শিক্ষা গুৰুৰ প্ৰতি আমাৰ কৰ্তব্য- বন্দিতা শৰ্মা কন্দলী

pc- Cultural India

শিক্ষা গুৰুৰ প্ৰতি আমাৰ কৰ্তব্য

কৰ্তব্য মানে হৈছে কৰিবলগীয়া কাম। আমাৰ কৰিবলগীয়া কামনো কোনবোৰ সেই কথা আমি জানিব লাগিব নহয়নে বাৰু !আমি মানুহ হিচাপে জন্মগ্ৰহণ কৰিছো যেতিয়া আমাৰ জীৱনৰ কৰ্তব্যবোৰ ভালদৰে সম্পাদন কৰিলেহে নিজকে সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰিম।তাৰ বাবে আমি আমাৰ মানবীয় গুণসমূহৰ বিকাশ সাধন কৰিব লাগিব।এখন সুস্থ,সবল সমাজ গঢ়িবলৈ হ’লে সমাজৰ প্ৰতিজন ব্যক্তিয়েই মানবীয় গুণসমূহ অৰ্জন কৰি প্ৰকৃতাৰ্থত মানুহ হ’ব লাগিব।এয়াই হ’ল আমাৰ নিজৰ প্ৰতি কৰ্তব্য।আমাৰ নিজৰ প্ৰতি কৰ্তব্য অৰ্থাৎ গাইগুটীয়া কৰ্তব্যৰ উপৰিও কিছুমান সমুহীয়া কৰ্তব্য আছে।যেনে পিতৃ-মাতৃৰ প্ৰতি, পৰিয়ালৰ প্ৰতি,ওচৰ- চুবুৰীয়াৰ প্ৰতি,শিক্ষক সকলৰ প্ৰতি, বন্ধু-বান্ধৱৰ প্ৰতি কৰ্তব্য ইত্যাদি।
গ্ৰীক দাৰ্শনিক আলেকজেণ্ডাৰে কৈছিল “মোৰ পিতৃ-মাতৃয়ে মোক জন্ম দিছে, আৰু মোৰ শিক্ষা গুৰুসকলে মোক দিছে জীৱন”। শিক্ষা গুৰুসকলেই আমাৰ জ্ঞানৰ চকু মোকলায়। সেয়ে শিক্ষক সকলৰ প্ৰতি আমাৰ আচৰণত বিনয় আৰু ভক্তি থকা উচিত। প্ৰাচীন ভাৰতৰ গুৰুভক্তিৰ এটা মহৎ দৃষ্টান্ত আছে । কাহিনী উল্লেখ কৰিছোঁ। পুৰণি কালত ভাৰতবৰ্ষত ঋষি -মুনিসকলে নিজৰ ঘৰতে ৰাখি ছাত্ৰক বিদ্যা শিক্ষা দিছিল। অৰ্থাৎ ছাত্ৰ সকলে গুৰুগৃহত থাকি শিক্ষা গ্ৰহণ কৰিছিল। তেনে এজন ঋষি আয়োদ ধৌম্যৰ আৰুণি নামৰ এজন শিষ্য আছিল। তেওঁৰ গুৰুৰ প্ৰতি বৰ ভক্তি আছিল আৰু মনোযোগেৰে শাস্ত্ৰ অধ্যয়ন কৰি কম দিনৰ ভিতৰতে গুৰুৰ প্ৰিয় পাত্ৰ হৈ পৰিছিল। সেই সময়ত গুৰুৱে শিষ্যৰ বিশ্বাস, ভক্তি আদি পৰীক্ষা কৰি চাইহে শিষ্যৰ জ্ঞান লাভৰ বিষয়ত সন্তুষ্ট আৰু নিশ্চিত হৈছিল।ঋষিয়ে আৰুণি ৰ গুৰুভক্তিৰ প্ৰমাণ চাবলৈ এদিন আৰুণি ক ক’লে,– তুমি পথাৰলৈ গৈ আলিবোৰ ভালকৈ মাৰাগৈ;চাবা,যাতে খেতিৰ পৰা পানী ওলাই নাযায়। আৰুণি য়ে গুৰুৰ আজ্ঞা পালি পথাৰৰ আলি বান্ধি দিলে যদিও এফালেদি কোনো উপায়ে পানী ওলোৱা বন্ধ কৰিব নোৱাৰি নিজেই কাতি হৈ আলিত পৰি পানীৰ সোঁত বন্ধ কৰিলে। ইফালে আন্ধাৰ হোৱাৰ পিছতো আৰুণি ঘুৰি নহাত গুৰু ,শিষ্য সকলৰ সৈতে আৰুণি ক বিচাৰি গ’ল। তেওঁলোকে পথাৰত আৰুণিক তেনেদৰে পৰি থকা দেখি আচৰিত হ’ল যদিও গুৰুৱে সকলো কথা বুজি পালে আৰু গুৰুভক্তিত সন্তুষ্ট হৈ উদ্দালক নাম দি সৰ্বশাস্ত্ৰত গভীৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হ’বা বুলি আৰ্শীবাদ দি আশ্ৰমৰ পৰা বিদায় দিলে। আৰুণি য়ে গুৰুৰ আৰ্শীবাদ পাই গুৰুৰ চৰণত সেৱা জনাই ঘৰমুৱা হ’ল। এয়া গুৰুভক্তিৰ অমৰ কাহিনী। আমিও ১৯৬২চনৰ পৰা প্ৰতি বছৰে পাঁচ ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰি আহিছোঁ। সেই দিনটো হৈছে স্বাধীন ভাৰতৰ দ্বিতীয়জনা ৰাষ্ট্ৰপতি, শিক্ষাবিদ, দাৰ্শনিক, সাহিত্যিক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন। শিক্ষকতা আৰু শিক্ষা গুৰুৰ প্ৰতি থকা গভীৰ আস্থা আৰু ভক্তিৰ বাবেই তেখেতে নিজৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে সুখী হ’ম বুলি কৈছিল। বৰ্তমান সময়ত এনে গুৰুভক্তিৰ বিপৰীতে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক হে দেখা যায়।ই পৰিবৰ্তিত সময়ৰ অবদান। সমাজৰ প্ৰতিটো দিশতে বিশেষকৈ মানৱ সম্পদ সৃষ্টিৰ কাৰণে শিক্ষক সমাজৰ ভূমিকা অতুলনীয় ।শিক্ষকসকলো খোজে প্ৰতি নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সদাসচেতন হোৱা উচিত।এই শ্ৰদ্ধা,ভক্তি বলপূৰ্বক ভাৱে লাভ কৰা সম্পদ নহয়। শিক্ষকতা বৃত্তিৰ প্ৰতি থকা প্ৰেম , আন্তৰিকতা আৰু দায়িত্বই হে এজন শিক্ষকক সমাজৰ আদৰণীয় ব্যক্তি হিচাপে গঢ়ি তুলিব। আজি এই পবিত্ৰ শিক্ষক দিৱসৰ সুভক্ষণত প্ৰতি জন শিক্ষাগুৰুলৈ আমাৰ ভক্তিভৰা সেৱা আগবঢ়াইছোঁ।

বন্দিতা শৰ্মা কন্দলী।
দেৰগাঁও।