লেখকৰ নিসংগতা-পুলিন ডেকা

Pc- Sherors

লেখকৰ নিসংগতা

পুলিন ডেকা

এজন লেখকৰ সৃষ্টিশীলতাক মহীয়ান কৰাৰ বাবে নিসংগতাৰ কিমান প্ৰয়োজনঞ্জ নিসংগতাই লেখকৰ সৃষ্টিশীল চেতনাক কিমানদূৰ প্ৰভাৱিত কৰিব পাৰেঞ্জ এনেবোৰ বিষয় অৱশ্যে যুক্তিসংগত দৃষ্টিভংগীৰে বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে৷ এগৰাকী লেখকে সমাজবীক্ষাৰ সামগ্ৰিক ধাৰণাৰে অহৰহ আত্মজিজ্ঞাসাৰ সন্ধান কৰে৷ কৃচ্ছ্ৰ সাধনা, ঐকান্তিকতাৰ মাজত সৃষ্টিৰ যি চেতনা, সেয়া নীৰৱতাৰ বহিপ্ৰকাশ৷ প্ৰশ্ন হ’ব পাৰে সমাজবিচ্যুত লেখক এজনে প্ৰচুৰ কল্পনা শক্তিৰে পাঠকৰ হৃদয়বৃত্তক আকৰ্ষণ কৰিব পৰা কালজয়ী সাহিত্য সৃষ্টি কৰাটো সম্ভৱনে? নীৰৱ সাধনা প্ৰসংগত ড॰ বাণীকান্ত কাকতিয়ে কৈছিল—‘পৃথিবীৰ বুৰঞ্জীত বা ভাবমণ্ডলীত যিসকল পুৰুষে আটাইতকৈ বেছি খলকনি লগাই গৈছে, সেইবোৰ পুৰুষৰ আঁতি-গুৰি বিচাৰিলে দেখা যাব যে তেওঁলোকে কাৰো চকুতেই পৰাবিধৰ লোক নাছিল৷ পাঁচশ বছৰ পূৰ হোৱা নাই ছেইক্সপীয়েৰক লৈ কাব্যজগত তোলপাৰ৷ অথচ ছেইক্সপীয়েৰ কোন আছিল, কি কৰিছিল কোনেও গম পোৱা নাই৷ বহুতে তেনে মানুহ নাই বুলিয়েই ক’ব খোজে৷ সেইদৰে আমাৰ কালিদাসৰ বিষয়েও বুৰঞ্জী নিমাত৷ অথচ ভাৰতীয় কাৰ্য্যজগত তেওঁৰ গৌৰৱেৰে গৌৰৱাম্বিত৷ ’ বিশ্ববিশ্ৰুত বহু প্ৰসিদ্ধ লেখকে নীৰৱে জীৱনজোৰা সাধনাৰে বিশ্ব সাহিত্যলৈ অমূল্য অবদান যোগাই গৈছে৷ নীৰৱতাৰ মাজেৰে কাল্পনিক স্বত্ব বা আদৰ্শৰ সপোন বাস্তৱত পৰিণত কৰিব পৰা যায়৷ বৌদ্ধিক চেতনা এক সৃজনাত্মক কলা৷ যাৰ মাজত নিহিত থাকে সমাজ ৰূপান্তৰ অথবা ঐতিহাসিক সত্য৷ নিসংগতাই নীৰৱতাৰ আচ্ছাদন গঢ়ি তোলে৷ ভাৰতীয় ধ্ৰুপদী মহাকাব্যসমূহৰ মাজেৰে নীৰৱতাৰ প্ৰয়োজনীয়তাক তুলি ধৰিবলৈ গৈ ঋষি, দৈত্য-দানৱসকলে কঠোৰ তপস্যাৰ জৰিয়তে সাধনাত মগ্ন হৈ অভিষ্ট সিদ্ধি কৰাৰ অলেখ কাহিনী পোৱা যায়৷ ১৯৫৪ চনত সাহিত্যৰ নোবেল বঁটা গ্ৰহণ কৰি দিয়া ভাষণ প্ৰসংগত