লুপ্তৰ দিশে পথাৰৰ নান্দনিক!
দিপ্তী মনি গোস্বামী, লখিমপুৰ
স্মৃতিৰ মানস পটত ভাঁহে সেই ছবি খন, য’ত আছিল কেঁচা মাটিৰ জীপালতাৰে ভৰা অপৰূপ নান্দনিক তথা হৃদয়ৰ সঁচা গান। বহাগৰ পাঁচ তাৰিখত নাঙলৰ বিহু পালনৰ অৰ্থে গাঁৱৰ দেউতা, খুৰা, বৰতা,মামা, দাদা, নদাই ভদাইহঁতে ভড়ালৰ কাষৰ চাঙৰ পৰা নমাই আনি নাঙল যুঁৱলী মৈ আদি ধুনীয়াকৈ ধুই-পখালি ৰ’দত দি আকৌ চাঙত উঠাই থৈ দি বহাগ মাহটোৰ ভিতৰতে যেনে তেনে হ’লেও এদিন পথাৰত নাঙলৰ আঁচ এটা মাৰি খেতিৰ শুভাৰম্ভণি কৰি থৈছিল। তাৰ পিছত জেঠৰ আৰম্ভণিৰ পৰাই আৰম্ভ হৈছিল কঠীয়া তিওৱা কঠীয়া পৰা সংস্কৃতিৰ।জেঠৰ বাম মাটিৰ পথাৰ খনত ৰাতিপুৱা এক অপৰূপ শোভা….. কোনোবাই ৰঙা-বগাক জুতি হাল বাইছে, কোনোবাই আকৌ চুকৰ গাঁতটোৰ পৰা লাহনীয়ে পানী সিঁচি মাটি দৰা কঠীয়া পেলাবলৈ প্ৰস্তুত কৰিছে, কোনোবাই আকৌ কঠীয়া সিঁচিয়েই আছে। সামান্তৰাল ভাৱে কোনোবা গৃহিণী এগৰাকীয়ে গৃহস্থলৈ বুলি চাহ- জলপানৰ টোপোলা এটি লৈ পথাৰত উপস্থিত হৈছে গৈ। কোনোবা গৰাকীয়ে ঘৰত কেঁচুৱা এৰিব নোৱাৰি ডাঙৰ পোণাৰ হাততে দেউতাকলৈ বুলি টোপোলাটো দি পঠাইছে।হালৰ পৰা আজৰি হৈ গিৰিহতে নিজৰ নিজৰ গৰু হালক কঠিয়া পৰাৰ পৰা অলপ আঁতৰতে এৰাল দি ঘৰমোৱা হৈছে, থাপতে পোৱা ঢেকীয়া কেইদাল মান বুটলি লৈ। উস্ কি যে অপৰূপ! কি যে নান্দনিক !! আহাৰ শাওণৰ খেতিৰ ভৰ পকৰ সময়ত গোটেই পথাৰ খনৰ পৰা এটি সু-মধুৰ ধ্বণি প্ৰতিধ্বনিত হয়…হে হে যা যা হুহ হুহ যা যা বাহি দে বাহি দে হুহ হুহ ভিতৰ ভিতৰ হঅ হঅ ইত্যাদি। গিৰিহঁতে দি থোৱা এক আত্মিক প্ৰশিক্ষণ, এক নিবিড় সমদ্ধ, নিবিড় সম্পৰ্ক হালৰ গৰু হাল আৰু গিৰিহঁতৰ মাজত।যেনিয়েই চাওঁ তেনিয়েই কি মনোমোহা! কোনোবাই হাল বাইছে, কোনোবাই মৈ মাৰিছে,মৈৰ পাছে পাছে ধনটিও দৌৰিছে হাতত অকণমানি খালৈ টি লৈ , মৈৰ আগত ওলোৱা মাছবোৰ বুটলিবলৈ।