শংকৰদেৱৰ অংকীয়া নাট আৰু নাৰী চৰিত্ৰ-বিন্দু ৰাজবংশী কলিতা

Pc live Seven Sister

শংকৰদেৱৰ অংকীয়া নাট আৰু নাৰী চৰিত্ৰ

বিন্দু ৰাজবংশী কলিতা

নাৰীৰ প্ৰতি শংকৰদেৱৰ উদাৰ দৃষ্টি ভংগী আছিল।তেওঁৰ সৃষ্টিসমূহত নাৰীৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু সহনশীল মনোভাৱ স্পষ্টতাৰে ফুটি ওলাইছিল।শংকৰদেৱৰ কাব্য অথবা ভক্তি মুলক গ্ৰন্থ সমূহত নাৰীক বিভিন্ন ক্ষেত্ৰত মহীয়সী ৰূপত প্ৰকাশ কৰি তুলিছে।তাৰ লগে লগে নাৰীৰ প্ৰতিবাদী ৰূপ এটাও তুলি ধৰিবলৈ সক্ষম হৈছে।উল্লেখনীয় যে তেওঁ ৰচনা কৰা চয়খন অংকীয়া নাটকতেই নাৰী চৰিত্ৰই মূখ্য ভূমিকা লোৱা দেখা যায়।শংকৰদেৱৰ ৰচিত চয়খন নাটক ক্ৰমে পত্নী প্ৰসাদ, কেলি গোপাল, কালীয় দমন,ৰূক্মিনী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়।প্ৰতিখন নাটকতে তেওঁ নাৰী চৰিত্ৰক অন্যতম ৰূপত প্ৰকাশ কৰিছে।নাটকৰ গভীৰতা আৰু অগ্ৰগতিত নাৰী চৰিত্ৰই একোটা বিশেষ ভূমিকা পালন কৰিছে।তলৰ চমু আলোচনাৰ পৰা সেই কথা বুজা যায়।
পত্নী প্ৰসাদঃ নাৰী চৰিত্ৰক অন্যতম ৰূপত তুলি ধৰা নাট সমূহৰ ভিতৰত পত্নী প্ৰসাদক প্ৰথম স্থানত থব পাৰি।এই নাটকখনত নাৰী বুলি কলে ব্ৰাহ্মণী সকলকে বুজা যায়।ব্ৰাহ্মণ পত্নী সকলে শ্ৰীকৃষ্ণ, বলোৰামৰ লগতে অন্যান্য গোপবালক সকলক ভোকাতুৰ অৱস্থাত নানাবিধ সুস্বাদু ব্যঞ্জনেৰে তৃপ্ত কৰিছে।নিজৰ স্বামী আৰু পুত্ৰ সকলৰ বাধা নামানি ব্ৰাহ্মণ পত্নী সকলে এটা মহানতাৰ পৰিচয় দিছে ।যি কাৰ্যৰ জৰিয়তে ভাৰতীয় মহিলাসকলৰ অতিথি পূজনৰ চৰিত্ৰ এটা সুন্দৰ ভাবে প্ৰকাশ পাইছে।
ৰূক্মিনী হৰণঃ ৰূক্মিনী হৰণ মূলত শ্ৰীকৃষ্ণ আৰু ৰূক্মিনীৰ প্ৰেম আৰু মিলনৰ কাহিনী।এইখন নাটকৰ প্ৰধান চৰিত্ৰটোৱেই হৈছে ৰূক্মিনী। ৰূক্মিনীৰ উপৰিও বান্ধৱী লীলাৱতী, মদনা, মঞ্জৰী আদি চৰিত্ৰ আছে যদিও ৰূক্মিনীক বিশেষ গুৰুত্ব দিয়া হৈছে।ৰূক্মিনী অতিকৈ তীক্ষ্ণ বুদ্ধি সম্পন্না,সুন্দৰী নাৰী ৰূপে চিহ্নিত হৈছে।তেওঁৰ এই গুণৰ প্ৰতি মোহিত হৈ প্ৰেমিক কৃষ্ণৰ এক বুজাব নোৱৰা ভাবৰ সঞ্চাৰ হৈছে।