শাৰদীয় দূৰ্গাপূজা- হিমাদ্ৰী বৰকটকী

Pc- Deccan Herald

শাৰদীয় দূৰ্গাপূজা

“য়া দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্থিতা,

নমঃস্তসৈ নমঃস্তসৈ নমঃস্তসৈ নমো নমঃ”

     দূৰ্গা পূজা হ’ল এক ডাঙৰ উৎসৱ। মহালয়াৰ দিনা শক্তিৰ আৰাধ্য দেৱী দূৰ্গাক মৰ্ত্তলৈ আমন্ত্ৰন জনোৱা হয়। আৰু ইয়াৰ লগে লগে দূৰ্গা পূজা উৎসৱৰ আৰম্ভণি হয়। পৌৰানিক কাহিনী মতে দূৰ্গা দেৱীয়ে “ন” দিন যুদ্ধ কৰাৰ অন্তত “দহ” দিনৰ দিনা মহিষাসুৰক বধ কৰিছিল।

     মহিষাসুৰ দানৱৰ ৰজা ৰম্ভা অষুৰৰ পুত্ৰ আছিল। যি বহুত শক্তিশালী আছিল। পৌৰানিক কাহিনী মতে মহিষাসুৰৰ জন্ম পুৰুষ আৰু ম’হৰ সংযোগ ক্ৰমে হৈছিল। সেইবাবে তেওঁক মহিষাসুৰ বুলি কোৱা হয়। মহিষাসুৰে নিজৰ ইচ্ছা অনুসৰি ম’হ এথবা মানুহৰ ৰূপ ধাৰণ কৰিব পাৰে। মহিষাসুৰে অমৰ হোৱাৰ ইচ্ছাৰে ব্ৰহ্মাক তপস্যা কৰিবলৈ ধৰিলে। মহিষাসুৰৰ তপস্যাত ব্ৰহ্মাদেৱ সন্তুষ্ট হৈ তেওঁক বৰ খুজিবলৈ ক’লে। মহিষাসুৰে বহুত ভাবি-চিন্তি ব্ৰহ্মা দেৱক কলে যে- “মোক কোনো দেৱতা, অষুৰ বা মানৱ আদি কোনেও মাৰিব নোৱাৰে।” অৱশ্যে যাতে যি কোনো স্ত্ৰীৰ হাতত হে মোৰ মৃত্যু হ’ব। ব্ৰহ্মাদেৱে তথাস্তু বুলি কৈ আতৰি গ’ল। ব্ৰহ্মাৰ বৰ লাভ কৰি মহিষাসুৰ সকলো অষুৰৰ ৰজা হৈ পৰিল। তাৰপিছত মহিষাসুৰে পাতাল লোক আৰু মৰ্ত্তলোক যুদ্ধ কৰি অধিকাৰ কৰি ললে। মহিষাসুৰে তাৰপিছত ইন্দ্ৰলোকত বা স্বৰ্গলোকত যুদ্ধ কৰিলেগৈ। সকলো দেৱতা মহিষাসুৰৰ ওচৰতপৰাজয় বৰণ কৰিলে আৰু মহিষাসুৰ তিনিও লোকৰে অৰ্থাৎ স্বৰ্গ, মৰ্ত্ত আৰু পাতালৰ অধিপতি হ’ল। ইন্দ্ৰলোকৰ এই অৱস্থা দেখি সকলো দেৱতা ভগৱান বিষ্ণুৰ ওচৰলৈ গৈ এই সমস্যাটোৰ পৰা কেনেকৈ পৰিত্ৰান পাব পাৰি তাৰ উপায় বিচাৰিলে। তেতিয়া বিষ্ণুৱে ক’লে- সকলো দেৱতাই মা ভগৱতী মহাশক্তিৰ আৰাধনা আৰম্ভ কৰিবলৈ পৰামৰ্শ দান কৰিলে। দেৱতাসকলে আৰাধনাৰ ফলত ব্ৰহ্মা,বিষ্ণু আৰু মহেস্বৰৰ শৰীৰৰ পৰা এক বিশেষ “দিব্য জ্যোতি” নিৰ্গত হ’ল আৰু তাৰ ফলত এগৰাকী সুন্দৰ দেৱী প্ৰকট হ’ল। এই দেৱী গৰাকীয়েই মহিষাসুৰক বিনাষ কৰিবলৈ উৎপত্তি হৈছিল। এই গৰাকী দেৱীকে দেৱী দূৰ্গা বা মহিষমৰ্দ্দিনী বুলি কোৱা হয়। ইয়াৰ পাছত ভগৱান শিৱই দেৱীক দিলে ত্ৰিশূল, বিষ্ণুৱে দিলে চক্ৰ আৰু ইন্দ্ৰদেৱতাই দিলে দেৱীক নিজৰ বজ্ৰ। এনেদৰে সকলো দেৱতাই দেৱীক অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰিলে। পৰ্ব্বত ৰাজ হিমালয়ে দেৱীক এটা সিংহ দান দিলে দেৱীৰ বাহন হিচাপে। খনিকৰ দেৱতা বিশ্বকৰ্মাইও দেৱীক অস্ত্ৰ দি সহায় কৰিলে। দেৱী দূৰ্গাই দেৱতা সকলক মহিষাসুৰৰ কবলৰ পৰা মুক্ত কৰিম বুলি অস্বাস প্ৰদান কৰিলে। ইফালে দেৱীক দেখি মহিষাসুৰে দেৱীৰ প্ৰতি আকৰ্ষিত হৈ দেৱীক বিয়া কৰাবলৈ মন মেলিলে। মহিষাসুৰে দূতৰ সহায়ত দেৱীলৈ বিয়াৰ প্ৰস্তাৱ দিলে। মহিষাসুৰৰ এই প্ৰস্তাৱ শুনি দেৱী অতি ক্ৰোধিত হৈ মহিষাসুৰক যুদ্ধৰ বাবে আহ্বান কৰিলে। দেৱীয়ে মহিষাসুৰক মৃত্যুৰ বাবে সাজু হ’বলৈ সাৱধানৱানী শুনালে। দেৱীৰ বাণী শুনি মহিষাসুৰে যুদ্ধৰ বাবে সাজু হ’ল। এই যুদ্ধত অষুৰ সেনানীৰ এটা এটাকৈ মৃত্যু হ’ল। অৱশেষত মহিষাসুৰ দেৱীৰ ওচৰলৈ যুদ্ধ কৰিবলৈ আহিল। মহিষাসুৰে দেৱীক নানান ৰূপ লৈ চলনা কৰি মাৰিবলৈ চেষ্টাকৰিলে। মহিষাসুৰে অৱশেষত ম’হৰ ৰূপলৈ যুদ্ধ কৰিলে। এই যুদ্ধ ‘ন’ দিন কৰাৰ অন্তত অৱশেষত “দহ” দিনৰ দিনা দেৱী দূৰ্গাই ত্ৰিশূলৰ সহায়ত মহিষাসুৰক বধ কৰিলে। সেইবাবেই “ন” দিন যুদ্ধক সময়খিনি নৱৰাত্ৰি হিচাবে পালন কৰা হয়। আৰু দহ দিনৰ দিনা মহিষাসুৰক বধ কৰা দিনটোকে “বিজয়া দশমী” বুলি কোৱা হয়। সেই দিনা দেৱীক মৰ্ত্তৰ পৰা বিৰ্সজন দিয়া হয়।

