লিমাৰিক – বন্তি দত্ত

লিমাৰিক

বন্তি দত্ত,যোৰহাট

১/
মেলা বহিছে বুলি আজিহে গম পালোঁ
যাম বুলি ইজনী সিজনীক সুধিলো
ওচৰতে মেলা খন
চাবলৈও গৈছে মন
হাতত পইচা নাই গৃহস্থক ক’লো।
২/
গৃহস্থই উঠিলে চোন ভেকাহি মাৰি
এই বুঢ়ী বয়সত মন যায় উৰি
জমা টকা এটা নাই
মেলা চাবলৈ ওলাই
ঘৰখন চলাইছো যেনে তেনে কৰি।