নাটকখনত ত্ৰিজগতৰ পতি নাৰায়নৰ ৰূপ সৌন্দৰ্যৰ বৰ্ননা শুনি ৰূক্মিনীৰ হৃদয়তো ভক্তি প্ৰেমৰ সৃষ্টি হৈছে আৰু কৃষ্ণক স্বামী ৰূপে পাবলৈ আকুল হৈ উঠিছে।জন্মে জন্মে কৃষ্ণক স্বামী ৰূপে পাব বিছাৰি কৈ উঠিছে””জন্মে জন্মে কৃষ্ণ হৈবন্ত মোৰ পতি”কৃষ্ণৰ প্ৰতি থকা গভীৰ প্ৰেমৰ বাবেই অনেক ৰজা মহাৰজাৰ বৈবাহিক প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি নিজৰ পিতৃ -মাতৃ ঘৰবাৰী ত্যাগি শ্ৰীকৃষ্ণৰ জীৱন সংগিনী হবলৈ আগবাঢ়িছে। তথাপিও পিতৃ গৃহ এৰি দ্বাৰকালৈ যোৱাৰ আগতে শোকত কাতৰ হৈছে।কৃষ্ণৰ সৈতে বিবাহত বাধা প্ৰদান কৰা প্ৰধান শত্ৰু নিজ ভাতৃ ৰূক্মকক খঙ কৰিছে যদিও শ্ৰীকৃষ্ণই কাটিবলৈ উদ্যত হওতে ভনীয়েকৰ চেনেহৰ শপত দি কৃষ্ণৰ ভৰিত পৰি ভায়েকৰ প্ৰাণ ভীক্ষা মাগিছে।ৰূক্মিনীৰ চৰিত্ৰত ভাৰতীয় নাৰীৰ পতিব্ৰতা, সুকোমল হৃদয়ৰ ছবি বিদ্যমান হৈ উঠিছে। নিসন্দেহে ৰূক্মিনী এগৰাকী মহীয়সী নাৰীৰ ৰূপত উপস্থাপন কৰা হৈছে।
পাৰিজাত হৰণঃ এই নাটকখন শংকৰদেৱে নৰকাসুৰ বধ আৰু পাৰিজাত হৰণৰ ঘটনাৰাজীক লগ কৰি অতি চতুৰতাৰে সৃষ্টি কৰিছে।নাটকখনত প্ৰধান নাৰী চৰিত্ৰ ক্ৰমে সত্যভমা ,শচী আৰু ৰূক্মিনী।ইয়াৰ ভিতৰত আটাইতকৈ শ্ৰদ্ধাশীল চৰিত্ৰটো হৈছে ৰূক্মিনী।ৰূক্মিনী হৈছে অপৰূপা, ধীৰ স্থিৰ ,মৃদুভাষিনী।তাৰ বিপৰীতে শচী আৰু সত্যভমা হৈছে মুখচালু অভিমানী ,অহংকাৰী ।নাটখনত শচী আৰু সত্যভমাক দুটা ঈৰ্ষাপৰায়ণ চৰিত্ৰত উপস্থাপন কৰিছে।নাৰীয়ে নাৰীৰ প্ৰতি ঈৰ্ষান্বিত হোৱা স্বভাৱৰ বাবেই শচী আৰু সত্যভমাৰ মাজত গালি গালাজ ,কথাৰ কটাকটিৰ সংলাপ দিয়া হৈছে।আনকি স্বয়ং শ্ৰীকৃষ্ণকো ভৰ্ৎসনা কৰা দেখা গৈছে।সহজ সৰল ৰূক্মিনীক অনেক ককৰ্থনা কৰিছে।এফালে শান্ত শীষ্ট ৰূক্মিনী আনফালে অহংকাৰী, ঈৰ্ষাপৰায়ন সত্যভমা আৰু শচীৰ মূখ্য চৰিত্ৰৰ মাজেৰে নাটকৰ কাহিনীয়ে গতি কৰিছে।
কালিয়দমনঃকালিয় দমন নাটকত নাগপত্নী,মাতৃ যশোদা আৰু ব্ৰজগোপী সকলেই হৈছে মূখ্য চৰিত্ৰ। যশোদা হৈছে অতিশয় ধাৰ্মিক এগৰাকী স্নেহময়ী মমতাময়ী মাতৃ।গকুলত হৈ অহা অপায় অমংগল বোৰক নাশ কৰি সকলোকে ৰক্ষা কৰি থকা কৃষ্ণ হৈছে গকুলবাসীৰ হিয়াৰ আমঠু।
