ল’ৰালিৰ কথাবোৰ
মুন শৰ্মা, লখিমপুৰ
সেই দিন কি যে দিন! অতি মনোমোহা,
ভাবিনো কিমান হেঁপাহৰ দেখোন অন্ত নহয়,
নানা বিধ ধেমালিৰ মিঠা মিঠা লগা,
ল’ৰালিৰে বিভিন্ন মিঠা মিঠা কথা।
জলফাই পাতৰ মুকুট পিন্ধি কৰা ধেমালি
দৰা -কইনা ৰজা- ৰাণী বিভিন্ন খেলা,
টকোৱাত বনোৱা ভাত , বালি ঘৰ সজা,
ভেকুলীৰ বিয়াৰ সেই বিশেষ দিনাৰে কথা!
বাৰিষাত বৰশী, খৰালিত লেচেৰি ,
মজাই বেলেগ সেই কাম ফেৰা কৰা,
আম ,কঁঠালৰ দিনত আমি চোৰৰ জাত হোৱা,
হাফ পেডেল মাৰি চলোৱা চাইকেল,
অথালি পথালি হৈ পৰো কেতিয়াবা,
মনত পৰিলে উঠে হাঁহি বৰ ভাল লগা।
আৰু কওঁ ,কিনো কওঁ ল’ৰালিৰে কথা!
সীমাহীন, অনন্ত ল’ৰালিৰে কথা ;
নোৱাৰিম পাহৰিব আজীৱন কথা!
নষ্টালজিক হৈ থাকিব ই সমগ্ৰ জীৱন।