লেফটেনেণ্ট জেনেৰেল অনিল চৌহান (অৱসৰপ্ৰাপ্ত)ক চিডিএছ হিচাপে নিযুক্তি 

Pc Hindustan Times

লেফটেনেণ্ট জেনেৰেল অনিল চৌহান (অৱসৰপ্ৰাপ্ত)ক চিডিএছ হিচাপে নিযুক্তি 

ৰঙিলী বাৰ্ত্তাসেৱা-  জেনেৰেল অনিল চৌহানক (অৱসৰপ্ৰাপ্ত) চৰকাৰে পৰৱৰ্তী চীফ অব্‌ ডিফেন্স ষ্টাফ [চি ডি এছ] হিচাপে নিযুক্তি দিয়ে৷ চৌহানে সামৰিক পৰিক্ৰমা বিভাগত ভাৰত চৰকাৰৰ সচিব হিচাপেও কাম কৰিব৷ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এই কথা কয়৷ প্ৰায় ৪০  বছৰীয়া কৰ্মজীৱনত লেঃ জেঃ (অৱসৰপ্ৰাপ্ত) চৌহানে কমাণ্ড, ষ্টাফ আৰু ইনষ্ট্ৰুমেণ্টত কাৰ্যনিৰ্বাহ কৰিছিল৷ জম্মু আৰু কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহী-বিৰোধী অভিযানৰ বিস্তৃত অভিজ্ঞতাৰে পুষ্ট চৌহানৰ জন্ম হৈছিল ১৯৬১ চনৰ ১৮ মে’ত৷ সামৰিক বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰণকৌশলৰ বিষয়বোৰলৈ অৰিহণা আগবঢ়াই আছিল৷ সামৰিক বাহিনীত অতি উল্লেখযোগ্য আৰু বৰ্ণাঢ্য সেৱাৰ বাবে চৌহানক পৰম বিশিষ্ট সেৱা মেডেল, উত্তম যুদ্ধ সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেল, সেনা মেডেল আৰু বিশিষ্ট সেৱা মেডেল প্ৰদান কৰা হৈছিল৷