কৃষ্ণৰ প্ৰতি গকুলবাসীৰ ইমানেই মৰম যে কৃষ্ণ অবিহনে তেওঁলোক বিৰহত কাতৰ হৈ পৰে।গকুল শূন্য বুলি ভাবে।কৃষ্ণই কালিয় নাগৰ নাগপাশৰ পৰা লগৰীয়া বোৰক উদ্ধাৰ কৰিছিল। সমগ্র গকুলত তেতিয়া আতংকৰ সৃষ্টি হয়।কণমানি কৃষ্ণই কালিন্দি নদীত কালিয় নাগৰ লগত যুদ্ধ কৰি থকা দৃশ্য মাতৃ যশোদাই সহিব পৰা নাই।পুত্ৰৰ স্নেহত ইনাই বিনাই বিলাপ কৰিছে।সেই বিলাপ শুনি সকলোৰে হিয়া শোকত ম্ৰিয়মান হৈ পৰিছে।এগৰাকী মাতৃৰ পুত্ৰ স্নেহ আৰু অকৃত্ৰিম মমতাক সুন্দৰ ভাবে প্ৰদৰ্শন কৰা হৈছে।
কেলিগোপালঃ ভাগৱতৰ দশম স্কন্ধৰ পৰা কেইটামান অধ্যায়ৰ সৰু সৰু কাহিনী ভাগেৰে কেলিগোপাল নাটখন সৃষ্টি কৰা হৈছে।নাটকখনত নাৰীৰ প্ৰেম আৰু সুন্দৰৰ আৰাধনাক অতি মনোৰমভাবে প্ৰকাশ কৰা হৈছে।এই নাটকখনত গোপীসকল হৈছে মূখ্য নাৰী চৰিত্ৰ।কৃষ্ণৰ প্ৰতি থকা অগাধ প্ৰেমক গোপী সকলে কেনেকৈ নিবেদন কৰিছিল তাকে উপস্থাপন কৰা হৈছে।শ্ৰীকৃষ্ণৰ ৰূপ সৌন্দৰ্য আৰু ঐশ্বৰিক মহিমাত মুগ্ধ হৈ কিদৰে কাম-বন -,ঘৰ-বাৰী এৰি কৃষ্ণৰ ওছৰলৈ ঢাপলি মেলিছে তাকে প্ৰকাশ হৈছে।মূলতঃ ইয়াতে কেৱল ভক্তি প্ৰেমকহে প্ৰাধান্য দিয়া হৈছে।শাস্ত্ৰ মতে ভগৱানক ভক্ত সকলে পাঁঁচ প্ৰকাৰে লাভ কৰিব পাৰে।সেয়া হ’ল – দাস ভাবে, পিতৃ-মাতৃ ভাবে, বন্ধু ভাবে , বৈৰী ভাবে, আৰু প্ৰেমিক বা পত্নী ভাবে।কেলিগোপাল নাটকত কৃষ্ণক গোপীসকলে প্ৰেমিক বুলি ভাবে যদিও এয়া কেৱল ভক্তি প্ৰেমহে।
ৰাম বিজয়ঃ এই নাটকখন কাহিনী ভাগ বাল্মিকী ৰচিত ৰামায়নৰ আদি কাণ্ডৰ পৰা লোৱা হৈছে।শংকৰদেৱ বিৰচিত ৰাম বিজয় তেওঁৰ জীৱনৰ অন্তিম নাটক।নাটখনৰ প্ৰধান চৰিত্ৰ হৈছে জনকনন্দিনী সীতা।নাটখনত সীতাক অতিশয় ধৰ্মপৰায়নী ,পতিব্ৰতা ৰূপত দেখুৱাইছে।সীতাৰ অন্তৰত প্ৰেম, ভয়, শংকা, দুৰ্বলতা সকলো চৰিত্ৰই ফুটাই তোলা হৈছে।নাটকখনত সীতাক ৰাজকুমাৰীৰ ৰূপত নেদেখুৱাই কেৱল ৰামৰ ভক্ত, পতিব্ৰতা, অতি অজলা,সখী প্ৰিয় সুশীল নাৰী এগৰাকীৰ ৰূপত উপস্থাপন কৰিছে।ৰামচন্দ্ৰক লগ পোৱাৰ আগতেই সীতাৰ প্ৰেমৰ পুৰ্বৰাগ হোৱা দেখুৱাইছে।