শিলপুখুৰীত প্ৰস্তাৱিত ফ্লাই অভাৰ সম্পৰ্কে ৰাজহুৱা সভা

শিলপুখুৰীত প্ৰস্তাৱিত ফ্লাই অভাৰ সম্পৰ্কে ৰাজহুৱা সভা

ৰঙিলী বাৰ্ত্তাসেৱা- শিলপুখুৰী ৰাজহুৱা নামঘৰৰ সভাগৃহত দীঘলীপুখুৰীৰ পৰা নুনমাতিলৈ প্ৰস্তাৱিত ফ্লাই অভাৰ সন্দৰ্ভত ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত তেওঁলোকে ফ্লাই অভাৰৰ বিৰোধিতা কৰে আৰু মুখ্যত এটি প্ৰস্তাৱ লয়।সভাত প্ৰাক্তন মেয়ৰ কুশল শৰ্মাই ভাষণত কয়- ফ্লাই অভাৰ সন্দৰ্ভত চৰকাৰে যি ভূমি পৰীক্ষা কৰিছে, পৰীক্ষা মতে পিতনি আছে। যি কোনো কাম আদায় কৰিবলৈ হ’লে আন্দোলন, প্ৰতিবাদ কৰিবই লাগিব। পিছুৱাই থাকিলে কোনো কামত সফলতা লাভ কৰিব নোৱাৰি।সভাত ৩০ ডিচেম্বৰত ফ্লাই অভাৰ সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাব অথবা শিলপুখুৰী নামঘৰৰ প্ৰেক্ষাগৃহত দিনৰ ১১বজাত এটি সংবাদ মেল হ’ব বুলি হোৱাটচ এপ যোগে জনাব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত এই সভাত সভাপতিত্ব কৰে প্ৰাক্তন মেয়ৰ কুশল শৰ্মাই।সভাত উপস্থিত থাকে চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, শিলপুখুৰী ব্যৱসায় সন্থাৰ সভাপতি সঞ্জীৱ কলিতা, সন্থাৰ সদস্য ৰাজু কলিতা, সমাজকৰ্মী কাজী নেকিব আহমেদ, স্থায়ী বাসিন্দা পুষ্প দাসকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ফ্লাই অভাৰ সন্দৰ্ভত বিৰোধিতা কৰি বক্তব্য প্ৰদান কৰে৷