লাহৰীঘাটত ৰাইজৰ সৈতে সাংবাদিকৰ বাৰ্তালাপ অনুষ্ঠান সম্পন্ন 

লাহৰীঘাটত ৰাইজৰ সৈতে সাংবাদিকৰ বাৰ্তালাপ অনুষ্ঠান সম্পন্ন 

ৰঙিলী বাৰ্ত্তাসেৱা-  লাহৰীঘাট আঞ্চলিক সাংবাদিক সংস্থাই বিগত বৰ্ষসমূহৰ দৰে এইবাৰো যোৱা ৩০ আৰু ৩১ ডিচেম্বৰ তাৰিখে সন্ধিয়া অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক, বিভিন্ন অৰাজনৈতিক দল সংগঠন বিষয় ববীয়া সকলৰ লৈ সাংবাদিক সংস্থাৰ কাৰ্যালয় সন্মোখত ৰাইজৰ সৈতে সাংবাদিক বাৰ্তালাপ ২০২৩ অনুষ্ঠিত কৰে।লাহৰীঘাট আঞ্চলিক সাংবাদিক সংস্থাৰ সাধাৰন সম্পাদক তথা দৈনিক গণ অধিকাৰ কাকতৰ লাহৰীঘাটৰ সাংবাদিক ছামচুল হকে সঞ্চালনা কৰা অনুষ্ঠানটিত প্ৰথম দিনা মূখ্য অতিথি হিচাপে উপস্থিত থাকে লাহৰীঘাট উপ জিলাৰ আয়ুক্ত প্ৰাঞ্জল বৰুৱা, বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে মৰিগাওঁ জিলাৰ সহ সঞ্চালক খাদ্য আৰু অসামৰিক যোগান মতিনুৰ ৰহমান।অনুষ্ঠানটোত সমাজ জীৱনত বিভিন্ন দিশত সমাদৰ লাভ কৰা বিশিষ্ঠ ব্যাক্তিসকলক সম্বৰ্ধনা জনোৱা হয়।সেই ব্যাক্তিকেইজন ক্ৰমে অঞ্চলটোৰ সমাজকৰ্মী মৌলালা আবুল ফজল ভাচানী, আজিজুৰ ৰহমান আৰু জাবেদ আহমেদ, ৰাজ্যিক তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কুংফু খেলি ৪২ টা বটা অৰ্জন কৰা লাহৰীঘাটৰ প্ৰতিভাৱান যুৱতী স্বৰ্ণকন্যা হাচিনা বেগম, একাধিক ইছলামীয় গ্ৰন্থ ৰচয়িতা মুফতী ছাদিকুৰ ৰহমান কাচিমী, ১৭০ জন হিন্দু সম্প্ৰদায় আৰু ৭০৬ মুছলমান ব্যক্তিৰ কবৰ খন্দা বিশেষ মানৱ দৰদী লোক ছামচুদ্দিন আলী, আদৰ্শ শিক্ষক মৌলানা নাচিৰ উদ্দিন, যুৱ সাংবাদিক খালিদ আহমেদ, ভাষা সাহিত্য জীয়াই ৰাখিবলৈ ২০১৫ চনৰ পৰা ‘বাটৰ কবিতা’ নামৰ অনুষ্ঠানেৰে সংখ্যালঘু অঞ্চলত সাহিত্যৰ সংগ্ৰাম অব্যাহত ৰখা কবি খাইৰুল ইছলাম, ২০২৩ বৰ্ষত শ্ৰেষ্ঠ প্ৰতিবেদন বাতৰি পৰিবেশন কৰা মৰিগাওঁৰ ঈশান নিউজৰ সাংবাদিক জিন্টু ডেকা, উদীয়মান কণ্ঠশিল্পী ৰুণুমনি বেগম, মৰিগাওঁ জিলাৰ বিদ্যালয়সমূহৰ উপপৰিদৰ্শক কাৰ্যালয়ৰ কাৰ্যালয় সহায়ক তথা প্ৰাক্তন সাংবাদিক আনাৰুল ইছলাম, লাহৰীঘাট খণ্ড জ্ঞান বিজ্ঞান সমিতিৰ সৈতে জড়িত তথা প্ৰাক্তন সাংবাদিক আকাবৰ আলী, ভিডিঅ গ্ৰাফাৰ জৰজিছ আহমেদ, আৰু প্ৰৱন্ধকাৰ হাফিজ বায়েজিত বোস্তামীক ফুলাম গামোছা, জাপি আৰু এটিকৈ স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়।আমত্ৰিত শিল্পী ক্ৰমে ৰুনু মনি বেগম, ইয়াদুল আলী, নিৰঞ্জন বৰা, বিনয় বৰুৱা আৰু মৃদুপৱন শইকীয়াৰ গীতৰ শৰাই অনুষ্ঠান অনুষ্ঠিত হৈ যায় ।