(আমিও তেনেকৈ বুটলিছিলোঁ ) কাৰোবাৰ আকৌ মাটি বোকা হৈয়ে গ’ল, সেয়ে জলপানৰ টোপোলা টোৰ সৈতে ৰোৱণী আহি বোকাত নামিছে দীঘল হাতৰ চোলা এটা পিন্ধি মূৰত গামোচা বান্ধি মুখত তামোলৰ সেলেঙি লৈ। কোনোবাজনে আকৌ আলিটোকে মেৰামতি কৰিছে তাতে পোৱা কোৰ খন লৈ। অলপ দূৰতে থকা কঠিয়ানী ডৰাত কোনোবাই ভৰি এটা আগবঢ়াই কঠিয়া মাৰিছে ছপা চপক চপক । উফ্ কি যে নান্দনিক, দেহ-মন শাত পৰি যায়। কেইবাচাহো হাল বাই আলিৰ চুক কাণ কাটি বোকা দিছিল মাটি ডৰাত । আহাৰ মাহত সেৰঙাকৈ তাকৰ কঠিয়া দি ৰুৱা মাটিডৰাও ধানে হাতীয়ে হগাৰ দৰে হাগিছিল আঘোণ পুহত। আহাৰ শাওণৰ পথাৰৰ আৰু এটি অপূৰ্ব নান্দনিক “হাৰিয়া পাৰ্টি”(ঠাই বিশেষে অন্য নামো থাকিব পাৰে।) সেই দিনা এজন গৃহস্থৰ পথাৰতে ১৫/২০ খন কৈ গৰুৰ হাল লগতে ২৫/৩০ গৰাকী কৈ ৰোৱণী। দুপৰীয়াৰ সাজ টো গিৰিহঁতে ভাৰ বান্ধি পথাৰলৈ আনিছিল কেইবাটাও পানীৰ জগ ৰ সৈতে। সকলোৱে ৰং ধেমালিৰ মাজেৰে পথাৰতে গ্ৰহণ কৰে সেই সাজ। আকৌ ৰাতিলৈ গৃহস্থৰ ঘৰত থাকে হাঁহ কোমোৰাৰ সৈতে এসাজ। সেইয়া এক অভিনৱ অনুভূতি যিটো একোৰে বিনিময়ত কিনিব নোৱাৰি।বিপৰীতে আজিৰ পয়া লগা পথাৰ! সকলোৰে ঘৰৰ গোহালিত শূন্য গৰু। টেক্টৰ শব্দত পথাৰৰ পৰিবেশ, হাল বাই যাব ৰুই যাব আধা গেলা বোকাত কঠিয়া! আলি পদূলি দিয়া নিয়ম টো পাহৰাৰ দৰেই হ’ল! ফলত উৎপাদন তেনেই তাকৰ! বহুতে আৰু চৰকাৰী চাউল খোৱাৰ তেল পাই , খেতি পথাৰৰ ফালে মুখকে ঘূৰাবলৈ মন নকৰে। আজিকালি বোলে গাত এলাহে বাহঁ সাজিছে । উস্ কোনফালে ধাৱমান দেশৰ ভৱিষ্যত! আজু ককাৰ বৃত্তি, আমাৰ কৃষ্টি সংস্কৃতিৰ অধঃপতন!! শাওণৰ সেউজীয়া আৰু আঘোনৰ সোণোৱালী পথাৰখনৰ বিপৰীতে যেতিয়া কেতিয়াবা চন পৰা উকা পথাৰখন চকুত পৰে , চকুটোৱে সঁচাকৈ বৰ কষ্ট অনুভৱ কৰে, হৃদয়খনৰ কথা নকলোয়েইবা !এনে গতিৰে হ’লে অদূৰ ভৱিষ্যতে আমাৰ উত্তৰ প্ৰজন্মক খেতিৰ সজুলিবোৰ দেখুৱাবলৈ কোনোবা সংগ্ৰাহালয়লৈ নিব লাগিব।কংক্ৰিতৰ পাহাৰতকৈ কেঁচা মাটিৰ জীপালতাৰ আমেজ সদায়ে সুকীয়া।