শাৰদীয় বতৰতে সিংহাবাসনতে – যমুনা দুলু বৈশ্য

শাৰদীয় বতৰতে সিংহাবাসনতে

যমুনা দুলু বৈশ্য
শুৱালকুছি

মহালয়া ধৰিত্ৰীত উলাহ -মালহ চৌদিশ
নৱৰাত্ৰিৰে শাৰদীয় বতৰতে কৰে স্তুুতি
ন টা নামেৰে বসুদ্ধৰাত আৰতিৰে
স্বৰ্গৰ পৰা পৃথিৱীলৈ
অ মা শৈলপুত্ৰী প্ৰথমা নামে
ভক্তগণে কৰে আৰধনা দ্বিতীয় মা ব্ৰহ্মচাৰিণী ,
সৃষ্টি ,স্থিতি প্ৰলয়ৰ তুমি জগত মাতা ।
দয়াকৰা তৃতীয় নামে মা ,তুমি চন্দ্ৰঘন্টা
ক্ষমাৰে চোৱা চতুৰ্থ মা কুষ্মান্দা
হৃদয় আলোক কৰা পঞ্চমী মা স্কন্দমাতা
জনালোঁ স্বাগতম মা
সহানুভূতি হ’বলৈ সাহস দিয়া
ষষ্ঠী মা তুমি কাত্যায়ণী,
প্ৰেমভাৱে ধূপ-দীপে বন্দতাৰে
মাতিছো সপ্তমীতে মা ,কালৰাত্ৰি
সৎ শক্তি দিয়া অষ্টমী মা ,মহাগৌৰী
জগতমাতা নৱমীত মা সিন্ধিদাত্ৰী
শাৰদীয় বতৰৰ শুভদিনৰ
সিংহাবাসনতে মা দুৰ্গা দশভূজা
ভক্তিভাৱে পূজে নৰগণে
বিপদ নাশিনী দুৰ্গতি নাশিনী ত্ৰিনয়নী
চৰণে ধৰি কৰিলোঁ প্ৰণাম
দুৰ্গা মা দিবা দৰশন ।