শাওণত আকাশে বিনায়!
বিন্দু ৰাজবংশী কলিতা
শাওণ আহিলেই আকাশ খনে বিনায়।পানী ছাৰিওফালে মাথোন পানী।পানীৰ জৰজৰনি ,পানীৰ খলখলনি।নৃত্যৰতা শাওনে চৌদিশে বান্ধি লয় যেন মেঘমল্লাৰ ৰাগৰ ঘুংগুৰু।পৃথিৱীক শিকাই সৃষ্টিৰ নবতম মুদ্ৰা।
আকাশত ক’লা মেঘ জমিলে মোৰ বুকুখনো কি যে এক অনাবিল আনন্দত ভৰুন হৈ পৰে।উভটি যাও শৈশৱৰ সেই বৰষাৰ দিনবোৰলৈ।দেউতাই সাজি দিয়া কাগজৰ নাওঁ খন পানীপোতাত চলাই ফূৰ্তিত জপিয়াই থকা দিনবোৰলৈ।শাওণৰ বিননি শুনিলেই খাল বিল,পুখুৰী ভৰি পৰে,ভেকুলীয়ে নিজস্ব ভংগীমাত টোৰটোৰাবলৈ আৰম্ভ কৰে।মাটি ফুটি ওলাই আহে কেঁঁচু।কনমানি অনেক জীৱই প্ৰাণ পাই উঠে।সেউজীয়া হৈ পৰা ঘাঁঁহনিডৰাত জোকে পিলপিলাই উঠে।ভয়তে চিঞৰি উঠো অথচ ছাই ছাই হেপাঁহ নপলাই।
প্ৰতিশ্ৰুতিৰে ভৰা শাওণৰ বৰষুণ।ধৰনী সেউজীয়া কৰিবলৈ কলীয়া মেঘৰ ওৰণি ফালি নামি আহে বৰষুজাক।বৰষূনৰ সৈতে থকা কৃষকৰ সেউজীয়া সপোণবোৰ বাস্তৱায়িত কৰিবলৈ ধৰাৰ বুকু বিদিৰ্ন কৰে বৰষুণ জাকে।কবি হীৰেন ভট্টাচাৰ্যৰ ভাষাৰে”মোকে চহাই মৈয়াই শইচৰ গুটি সিঁঁচি দিয়া।চকুৰ পানীৰে জিপ দিম শিৰলুৱা বুকুৰ মাটি।হাড়-হিমজুৰ সাৰত লহপহকৈ বাঢ়িব উঠিব।ধান -মাহ সৰিয়হ শইচৰ সুদৃশ্য বৰ্ণমালা।” বৰষূণ মানেই মনৰ মাজত জিলিকি উঠে চপৰা চপৰে ক’লা মেঘেৰে ওফন্দি অহা আকাশখন..তাৰ লগে লগে চিকমিকাই উঠা বিজুলীৰ ৰেখাবোৰ ।এটোপ দুটোপ তাৰ পিছত নামি আহে ধাৰাসাৰ বৰষুণ।ফেনেফোটোকাৰে ভৰি পৰে লুইতৰ বুকু।ওফন্দি উঠে লুইতৰ গহীন বুকু। গৰমত দহিব ধৰা শৰীৰক শীতল কৰিবলৈ শাওণৰ বৰষুণ জাকত তিতিবলৈ মন যায় সকলোৰে।সেয়ে হয়তো গায়কৰ ওঁঠেৰে নিগৰিত হয়
“টোপাল টোপাল বৰষূণে আহি
চকুৰ পতাত চুমা সিচি দি যায়,
মেঘৰ নাচোনে পৃথিৱী কঁপালে
সেউজ অহাৰ আজি বাতৰি পাই।”
বৰষূণৰ স্পৰ্শত যেনেকৈ কৃষকে সপোন পুৰাবলৈ সাজু হয় ঠিক একেদৰে বৰষুণৰ অনুভৱে সৃষ্টি কৰে শিল্পী আৰু কবিৰ মনৰ অনেক গীত আৰু কবিতাৰ।কবিৰ বাবে বৰষুণ হৈ পৰে প্ৰেমৰ প্ৰতীক।সেইবাবেই চাগে অম্বিকা গিৰী ৰায়চৌধুৰীয়ে লিখিছিল
“তুমি মেঘৰ ওৰণি টানি
ঢালি যোৱা লাহৰী ৰজনী
তুমি বিজুলী হাৰেদি গাঁঁথি
বান্ধি দিয়া ব্ৰজৰ গৰ্জনি।
সুধাকন্ঠ ভুপেন হাজৰিকাইও গাইছিল”এতিয়া নিদিবা বৰষা বাটত আছে প্ৰিয়া, প্ৰিয়া অহাৰ পিছত ধাৰাসাৰ দিয়া….।আচলতে বৰষুণ অকল প্ৰেমৰেই নহয় ,অকল কৃষকৰেই বুকুৰ আশা নহয় বৰষুণ হৈছে সেউজীয়া জোনাক।সাহসৰ প্ৰতীক।সেইবাবেই ড°ভবেন্দ্ৰ নাথ শইকীয়াই লিখিছিল সেই প্ৰানভৰা গীতটো…..
