শদিয়াত ৭৩.৮৭ কোটি টকা ব্যয়সাপেক্ষে ১৩২/৩৩ কে ভি চাপাখোৱা গ্ৰীড উপ-কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন
অনলাইন বাৰ্ত্তাসেৱা – শদিয়াৰ ৰাইজৰ দীৰ্ঘদিনীয়া বিদ্যুতৰ সমস্যাৰ ওৰ পেলোৱাৰ লক্ষ্যৰে ৭৩.৮৭ কোটি টকা ব্যয়সাপেক্ষে ১৩২/৩৩ কে ভি চাপাখোৱা গ্ৰীড উপ-কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এই উপ-কেন্দ্ৰই প্ৰায় ২৫,০০০ গ্ৰাহকক সাঙুৰি লৈ শদিয়া আৰু সমগ্ৰ চুবুৰীয়া অঞ্চলটোৱে সন্মুখীন হৈ থকা বিদ্যুৎ সৰবৰাহৰ গুৰুতৰ সমস্যাটো সমাধান কৰিব প্ৰকাশ কৰে তেখেতে। বিদ্যুতৰ জটিল সমস্যাটোৰ বাবে চাপাখোৱাত এতিয়ালৈ কোনো উদ্যোগ স্থাপন হোৱা নাছিল। এতিয়া এই উপ-কেন্দ্ৰটো স্থাপনৰ পাছত অঞ্চলটোত বিভিন্ন ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ উদ্যোগ স্থাপনৰ দুৱাৰ মুকলি হ’ল বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।