     দূৰ্গা পূজা সাধাৰণতে অসম, পশ্চিমবংগ(বেংগল) উৰিষ্যা, আৰু ত্ৰিপুৰাত পালন কৰা হয়। কিন্তু আজিকালি প্ৰায় সকলো ঠাইতে দূৰ্গা পূজা অনুষ্ঠিত কৰা দেখা যায়। দূৰ্গা পূজা আনন্দৰ উৎসৱ। এই উৎসৱ বিশেষকৈ পাঁচ দিন ধৰি চলে। ষষ্ঠি, সপ্তমি, অষ্টমী, নৱমী আৰু দশমী। ষষ্ঠি দিনা বেলগছৰ তলত সন্ধিয়া পূজা অৰ্চনা কৰি দেৱীৰ বোধন , আমন্ত্ৰণ আৰু অধিবাস কৰা হয়। সপ্তমিৰ দিনা নৱপত্ৰিকা স্থাপন কৰি সপ্তমিৰ বিহিত পূজা আৰম্ভ কৰে। অষ্টমীৰ দিনা সন্ধি পূজা কৰা হয়। অষ্টমী আৰু নৱমীৰ মাজৰ সময় খিনিত সন্ধিপূজা কৰা হয়। এই পূজা দেৱী চামুন্দাৰ অৰ্থে কৰা হয়। ১০৮ গছি বন্তি এই সন্ধি পূজাত জ্বলোৱা হয়। নৱমীৰ দিনা ‘‘কুঁমাৰী’’ পূজা কৰা হয়। সৰু সৰু কুঁমাৰী ছোৱালীক পূজা কৰা হয়। দশমীৰ দিনা অপৰাজিতা ফুলৰ পূজা কৰা হয় আৰু দেৱীক বিসৰ্জ্জন দিয়া হয়। বিসৰ্জ্জনৰ অন্তত পূৰুদিতে শান্তি পানী চতিয়াই ভক্ত সকলক “বলয়া” পৰিধান কৰিবলৈ দিয়ে। “বলয়া” অপৰাজিতা ফুলৰ গছৰ ঠাৰিৰে হালধীয়া কাপোৰ মেৰিয়াই বনোৱা হয়। এই “বলয়া” পিন্ধিলে মঙ্গল হয় বুলি হিন্দুধৰ্মবলীৰ লোকসকলে বিশ্বাস কৰে। দশমীৰ দিনা মহিলাসকলৰ মাজত সেন্দুৰ খেলা হয়। বিবাহিত মহিলা সকলে ইজনীয়ে সিজনীক গালত সেন্দুৰ ঘঁহি ফুৰ্তি কৰে।