“ক’ৰ এজাক সপোন যেন বৰষুণ
ধূলিৰ ওৰণি ঠেলি ভাহি আহে,ভাহি আহে
কোমল মাটিৰ গান গুণ গুণ গুণ গুণ
এজাক সপোন যেন বৰষুণ….
বৰষুণ হৈছে খেতিয়কৰ জীৱনীশক্তি।বৰষা ঋতুতে আমাৰ কৃষকসকলে খেতি পথাৰত সোনগুটি সিঁচে।শাওণৰ বৰষুণত তিতি তিতি কঠিয়া সিচে,পথাৰত বোকা দিয়ে ,আলি দিয়ে।কান্ধত বৈ নিয়ে মেটমৰা কঠিয়াৰ ভাৰ।বাৰিষাৰ বৰষুণ যেন চহা জীৱনৰ এটা ডাঙৰ উপহাৰ জীৱন জীয়াবৰ এটা নতুন প্ৰতিশ্ৰুতি।বৰষূণৰ অবিহনে গতি নাই কৃষকৰ।খেতিয়কৰ বাবে বৰষূনেই একমাত্ৰ ভৰষা। তাহানিতে আইতাই কৈছিল ফকৰা যোজনাফাকি
“আহক বাৰিষা কাতক পাত, ৰৈ যা ভিনিহি খাই যা ভাত।”
পিছে এতিয়া সলনি হৈছে প্ৰকৃতি,সলনি হৈছে পৃথিৱী। এতিয়া প্ৰকৃতি ৰুষ্ট,খঙাল।হয়তো মানুহৰ কিবা ভুল হৈছে।সলনি হৈছে শাওণৰ বৰষূণজাক।এতিয়া বৰষুণ নামি আহে মানুহৰ দুৰ্যোগ হৈ।নৈৰ বাঢ়নি পানীয়ে এতিয়া পলস নেপেলাই।কাঢ়ি নিয়ে দুখুনীৰ জীৱন।পলকতে উটুৱাই নিয়ে জীৱনৰ সমস্ত।দৰিদ্ৰ জনক কোঙা কৰি আতৰি যায় শাওনৰ বৰষুণজাক। বিগত কেইবাটাও বছৰত বৰষূণৰ ভয়াবহ বিভিষীকাই আতংক কৰিছে ৰাইজক।ৰাইজে প্ৰাৰ্থনা কৰি কাবৌ কৰি বাৰিষাক ক্ষমা খুজিছে ঠায়ে ঠায়ে।
তথাপিও আমি ৰৈ থাকো শাওণৰ বৰষূনজাকলৈ।অপেক্ষা কৰো সেউজীয়া জোনাকবোৰলৈ।আকৌ শাওণে বিনাবলৈ ধৰে।ভাল লগা আৰু শংকা মিশ্ৰিত মনোভাবেৰে মনত পৰে কবি সাহিত্যিক গিতীকাৰ কেশৱ মহন্তৰ সেই সাহস দিয়া গীতফাকিলৈ
“ৰাইজে মাৰিব ওখকৈ ভেটা
ঢলে এৰি যাব পলসৰ এঠা….।”