শক্তিপীঠ কামাখ্যা দেৱালয়ৰ দলৈ আৰু বৰদেউৰী সমাজৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ

Pc Facebook

শক্তিপীঠ কামাখ্যা দেৱালয়ৰ দলৈ আৰু বৰদেউৰী সমাজৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ

ৰঙিলী বাৰ্ত্তাসেৱা- শক্তিপীঠ কামাখ্যা দেৱালয়ৰ দলৈ আৰু বৰদেউৰী সমাজে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। তেওঁলোকে  মুখ্যমন্ত্ৰীগৰাকীক জনতা ভৱনত সাক্ষাৎ কৰি দেৱালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়। এই সাক্ষাৎকাৰৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে দলৈ আৰু বৰদেউৰী সমাজৰ সৈতে মত-বিনিময় কৰে। ঐতিহ্যমণ্ডিত শক্তিপীঠখন আৰু ইয়াৰ আশে-পাশে থকা ক্ষেত্ৰসমূহৰ উন্নয়ন আৰু অন্যান্য কাম-কাজৰ সৈতে জড়িত বিভিন্ন বিষয়তো মুখ্যমন্ত্ৰী ড০ শৰ্মাই আলোচনা কৰে। ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত দেৱালয় কৰ্তৃপক্ষক ৰাজ্য চৰকাৰৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতাৰ আশ্বাসো প্ৰদান কৰে। উল্লেখ্য যে, মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা দলটোত আছিল দেৱালয়ৰ বৰ দলৈ কবীন্দ্ৰ শৰ্মা, সৰু দলৈ হিমাদ্ৰী শৰ্মা, বৰদেউৰী সমাজৰ সচিব ভাস্কৰ শৰ্মা আৰু যুটীয়া সচিব জ্ঞান নাথ শৰ্মা।