শতবৰ্ষ গৰকা ঐতিহাসিক বৰপথাৰৰ দুৱৰণী শিৱ মন্দিৰত উপস্থিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী 

শতবৰ্ষ গৰকা ঐতিহাসিক বৰপথাৰৰ দুৱৰণী শিৱ মন্দিৰত উপস্থিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী 

ৰূপাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  শতবৰ্ষ গৰকা ঐতিহাসিক বৰপথাৰৰ দুৱৰণী শিৱ মন্দিৰত উপস্থিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী ৷ দুৱৰণী মন্দিৰ প্ৰকল্পৰ ভূমি পূজন উপলক্ষে আয়োজিত ৰুদ্ৰ যজ্ঞত অংশ লয় অধ্যক্ষগৰাকীয়ে৷ সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনৰ তত্বাৱধানত দুৱৰণীত নিৰ্মাণ হব ৮০ ফুট উচ্চতাৰ শিৱ মন্দিৰ ৷ ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলৰ আৰ্হিৰে নিৰ্মাণ কৰা হব এই নতুন মন্দিৰ প্ৰকল্প ৷ দুৱৰণী আলিচিগা অঞ্চলত উদ্ধাৰ হোৱা প্ৰত্নতাত্বিক সমল সংৰক্ষণৰ বাবে নিৰ্মাণ কৰা যাদুঘৰো পৰিদৰ্শন কৰিলে দৈমাৰীয়ে ৷