মহান লেখক আৰ্নেষ্ট হেমিংৱেই কৈছিল— ‘এটা অকলশৰীয়া জীৱন লেখকৰ ক্ষেত্ৰত উত্তম জীৱন৷ লেখকৰ বাবে সংগঠনে নিসংগতাক দূৰ কৰে৷ কিন্তু ইয়াৰ দ্বাৰা তেওঁৰ লেখাৰ উন্নতি হয় নে নহয়, তাক লৈ মোৰ সন্দেহ আছে৷ নিজৰ নিসংগতাক পৰিহাৰ কৰাৰ লগে লগে তেওঁৰ ৰাজহুৱা উচ্ছতা বৃদ্ধি পায় আৰু প্ৰায়ে তেওঁৰ কামৰ অৱনতি ঘটে৷ কাৰণ তেওঁ নিজৰ কাম অকলেই কৰে আৰু তেওঁ যদি যথেষ্ট ভাল লেখক হয়, তেন্তে তেওঁ প্ৰতি দিনে অনন্তকাল বা ইয়াৰ অভাৱৰ সম্মুখীন হ’ব লাগিব৷ ’
লিখাটো সৰ্বোত্তম ৰূপত এক অকলশৰীয়া জীৱন৷ এগৰাকী সাহিত্যিকৰ নিসংগতাৰ মাজেৰে সৃষ্ট লেখাই পাঠকক সামাজিক সত্তাৰ স্বৰূপ প্ৰদান কৰে৷ মানুহৰ মাজত মিলনৰ ঐক্যন গঢ়ে৷ লেখকৰ সেই নীৰৱ সৃষ্টিশীলতাই সমগ্ৰ মানৱ সমাজৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰে৷ উদ্ভাসিত কৰিব পাৰে আলোকময় গতি৷ মানৱীয় স্বৰূপৰ সামগ্ৰিকতা৷ ডেভিড ফষ্টাৰ ৱালেছৰ মতে, সাহিত্যৰ আটাইতকৈ ডাঙৰ লক্ষ্য সংযোগ স্থাপন, প্ৰত্যাহ৩ান জনোৱা আৰু মানুহক অকলশৰীয়া হোৱাৰ পৰা মুক্ত কৰা৷ এজন লেখকে নিজেই নীৰৱতাৰ পথিক হোৱা সত্ত্বেও মানুহক নিসংগতাৰ পৰা মুক্ত কৰিব বিচাৰে৷ এয়া হৈছে এজন লেখকৰ সামাজিক দায়বদ্ধতাৰ স্বৰূপ আৰু মানৱীয় চেতনাৰে সিক্ত এক চেতনা৷ সাহিত্যিকৰ চিন্তাৰ যি বিন্যাস তাত বহু দূৰম্ভ ভাবনাই ক্ৰিয়া কৰে৷ নিজৰ সৃষ্টিক সৰ্বোচ্ছ শিখৰলৈ নিয়াৰ, প্ৰয়াস কৰে৷ আমেৰিকান কবি ৰেমণ্ড কাৰ্ভাৰে তেওঁ গাড়ীত প্ৰায়ে নোটপেডত লিখিছিল৷ কিন্তু ইয়াৰ অৰ্থ এইটোৱে নহয় যে প্ৰতিজন লেখকে অকলশৰীয়া সত্তাৰে সৃষ্টিৰ চেতনাত মগ্ন হ’ব লাগিব৷ নিসংগতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো এগৰাকী লেখকৰ বাবে কঠিন কাম৷ এজন লেখক নিসংগ হোৱাটো বাধ্যতামূলক হ’ব নোৱাৰে৷ ব্ৰেকিং বেডখ্যাত ভিন্স গিলিগানৰ দৰে বহু চিত্ৰনাট্যকাৰে আন লেখকৰ সৈতে এটা কোঠাত ঘণ্টাৰ পিচত ঘণ্টা চিত্ৰনাট্য