শাহুবোৱাৰীৰ মাজত মতভেদ হ’লেও মনৰ ভেদ হব দিব নালাগে
শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )
আমি পৰিয়ালৰ বাবে জীয়াই থাকো আৰু পৰিয়ালৰ বাবে সমস্ত উজাৰি দিবলৈ প্ৰস্তুত ৷ পৰিয়ালৰ কাৰণে আমি সমস্ত জীৱন সমৰ্পিত কৰি দিওঁ ৷ বহু পৰিয়ালত দেখা যায় বোৱাৰী অহাৰ লগেলগে হাইকাজিয়া আৰম্ভণি হয় ৷ আমাৰ পৰিয়াল আমাৰ শক্তি সুখদুখত আমি সদায় একলগ হৈ থাকোঁ ৷ যেতিয়া পুৰুষ ঘৰত আহে তেতিয়া ভাবে ঘৰত খৱৰ লোৱাৰ বাবে সকলোৱে ৰৈ আছে ৷ ভাগৰে যুগৰে ঘৰ সোমাইছে কোনোবাই পানী এগিলাচ যাচিব ৷ ঘৰ এখনৰ গুৰিয়াল হ’ল শাহু আৰু বোৱাৰী ৷ যদি শাহু আৰু বোৱাৰীৰ মাজত মিলাপ্ৰীতি থাকে , শান্তি থাকে ,প্ৰেম থাকে মনৰ মিলন থাকে তেতিয়া সেই ঘৰ স্বৰ্গ সদৃশ হৈ পৰে ৷ আমি নাজানো অন্য কৰোবাত স্বৰ্গ আছে নে নাই ? কিন্তু শাহু আৰু বোৱাৰীৰ মাজত মিলাপ্ৰীতিয়ে ঘৰ স্বৰ্গ বনাব পাৰে ৷ যেতিয়া ছোৱালী এগৰাকী বোৱাৰী হৈ আহে তেতিয়া বোৱাৰীও কিছুমান সপোনলৈ ঘৰ সোমাই আৰু শাহুৱেকেও কিছুমান সপোন লৈ বোৱাৰীক আদৰি লয় ৷ দুয়োজনে যদি দুয়োজনকে বুজি লয় তেতিয়া সেই ঘৰখন স্বৰ্গ হৈ পৰে ৷ শাহুৱেকে আৰু বোৱাৰীৰ বাবে পৰিৱেশটো নতুন গতিকে বুজাবুজিৰ দৰকাৰ যথেষ্ট আহি পৰে ৷ বোৱাৰীয়ে শাহুৱেকক সদায় নিজৰ জন্মদাত্ৰী মাতৃৰ দৰে ভাবিব লাগে ৷ এজনী ছোৱালীয়ে দুবাৰ জন্ম লয় ৷ প্ৰথমবাৰ জন্ম হয় মাঁকৰ গৰ্ভৰ পৰা আৰু দ্বিতীয়বাৰ যেতিয়া বোৱাৰী হৈ আন এখন ঘৰত সোমাই ৷ বোৱাৰীয়ে সদায় শাহুৱেকক সন্মান কৰা উচিত কাৰণ যিখন ঘৰত বোৱাৰী হৈ প্ৰৱেশ কৰা হয় সেই ঘৰখন শাহুৱেকে এটকা দুটকা যোৰা লগাই নিৰ্মাণ কৰিছে ৷ ঘৰখনক কেতিয়াও যুদ্ধক্ষেত্ৰ বুলি ভাবিব নালাগে য’ত যুদ্ধ কৰিব পৰা যাৱ ৷ ঘৰ এখন হৈছে মৰম সমৰ্পণ আৰু ত্যাগৰ মন্দিৰ ৷ শাহুৱেকে যদি কিবা কথাত ভুল দেখি বোৱাৰীক গালি দিয়ে তেতিয়া কল্পনা কৰা উচিত যে গালি শাহুৱে দিয়া নাই বৰঞ্চ আপোনাৰ জন্মদাত্ৰী মাতৃয়ে আপোনাক গালি দিছে ৷ ভাষাৰ সালসলনিয়ে সকলো শুদ্ধ কৰে ৷ দালিত নিমখ বেছি হ’লে ভুল স্বীকাৰ কৰি মানি লবলৈ শিকিব লাগে ৷ পৰিৱৰ্তন একেদিনাই নহয় লাহেলাহে হয় ৷ যদি শাহুৱেকে খং কৰে তেতিয়া বোৱাৰীয়ে শান্তহৈ থাকিবলৈ শিকিব লাগে ৷ গিৰিয়েকক নিজৰ কৰ্ম কৰ্তব্য কৰিবলৈ বাধা দিব নালাগে ৷ ঘৰখনৰ প্ৰতি পুৰুষৰ বহু দায়িত্ব কৰ্তব্য থাকে ৷ পত্নীয়ে গিৰিয়েকক সমৰ্থন কৰিলেহে পত্নীয়ে গিৰিয়েকৰ পৰা সন্মান আৰু মৰ্যাদা পাব ৷ বোৱাৰীৰ মগজু সদায় শীতল আৰু মুখখন চেনিৰ দৰে মিঠা হ’ব লাগে ৷ ছোৱালী যদি নিজৰ মাকবাপেকৰ কাৰণে ৰাণী হয় তেতিয়া হ’লে লৰাও নিজৰ মাকবাপেকৰ কাৰণে ৰাজকুমাৰ হয় সেই কথা স্বীকাৰ কৰি ল’ব লাগে ৷ এগৰাকী আদৰ্শ বোৱাৰীয়ে সকলো কাম শুধি মেলি কৰে ৷ বোৱাৰীয়ে কেতিয়াও শাহুৱেকৰ আত্মসন্মানত আঘাত হানিব নালাগে ৷ এদিন বোৱাৰীও শাহুৱেক হ’ব লাগিব সেই কথাখিনি আজিয়েই কল্পনা কৰি কাম কৰিব লাগে ৷ সকলোৱে বিচাৰিব বোৱাৰীয়ে শাহুৱেকক সন্মান কৰাটো ৷ পোচাক বোৱাৰীয়ে সদায় ৰীতিনীতি অনুসৰি পিন্ধিব লাগে,এনে পোচাক কেতিয়াও পিন্ধিব নালাগে যাৰপৰা বিতৰ্কৰ সৃষ্টি হব পাৰে ৷ নিজৰ ঘৰখনত বোৱাৰী সদায় মহাৰাণী,ঘৰখন যদি বোৱাৰীয়ে আপোন কৰি ল’ব পাৰে তেতিয়া ঘৰখনৰ সকলো সদস্যয়ে আপোনাক আকোঁৱালি লবলৈ প্ৰস্তুত ৷ আজিকালিৰ যুগ বন্ধুত্বৰ যুগ গতিকে বন্ধুত্ব কৰিবলৈ শিকিব লাগে ৷ শাহুৱেক আৰু বোৱাৰীয়েকৰ মাজত মতভেদ হ’লেও মনৰ ভেদ হব দিব নালাগে ৷ মবাইলটোৰ সদব্যৱহাৰ হব লাগে,ঘৰৰ কথা আনৰ আগত প্ৰকাশ কৰাটো ভাল কথা নহয় ৷ মবাইলৰ পৰা আঁতৰত থাকি যিমানপাৰে কথা পাতিবলৈ শিকিব লাগে ৷ মাকবাপেকে ধ্যান দিয়া উচিত আৰু ছোৱালী বা বোৱাৰীক বুজাই দিয়াতো জৰুৰী যে প্ৰত্যেকটো কথা যাতে ঘৰৰ ভিতৰতে থাকে বাহিৰলৈ নেযায় ৷ পৃথিৱীত কোনো মানুহেই perfect নহয় গতিকে দোষগুণ সকলোৰে সৈতে ইজনেসিজনক স্বীকাৰ কৰিবলৈ শিকিব লাগে ৷ বেয়াখিনি ignore কৰি ভালখিনি আকোঁৱালি লব লাগে ৷ শাহুৱেকক ৰাজমাতৃ বুলি জ্ঞান কৰি সন্মান কৰি বোৱাৰীয়েকে ৰাণীৰ দৰে সুখ অনুভৱ কৰিব পাৰে ৷ এগৰাকী মহিলাৰ হাতত থাকে ঘৰখন স্বৰ্গ সজাব নে নৰক ? মনৰপৰা কৰ্তব্য সমূহ পালন কৰি ঘৰখন স্বৰ্গ কৰি তুলক ৷