁলোক অসাধাৰণ প্ৰতিভাসম্পন্ন। এনে শিশুৱে কেৱল নিজৰ পাঠ্যপুথিতে আৱদ্ধ নাথাকি নিজতকৈ ডাঙৰ কিতাপ, আলোচনী আদি পঢ়ি জ্ঞান অৰ্জন কৰে। এওঁলোক উদ্দমী, ৰসিক হোৱাৰ উপৰিও অভিভাৱক, ওচৰ-চুবুৰীয়া সকলোৰে লগত সু-সম্পৰ্ক ৰক্ষা কৰিব পাৰে। এনে কৌতুহলী, আগ্ৰহী শিশুসকলৰ বাবে অভিভাৱকে বিশেষ কষ্ট নকৰিলেও হয়। কিন্তু, দুৰ্বল আৰু লেহেমীয়া শিশুৰ প্ৰতি সদায় মৰম, যত্ন আৰু সচেতনতাৰ অধিক প্ৰয়োজন হয়।শ্ৰেণীত প্ৰথম হোৱাটো মূল কথা নহয়, শিকিব লগীয়াখিনি শিকিব বিচৰাটোহে মূল কথা।আমি ডাঙৰ সকলেতো অহৰহ প্ৰতিযোগিতাতে দৌৰিছোয়েই, সেইবুলি আমাৰ শিশুবোৰকো সকলোকে পৰাস্ত কৰি আগলৈ যোৱাৰ ধাৰণা দিলে সিহঁতৰ সমাযোজনহীনতা বাঢ়িহে যাব। শিশুটিক সদায় শ্ৰেষ্ঠতা প্ৰদৰ্শনৰ বাবে উৎসাহ যোগাব লাগে, কিন্তু শ্ৰেষ্ঠতাৰ বাবে হেঁচা প্ৰয়োগ কৰিব নালাগে। সিহঁতৰ অধ্যয়নৰ প্ৰতি আগ্রহ বঢ়াবলৈ নিজেও অধ্যয়নশীল হ’ব লাগিব। নিজৰ শিশুটিক আনৰ লগত তুলনা কৰি আনৰ দৰে হ’বলৈ শিকোৱাতকৈ তাৰ ভাল গুণসমূহ- কে প্ৰশংসা কৰিব লাগে। আনৰ লগত তুলনা কৰিলে সিহঁতে অপমানবোধ কৰে। এইযে তুলনা কৰি যিকোনো কথা অভিভাৱকে শিশুক কয় বা গালি দিয়ে তাৰ ফলতো শিশুৰ মনত অসন্তোষৰ ভাব বাঢ়ি যায় আৰু তুলনা কৰা ব্যক্তিক বেয়া পায়। ফলত শিশুৰ সমাযোজন-হীনতা বৃদ্ধি পায়। শিশুক সদায় ইতিবাচক মন্তব্য কৰিব লাগে। শিশুৰ মন পঢ়ি, বুজি সিহঁতৰ কথা শুনি এক সুন্দৰ পৰিৱেশ দি শিশুক শিক্ষা দান কৰিব লাগে। আনৰ আগত সমালোচনা বা দাবি-ধমকি দিলে ই শিশুৰ মনত গভীৰ নেতিবাচক প্ৰভাৱ পেলায়। যাৰবাবেও শিশুৱে তাৰ সমাজৰ সতে মিলি যাব নোৱাৰা অৱস্থা হয়। বয়স্কজনৰ বাবে শিশু সকলো সমান আপোন। কিয়নো আজিৰ পিতৃ-মাতৃৰ বুকুৰ শিশুটি ভৱিষ্যতে যেতিয়া মানৱ-সম্পদ ৰূপে গঢ়ি উঠিব সি দেশৰ বা সমাজৰ হৈ পৰিব। সেয়ে শিশুৰ শিক্ষা, শিশুৰ ৰক্ষণাবেক্ষণ, শিশুৰ উন্নতিৰ হকে গঠনমূলক কাম কৰা সকলোৰে প্ৰধান কৰ্তব্য। শুকান পৃথিৱীক কোমলতা দান কৰিবলৈ আহিব খোজা শিশু এজাক শীতল বৰষুণ। উৰ্বৰা হোৱাৰ অপাৰ সম্ভাৱনীয়তা লৈ আহিছে তেওঁলোকে আমালৈ। দেশৰ সৰ্বস্তৰৰ শিশুৰ সৰ্বাংগীন উন্নতিয়েহে আমাৰ পৃথিৱীখন সুখৰ, শান্তিময় কৰি ৰাখিব পাৰিব।

 

কৌশল্যা বৰা
দেৰগাঁও