লিমাৰিক
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
(১)
লক্ষাধিক বাধাৰ টৌ অতিক্রম কৰি
আহিলো বিশ্বাসৰ জোলোঙাখন ধৰি
পাৰা যদি কৰা দূৰ
মোৰ একাকীত্ববোৰ
দিয়া বতৰা প্ৰেমৰ পাৰটি হৈ উৰি।
(২)
জীৱনৰ ৰং হ’ল ক’লা বৰণীয়া
চকুৰে দেখো সকলোবোৰ মিছলীয়া
ক’বলৈ আছে সকলো
কেবল নাই চকুলো
ভাপ হৈ উৰি গ’ল সেউজীয়া দুনীয়া।
(৩)
স্বার্থৰ পৃথিৱীখন সঁচাকৈ ধূনীয়া
কষ্ট সৰি পৰে বৰষুণৰ লেখীয়া
দুর্নীতিৰে ভৰপূৰ
নপৰে ইয়াৰ ওৰ
জিলিকিব নিতৌ মুকুতা হৈ মিছলীয়া।
(৪)
কিতাপৰ বিপণীত ভিৰ দুনীয়াৰ
ন কিতাপৰ বাকলি দেখনিয়াৰ
গৈছে আটাই তাত
কিনিছে দুটাই পাত
বাকীবোৰৰতো ফটো তোলা নিয়মীয়া ।
(৫)
জীৱনৰ তিক্ত অভিজ্ঞতা এৰাই দিলে
মনৰ দ’ কোঠালীত প্ৰশান্তিয়ে দোলে
কৰা যুজঁ ধৰণীত
নজলিবা পুৰণিত
কৰিবা দিঠক স্বপ্নৰ সোপান পালে ।
(৬)
মাঘৰ জাৰত আহিছে আকৌ ভোগালী
বিদায় হ’ব জীৱনৰ পৰা কঙালী
যোগৰ-বিয়োগ হ’ব
হৰণ- পুৰণে ক’ব
গভীৰ আনন্দৰে ৰৈ থাকিব ৰঙালী।
(৭)
বৰ্তমান কেবল,নাম মাত্ৰ ভোগালী
ঘৰে- ঘৰে হ’বই পিঠা আলৈ-আথানি
আহিব মানুহ চাব
খাই যদি পিঠা ক’ব
বাৰ্গাৰ, বিৰিয়ানীত ভোল গ’ল ধৰণী।
(৮)
প্ৰতিযোগিতাত নামি তীব্ৰবেগী গাড়ী
নিচাত মপ্ন হৈ নাচাই পথৰ শাৰী
আনক মাৰিব খুন্দা
পিছত হ’ব যে বোন্দা
হিট এণ্ড ৰানত যাবগৈ ঘৰ-বাৰী।
(৯)
চৌপাশে বনভোজৰ ধল বৰষুণ
ডিজে বক্স গাড়ী লৈ ওলাই যায় চোন
আনন্দত মতলীয়া
জাপি থ’ব পেলনীয়া
বস্তুবোৰ, পুতি স্বজ্ঞানে ৰাখিব কোন?
(১০)
ফুটপাথত থকা লোকৰ কষ্টবোৰ
ভগাই ল’ব পৰা হ’লে আটাইবোৰ
প্ৰবল আন্তৰিকতা
বিশাল যে উদাৰতা
আছে, ধনক বাদে এই যে গুণবোৰ !