তৈয়াৰ কৰিছিল৷ কিন্তু বহু লেখকৰ বাবে চিন্তা আৰু সৃষ্টি কৰিবলৈ সময় আৰু নিসংগতাৰ প্ৰয়োজন৷ আমেৰিকাৰ কল্পবিজ্ঞানৰ লেখক তথা অধ্যাপক আইজাক আছিমভে এবাৰ কৈছিল যে সৃষ্টিশীলতাৰ ক্ষেত্ৰত বিচ্ছিন্নতাৰ প্ৰয়োজন৷ সৃষ্টিশীল ব্যক্তিয়ে যিকোনো ক্ষেত্ৰত নিৰন্তৰভাবে কাম কৰি থাকে৷ লেখক এগৰাকী সচেতন নহ’লেও তেওঁৰ মনটোক সকলো সময়তে বিষয়বস্তুৱে খেদি ফুৰে৷
অন্তৰ্মুখিতাই এগৰাকী লেখকক নীৰৱ সাধকলৈ ৰূপান্তৰিত কৰে নেকি? নে চিন্তা আৰু মনৰ জৈৱিক তাড়নাই লেখক এগৰাকীক নিসংগ হ’বলৈ বাধ্য কৰে৷ মাৰ্ক টোৱেইনে যিদৰে অন্তৰ্মুখিতাৰ মাজত সৃষ্টিৰ চেতনাক ব্যাপ্ত কৰিছিল, ঠিক একেদৰে উইলিয়াম শ্বেইক্সপীয়েৰ, হোমাৰ, জেন অষ্টেন, আগাথা ক্ৰীষ্টি,জন গ্ৰীন, জে ৰাউলিং আদিৰ দৰে বহু অন্তৰ্মুখী লেখকে সম্পূৰ্ণ নীৰবভাৱে নিজৰ সৃষ্টি চেতনাত মগ্ন হৈছিল৷ “দা ফল্ট ইন আবাৰ ষ্টাৰছ’ৰ লেখকজন গ্ৰীনে কৈছিল— ‘লিখাটো অন্তৰ্মুখী, কাৰণ ই অকলে কৰা হয়৷ যিসকল অন্তৰ্মুখী লোকে আপোনাক কাহিনী এটা ক’ব বিচাৰে, কিন্তু সেইটো কৰি থাকোঁতে চকুৰ সংস্পৰ্শ কৰিব নিবিচাৰে, কাৰণ তেওঁলোকৰ বাবে ই এক পেছা৷ ’ এজন লেখকে নিজস্ব চিন্তাৰে এখন নতুন দুৱাৰ মুকলি কৰিব বিচাৰে৷ ঘণ্টাৰ পিচত ঘণ্টা নীৰৱচ্ছিন্নভাৱে কাম কৰিব পাৰে, একে সময়তে সঠিক শব্দৰ বাবে অধ্যৱসায় কৰিব পাৰে৷ অন্তৰ্মুখীসকল কিয় মহান লেখক? এই শ্ৰেণীৰ লেখকে অধিক পৰ্যবেক্ষণ কৰিব বিচাৰে৷ মানুহক সঠিকভাবে বিশ্লেষণ কৰিব বিচাৰে৷ পৃথিৱীখনক অধিক সঠিকভাৱে বিচাৰ কৰাৰ সম্ভাৱনাৰ ক্ষেত্ৰসমূহক অন্বেষণ কৰে৷ এগৰাকী লেখকৰ বাবে সৃষ্টিশীলতাই জীৱনৰ ৰস৷ প্ৰতিগৰাকী অন্তৰ্মুখী ব্যক্তিৰ চিন্তা কৰাৰ প্ৰৱণতা অধিক সুতীব্ৰ৷ এটা অধ্যয়নত দেখা গৈছে যে অন্তৰ্মুখী লোকৰ মগজুৰ সন্মুখত অধিক ধূসৰ পদাৰ্থ থাকে৷ ইয়াৰ অৰ্থ হ’ল- অন্তৰ্মুখীসকলে নিজৰ শক্তি আৰু সম্পদৰ অধিক অংশ বিমূৰ্ত চিন্তাৰ বাবে উছৰ্গা কৰে৷ অন্তৰ্মুখীসকল স্বাভাবিকতে শ্ৰোতা৷ তেওঁলোকে তথ্যসমূহ আভ্যন্তৰীণভাৱে প্ৰক্ৰিয়াকৰণ কৰে, বুজিব পাৰে আৰু সাৱধানে অন্তৰ্দৃষ্টি প্ৰদান কৰিব পাৰে৷ তেনেকৈয়ে তেওঁলোকে হয়তো বহুতো তথ্য সংগ্ৰহ কৰে, যিয়ে তেওঁলোকৰ সৃষ্টিশীলতাত সহায় কৰে৷ আনহাতে অধিক মানসিক একগ্ৰতাই লেখক এগৰাকীক নিসংগতাৰ আশ্ৰয় ল’বলৈ বাধ্য কৰে৷
কৃষ্ণকান্ত সন্দিকৈ, আনন্দৰাম বৰুৱাৰ দৰে বিদ্বান, পুৰোধা সাহিত্যিকসকলে অকল কৃচ্ছ্ৰ সাধনাৰে নহয়, নীৰৱতাৰ মাজত সৃষ্ট সাহিত্যৰাজিয়ে বিশ্ব সাহিত্যকো সমৃদ্ধ কৰিছে৷ লেখক এগৰাকীয়ে সামাজিক দায়বদ্ধতাৰে তেওঁৰ সমস্ত চিন্তা কেন্দ্ৰীভূত কৰিব বিচাৰে৷ ইয়াৰ বাবে তেওঁ বিচাৰে এক নিৰাপদ, সুৰক্ষিত সামাজিক পৰিবেশ৷ সামাজিক বিচ্ছিন্নতা বা নিসংগতাই এগৰাাকী লেখক নিজৰ সৃষ্টিৰ চেতনাৰ সজাগ কৰিব পাৰে৷ প্ৰায়ে লেখকৰ নিসংগতাক ব্যক্তিগত, আনকি সৰ্বজনীন আৰু মানসিক দুুখ হিচাপেও অভিহিত কৰা হয়৷ ধৰ্মনিৰপেক্ষতা, বিচ্ছিন্নতা আৰু প্ৰতিযোগিতাৰ ধাৰণাৰ পৰা অহা নিসংগতা অথবা নীৰবতাৰ বিষয়টো ১৮০০ চনৰ পৰা প্ৰয়োগ হৈ আহিছে৷ কেতিয়াবা হতাশাগ্ৰস্ততাই লেখক এজনক নিসংগ হ’বলৈ বাধ্য কৰে৷ মাৰ্ক টোৱেইনে প্ৰচণ্ড হতাশাত নিমজ্জিত হৈ জেতিয়া নীৰৱতাক আশ্ৰয় হিচাপে লৈছিল, তেতিয়াও তেওঁ সৃষ্টিৰ সাধনাক নিসংগতাৰ সৈতে সমাহাৰ কৰিছিল৷ দা শ্বাইনিং, পেট চেমেটাৰী, কেৰী আদি বিদ্যাত গ্ৰহণ লেখক ষ্টিফেন কিঙে হতাশাত আচ্ছন্ন হৈ নিসংগতাক আশ্ৰয় হিচাপে লোৱাৰ সময়ত মদ্যপান কৰি নিৰালস্য সৃষ্টি কাৰ্যত ব্ৰতী হৈ আছিল৷ এফ স্কট ফিটজেৰালেণ্ড হতাশজনক পৰিঘটনাৰ আলমত বিখ্যাত উপন্যাস লিখিবলৈ সক্ষম হৈছিল৷ কিয় এগৰাকী লেখকে হতাশা আৰু নীৰৱতাক আচ্ছন্ন কৰাৰ পিচতো নিজৰ সৃষ্টিত নিমজ্জিত হৈ থকাৰ ক্ষমতা আহৰণ কৰে? এগৰাকী লেখকৰ মানসিক স্থিতি অধিক শক্তিশালী আৰু জীৱনৰ কঠিন প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ ক্ষমতাৰ অধিকাৰী