লোক পৰিৱেশ্যকলাৰ এক অন্যতম অংগ :বাৰে চহৰীয়া ভাওনা
অসমৰ সত্ৰ নামঘৰ সমূহত গুৰু দুজনাৰ ভাওনা সমুহ অনুষ্ঠিত কৰি অহাৰ কথা সকলোৰে জ্ঞাত । জামুগুৰিহাটত অনুষ্ঠিত এই বাৰে চহৰীয়া ভাওনা নিশ্চয় ১৮২৬ চনৰ পাছৰ এক নান্দনিক আৰু বিস্ময়কৰ ৰূপ ( আলম লৈ)।। ইয়াৰ আগতে চতিয়াত এই ভাওনা অনুস্থিত হৈ আহিছিল । বিজ্ঞজনে কয় যে “এই বাৰে চহৰীয়া ভাওনা হেনো হেজাৰী ভাওনাৰ এটা সংক্ষিপ্ত ৰূপ”।
“বাৰে চহৰীয়া ভাওনা”পৰিৱেশন কৰিবলৈ খৰালি সময় উপযুক্ত বুলি ধৰা হয় আৰু ইয়াৰ বাবে এখন মঞ্চ প্ৰতিষ্ঠা কৰা হয় । মঞ্চখন জোখ_মাপ কৰি প্ৰতিষ্ঠা কৰে , মঞ্চৰ সোঁমাজতে নিৰ্মাণ কৰে ২০ফুট দীঘল এটা মনিকুট। মণিকূটক কেন্দ্ৰ কৰি চাৰিওদিশে তৈয়াৰ কৰা হয় ভাওনাৰ খলা । সোমাজৰ মঞ্চখন বৰ ওখকৈ নিৰ্মাণ কৰা হয় আৰু ইয়াৰ তলৰ মধ্যভাগত যথাৰীতিৰে ভাগৱত পুৰাণ প্ৰতিষ্ঠা কৰে ।মণিকুটৰ ঠিক ওপৰত সিংহাসন প্ৰতিষ্ঠা কৰে আৰু ইয়াত পৰম্পৰাগত ভাৱে শ্ৰীমদ্ভাগৱত ভাগৱত পুৰাণ প্ৰতিষ্ঠা কৰিব লাগে বুলি নিয়ম । মাজভাগত প্ৰসংগ আদিৰ বাবে ৩০ফুট খালি ঠাই ৰখা হয় ।
বাৰে চহৰীয়া ভাওনা এই শব্দটিৰ অভিধানগত অৰ্থ হ’ল বাৰখন চহৰ বা গাওঁ। অসমৰ সামাজিক জীৱনটোক বুজোৱাৰ বাবে এই শব্দটিৰ প্ৰয়োগ কৰা হয় । বাৰ শব্দটোৱে অনেক , বহুতঅৰ্থ প্ৰয়োগ কৰা হয় । বিভিন্ন গাঁৱৰ পৰা আহি ভাওনাৰ দলবোৰে এই মহোৎসৱত অংশগ্ৰহণ কৰে কেতিয়াবা এনে দলৰ সংখ্যা ২০_২৪টালৈকে যাব পাৰে ।
এই বাৰে চহৰীয়া ভাওনা দুদিন ধৰি চলে । প্ৰথমদিনা ৰাতিপুৱা পৰা নাম-প্ৰসঙ্গ চলে এই অনুষ্ঠানক একপ্ৰকাৰৰ মংগলাচৰণ অনুষ্ঠান বুলি ক’ব পাৰি । মুল ভাওনা আৰম্ভ হয় ৰাতি ৯ বজাত । ষাঠিৰ পৰা আশী হাজাৰ মানুহে উপভোগ কৰা এই বাৰে চহৰীয়া ভাওনা আকৌ প্ৰতি বছৰে অনুষ্ঠিত নহয় । ৫বছৰৰ মুৰে মুৰে এই ভাওনা অনুস্থিত হৈ আহিছে , সেইবাবে দৰ্শকৰ অত ভিৰ ।
এই বাৰে চহৰীয়া ভাওনাৰ আৰম্ভনিতে গায়ন-বায়ন আৰু ধেমালিৰ পৰ্বৰে সুচিত হয় ।ডবা আৰু বৰকাহ বাজি উঠাৰ লগে লগে যিটো দলে নাট মেলিব সেই দলটিৰ নাটখন এখন ফুলাম গামোচাৰে মেৰিয়াই শৰাইসহ নাটখন নিজৰ খলাৰ আগত লৈ শাৰীপাতি আঠু লৈ সেৱা কৰে যাতে কোনো অপায় অমংগল নোহোৱাকৈ তেওঁলোকে নাট পৰিৱেশন কৰিব পাৰে । শ্লোকৰ ভাঙনি আৰু জোৰনি পৰ্বৰে অগ্নিগড় অতিক্ৰম কৰি মণ্ডপৰ চাৰিওফালে প্ৰদক্ষিণ কৰে আৰু নিজৰ খলাত উপনীত হৈ শাৰী পাতি থিয় হয় আৰু বায়নসকলে মুল ভাওনা আৰম্ভ কৰে । প্ৰতিটো দলে যিহেতু নিজৰ পছন্দৰ পৰা নাট মেলে কিন্তু মূল নাটখন শংকৰদেৱৰ ছয় পৰিসৰৰ নাটৰ পৰাহে নিৰ্বাচিত হয় । ইয়াৰ বাহিৰেও পূৰ্ণ সংলাপ , হাস্য _বংগ প্ৰধান নাটকবোৰহে মঞ্চত পৰিৱেশন কৰা হয় । এনে নাটৰ ভিতৰত দুশাসনৰ ৰক্তপান,খটাসুৰ বধ,অঘাসুৰ বধ,সীতাহৰণ,বালী বধ,গদা পৰ্ব আদি । বাৰে চহৰীয়া ভাওনাত হেজাৰ হেজাৰ মানু্হে অংশগ্ৰহণ কৰে যদিও ইয়াত কিন্তু কোনো শব্দ বিবধক যন্ত্ৰৰ ব্যৱহাৰ কৰা নহয় ।
এই ভাওনাত জীয়াই আছে লোক সাধাৰণ । এই ভাওনা জনসাধাৰণৰ বাবে ,লোক সাধাৰণৰ বাবে । এই ভাওনা বৰ্তিও আছে সাধাৰণ মানুহৰ বাবেই । ই আধ্যাত্মিক ভাৱ, ভাতৃত্বৰ ভাৱ , একত্ব ভাৱ সৃষ্টি কৰাই এই লোকপৰিৱেশ্যকলা বিধৰ মুল লক্ষ্য । এক জনশ্ৰুতি অনুসৰি এবাৰ হেনো জামুগুৰিহাটত বৰ বেয়াকৈ হাইজা মহামাৰী হৈছিল । বহুত মানুহ মৰাত জামুগুৰিহাটৰ ভকত বৈষ্ণৱ সকলে বাৰে চহৰীয়া ভাওনা পাতি সেৱা আগবঢ়াওৱাত এই হাইজা মহামাৰী সাম কাটে । তেতিয়াৰ পৰাই প্ৰতি পাঁচ বছৰৰ মূৰত এই ভাওনা অনুস্থিত হৈ আহিছে বুলি বিশ্বাস আছে । ।
পৰী কৌশিক শৰ্মা
অসম মহিলা বিশ্ববিদ্যালয়
স্নাতকোত্তৰ শাখা(দ্বিতীয় ষান্মসিক-অসমীয়া বিভাগ)