     দূৰ্গা পূজা হ’ল মুলতঃ শক্তি পূজা। কোনো কোনো ঠাইত এই পূজাত বলি দিয়া হয়। দেৱীৰ ওচৰত ম’হ, ছাগলী, হাঁহ, পাৰ,কোমোৰা বলি দিয়া হয়। এই বলিৰ প্ৰসাদ ভক্ত সকলে গ্ৰহণ কৰে। কিন্তু আজিকালি এই বলি বিধানৰ ক্ষেত্ৰত ঠায়ে ঠায়ে মানুহৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

     প্ৰত্যেক দিনাই দূৰ্গা গোসাঁনীৰ ওচৰত সন্ধিয়া আৰতি কৰা হয়। আৰতিৰ সময়ত দবা,শঙ্খ আৰু ধাকৰ শব্দত পূজা মণ্ডপ মুখৰিত হৈ থাকে।

     প্ৰত্যেক দিনাই দূৰ্গা গোসাঁনীৰ ওচৰত “ভোগ” চৰোৱা হয়। সেই ভোগ ভক্ত সকলক প্ৰদান কৰা হয়। লগতে প্ৰসাদো বিতৰণ কৰা হয়।

      সেইকেইদিন ল’ৰা-ছোৱালী বিলাকে ফুৰ্ত্তিত কব নোৱাৰা হয়। হাতে হাতে বেলুন, পিষ্টল, পেপা লৈ ক’ন ক’ন ল২ৰা-ছোৱালী মতলীয়া হৈ যায়। এই সময়ছোৱাত এক আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰি থাকে। লাইটৰ পোহৰত গোটেইখন জকমকাই থাকে। সেইবাবে মানুহে নতুন কাপোৰ কানিও ক্ৰয় কৰে, আৰু মিঠাই আদি গ্ৰহণ কৰে। দশমীৰ দিনা জেলেপি খোৱা এটা পৰম্পৰা। এই দীঘলীয়া আনন্দ উৎসৱৰ সমাপ্তিত সকলো মানুহৰে মন সেমেকি যায়।

     দশমীৰ দিনা আয়তি সকলে নাম-ঘুনেৰে, দবা শঙ্খৰ ধ্বনিৰে দেৱীক বিসৰ্জ্জন দিবলৈ নদীলৈ যায়। সেইকাৰণে সেই দিনটোক “বিজয়া দশমী” বুলি কোৱা হয়।

     বেলেগ বেলেগ প্ৰান্তত “দশমীৰ” দিনা “দশেৰা” উৎসৱ পালন কৰা হয়। পৌৰাণিক শাস্ত্ৰ মতে সেই দিনটোতে ৰামে- ৰাৱনক বধ কৰি ‘অয্যোদ্ধা’লৈ উভতি আহিছিল। সেইদিনা “অয্যোদ্ধাত” ৰামচন্দ্ৰৰ বিজয় উৎসৱ পালন কৰিছিল। “দশেৰা” দিনা ৰাৱনৰ প্ৰতি মূৰ্ত্তি দাহন কৰা হয়। সেইকাৰণে এই উৎসৱক “দশেৰা” উৎসৱ বুলিও কোৱা হয়।

     গতিকে,হিন্দুধৰ্মাৱলীৰ লোকসকলৰ এই দূৰ্গা পূজা উৎসৱ এক আনন্দৰ উৎসৱ। এই উৎসৱ শৰৎ কালত হোৱাৰ কাৰণে শাৰদীয় দূৰ্গোউৎসৱ বুলি কোৱা হয়।

     হিমাদ্ৰী বৰকটকী

     শিৱনগৰ,২নং উপপথ

     নগাঁও, অসম