হৈ পৰে৷ আমেৰিকাৰ অন্যতম শ্ৰেষ্ঠ নাট্যকাৰ টেনেচি উইলিয়ামছে অন্যান্য ৰচনাৰ লগতে ‘দ্য গ্লাৰ্চ মেনেজেৰী’ আৰু ‘এ ষ্ট্ৰীটকাৰ নেমড ডিজিয়াৰ’ নামৰ ক্লাছিক গ্ৰন্থ দুখনৰ মাজেৰে প্ৰত্যক্ষ কৰিব পৰা যায় এজন লেখকৰ পাৰিবাৰিক নিসংগতা আৰু প্ৰত্যাহ্বান৷ দুয়োখন গ্ৰন্থতে মানসিক ৰোগত আক্ৰান্ত নায়িকাক দেখা গৈছে৷ বহু সমালোচকে সেই চৰিত্ৰ নিজৰ ভনীয়েকৰ পৰা সৃষ্ট বুলি ক’ব বিচাৰে৷ তেওঁৰ ভনীয়েক স্কিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত আছিল৷ ভনীয়েকৰ সেই অসুস্থতাই তেওঁৰ জীৱনলৈ হতাশা নমাই আনিছিল আৰু অৱশেষত মদ্যপান কৰি এক নিসংগ জীৱনৰ আশ্ৰয় লৈছিল৷ এনে কঠিন প্ৰত্যাহ্বানৰ মাজত নিজৰ সৃষ্টিৰ সাধনাৰ পৰা বিচ্ছিন্ন হোৱা নাছিল৷
খ্যাতি আৰু সৌভাগ্যই এজন লেখকক নিজৰ নিসংগ আৱেগিক আকৰ্ষণৰ পৰা মুক্ত কৰিব নোৱাৰে অথবা বিষণ্ণতাৰ পৰা মুক্ত কৰিব নোৱাৰে৷ এজন লেখকৰ বাবে লিখাটো আনক সংকেত দিয়াৰ উপায় হ’ব পাৰে, আন এজনৰ বাবে ই তেওঁলোকৰ ৰুমিনেটিভ প্ৰচেষ্টাৰ পৰা পোৱা অন্তদৃষ্টি লিপিবদ্ধ কৰাৰ উপায় হ’ব পাৰে৷ এজন লেখকে সমৰ্পিতভাবে নিজৰ সৃষ্টিৰ সাধনাত ব্ৰতী হোৱাৰ সময়ত অৱশ্যেই নিসংগতাৰ আশ্ৰয় লোৱাৰ বিকল্প নাথাকে৷ সেইবাবে হয়তো মহান বিজ্ঞান এলবাৰ্ট আইনষ্টাইনে কৈছিল— সৃষ্টিশীলতা হ’ল আনে যি দেখে আৰু আনে যি ভাবিব নোৱাৰে সেইটো চিন্তা কৰা৷ এইগৰাকী বিজ্ঞানীয়ে সৃষ্টিৰ অনাবিল আনন্দ যে মানুহৰ বাবে আৰু চিন্তাৰ ক্ষেত্ৰখন যে নিজস্ব শৈলীৰে গঢ়িব লাগে তাক উপলব্ধ কৰিব পাৰিছিল৷ সৃষ্টিশীল প্ৰক্ৰিয়াটো হৈছে মানুহৰ অন্যতম জটিল বিষয় যদিও সুন্দৰ৷ কাৰণ ইয়ে মানুহৰ অন্তৰাত্মাক নতুন দিশৰ সন্ধান দিব পাৰে৷ এগৰাকী লেখক সৃষ্টিশীল মানসিকতাৰ বাবেই তেওঁ নিজকে আৰু পৃথিৱীখনক বুজিব পৰা ক্ষমতা আহৰণ কৰে৷ সেইবাবেই ক’ব পাৰি এগৰাকী লেখকৰ নিসংগতা হৈছে অন্তৰ্দৃষ্টি, যিয়ে সৃষ্টিৰ বাবে আত্মপ্ৰেৰণাৰ উৎস হৈ পৰে৷