শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য মুখ্যমন্ত্ৰীৰ

শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। কিছুদিন পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লৈছিল জনতাৰ শিল্পী পৰিচিত ৰাজীৱ শদিয়াই। শদিয়াৰ মৃত্যুৰ পাছতে বিভিন্ন দল সংগঠনে চৰকাৰৰ ওচৰত তেওঁৰ পৰিয়ালৰলোকক সংস্থাপনৰ দাবী জনাইছিল। তাৰ মাজতে প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।মুখ্যমন্ত্ৰীগৰাকীৰ হৈ চাবুৱাত এই কথা সংবাদ মাধ্যমক জনালে বিধায়ক বিনোদ হাজৰিকাই ।বিধায়কগৰাকীয়ে কয় যে,প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াই অসমক লৈ গীত গাইছিল, তেওঁ অসমক ভাল পাইছিল। শদিয়াৰ মৃত্যুৰ সময়ত মুখ্যমন্ত্ৰী বিদেশত আছিল। এনে পৰিস্থিতিত, গণৰাজ্য দিৱসৰ সময়ত মুখ্যমন্ত্ৰীগৰাকী ডিব্ৰুগড়ত উপস্থিত হোৱাৰ সময়ত শদিয়াৰ বিধায়ক বলীন চেতিয়াই ৰাজীৱ শদিয়া সন্দৰ্ভত অৱগত কৰা হৈছিল।সেই সময়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজীৱ শদিয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ ঘোষণা কৰে। লগতে পৰিয়ালটোৱে ভৱিষ্যতে যাতে কোনো বিপদৰ সন্মুখীন নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে, ভোগালীৰ উৰুকাৰ দিনটোতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে আহিছিল এই দুঃখবৰ । তিনিচুকীয়াৰ ৰসবাৰী পৰ্যটন মেলাত গীত গাই থাকোতেই সকলোকে কন্দুৱাই কোনোদিনে গান গাব নোৱৰা এখন পৃথিৱীলৈ গুচি গৈছিল শিল্পীগৰাকী । ৰাজীৱ শদিয়াৰ অকাল মৃত্যুত আজিও ৰাজ্যত শোকাকূল পৰিৱেশে বিৰাজ কৰি আছে ।