শিল্পীক অপমান অসমৰ সাংস্কৃতিক বিভাগৰ
অসমৰ সাংস্কৃতিক বিভাগে যোৱা ১৩ মাৰ্চ ত অসমৰ ৪০ গৰাকী শিল্পীক চলচ্চিত্ৰ বঁটা প্ৰদান কৰিছিল।তাৰে ২০১৮ বৰ্ষৰ বাবে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটাটো ৰূপজ্যোতি দেৱীৰ পৰিবৰ্তে নাহিদ আফ্ৰিনক প্ৰদান কৰিছিল।যাৰ বাবে কাণ্ডজ্ঞানহীন অসমৰ সাংস্কৃতিক বিভাগটোৱে দুয়োগৰাকী শিল্পীকেই অপমান কৰিলে।ইমান ডাঙৰ এটা চৰকাৰী বিভাগে কিদৰে এনেধৰণৰ ভুল কৰিব পাৰে!এবাৰ অপমানিত হোৱাৰ পিচত সেই অপমান কোনোবাই উঠাই ল’ব পাৰিবনে?অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ অধ্যক্ষৰ দায়িত্বত থকা সীমান্ত শেখৰো এগৰাকী সংগীত শিল্পী।তেখেতৰ ক্ষেত্ৰত এনে হোৱা হ’লে কি কৰিল হেঁতেন?ইয়াৰোপৰি বঁটাৰ লগত দিয়া হৈছিল ধনৰ চেক্ ।মুঠ চল্লিছ গৰাকী শিল্পীৰ ভিতৰত ন গৰাকী শিল্পীৰ চেক্ বেংকে বাউন্স বুলি ঘোষণা কৰাৰ ঘটনাই পুনৰ উক্ত শিল্পী সকলকো অপমান কৰা হ’ল।চৰকাৰৰ এটা বিয়াগোম বিভাগৰ একাউন্টত পইচা নথকা ঘটনাই কি সূচাইছে?নে সেই একাউন্টত থাকিবলগীয়া ধনৰাশী অন্য কামত ব্যৱহাৰ কৰিছে?নে মন্ত্ৰীয়ে সেই একাউণ্টত থাকিবলগীয়া ধন আত্মসাৎ কৰিছে?এনেধৰণৰ বহু প্ৰশ্নই এতিয়া সচেতন জনতাক ভৱাই তুলিছে।চৰকাৰখন ইমান দেউলীয়া হ’ল নে?যাৰ বাবে এটা বিভাগৰ একাউণ্ট খালি !
সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পাছতে বিভাগীয় মন্ত্ৰী গৰাকীয়ে তদন্তৰ ঘোষণা কৰিছে।পিচে চৰকাৰী তন্ত্ৰৰ তদন্তত কি ওলাব সেই কথা সকলোৱেই জ্ঞাত।প্ৰকৃত অপৰাধীক ৰক্ষণাবেক্ষণ দি সাধাৰণ দুই এজনক দুখী সঁজাই মন্ত্ৰীয়ে বাঃ বাঃ ল’ব। ইয়াৰ পৰা এই কথা স্পষ্ট যে বৰ্তমানৰ চৰকাৰত থকা ব্যক্তি সকল একো একোজন অবিবেচক আৰু জ্ঞানশূন্য।তথাপি আমি ৰাইজে তেনেধৰণৰ ব্যক্তিকেই ৰাজ আসনত বহুৱাওঁ।ই সম্ভৱ হয় মাত্ৰ কেইটামান লোভৰ টকাৰ কাৰণে।যি সকলে তেওঁলোকক ৰাজ আসনত বহুৱাওঁ।সেই সকলকেই পৰৱৰ্তী সময়ত অপমানিত কৰি চৰকাৰে আনন্দ লাভ কৰে।এইয়া চৰকাৰৰ দুখ নহয়।আমাৰ সাধাৰণ জনতাৰহে দুখ।
সত্যজিৎ গগৈ
নাহৰকটীয়া,ডিব্ৰুগড়