শিলাখণ্ড
পুলিন ডেকা
হে সমর্পিত শিলাময় প্ৰান্তৰ
তোমাৰ ওঁঠত তুলি দিয়া সেই আদিম ৰহস্য
য’ত এখন অৰণ্যৰ স্তনত খামুচি আছিল
নগৰীয়া হাহাকাৰ
ভাবনাৰ গৰ্ভস্থ স্নায়ৱিক শীতলতাত
মই অহৰহ ডুবি থাকো একুৰা জুইৰ স’তে
আহত বতাহত আপ্লুত সময় কঁপি থাকে
তাত ফুলি থকা হেজাৰ পথৰুৱা হাঁহিত
গোলপীয়া উষ্ণতাৰ সতৃষ্ণ দৃষ্টি
য’ত বাজি থাকে অদ্ভুত যন্ত্ৰণাৰ শংখধ্বনি
শিলৰ বাহুত বিয়পি পৰিছে তেজ আৰু পানী
পুৱতি নিশাৰ কন্দন
এটা অনির্বাণ যাত্ৰাত পৰুৱাৰ সমদল
ঘাতকৰ হাতত বাজি থাকে যন্ত্রৱৎ তৃষ্ণা
এটা গভীৰতাৰ পৰা আন এক ক’লা সমুদ্রলৈ
তমসা সত্য অনুভূতি
নাচি থাকে বাদুলিৰ পাখিত
ৰমণীয়া সোঁতত পল্লৱিত হৈছে লঠঙা গছৰ ছাঁ
কি ৰূপোৱালী জ্বালা
এটুকুৰা শিলাখণ্ডৰ নিস্তব্ধতাত
মামৰৰ জুইকুৰাতে তিতি পাহাৰৰ শিখৰত
ৰৈ আছে পৃথিৱীৰ প্ৰাচীনতম
ৰহস্য।