লভিতা বনাম  লভিতা  – ৰন্টু কুমাৰ শৰ্মা

PC- The Janambhumi

লভিতা বনাম  লভিতা 
( মোৰ শ্ৰদ্ধেয় যি সকলে জ্যোতিপ্ৰসাদৰ “লভিতা” খন পঢ়া নাই পঢ়ি লয় যেন)

ভ্ৰাম্যমাণৰ মঞ্চত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰথম “লভিতা” মঞ্চস্থ হৈছিল “চিত্ৰলেখা থিয়েটাৰত” (পিছলৈ উপাসনা থিয়েটাৰ) । ১৯৮৪-৮৫ নাট্যবৰ্ষত “মকুন্দ থিয়েটাৰত” জ্যোতি প্ৰসাদৰ “লভিতা” মঞ্চস্থ হৈছিল নাট্যকাৰ উগ্ৰমেনাৰ পৰিচালনাত সেই বৰ্ষতে লভিতাৰ চৰিত্ৰত অভিনয় কৰি পোন প্ৰথম বাৰৰ বাবে ভ্ৰাম্যমাণত জুৰি শৰ্মাই পদাৰ্পণ কৰিছিল ।
পূৰ্বজ্যোতি থিয়েটাৰত জ্যোতিপ্ৰসাদৰ নাটক “শোনিত কুঁৱৰী” আৰু হেঙুল থিয়েটাৰত ” কাৰেঙৰ লিগিৰি” ইতিমধ্যে মঞ্চস্থ হৈ গৈছে হবহু ৰূপত।

ড: হীৰেন গোহাঁইৰ মুখ্য সম্পাদনাত অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা “জ্যোতিপ্ৰসাদ ৰচনাৱলীত উল্লেখ কৰি গৈছে -” লভিতা আদৰ্শমুলক অসমীয়া ছোৱালীৰ চৰিত্ৰ নহয় । নায়ক-নায়িকা হিচাপে ইয়াত চৰিত্ৰ নাই । ইয়াৰ নায়ক গোটেই অসমীয়া ৰাইজ ।
সমালোচক, পাঠকে ইয়াত যদি গতানুগতিক নাটকৰ দৰেই নায়ক-নায়িকা বিচাৰে হতাশ হ’ব ।” ১৯৪৭ চনৰ পূজাত ডিব্ৰুগড়ৰ ৰঙ্গমঞ্চত এই নাট খনৰ প্ৰথম অভিনয় হয় ।

আৱাহন থিয়েটাৰৰ প্ৰতিস্থাপক প্ৰযোজক শ্ৰদ্ধাৰ কৃষ্ণ ৰয় দেৱ তথা মাননীয়া প্ৰস্তুতি পৰাশৰ বাইদেউ ,ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ “লভিতা” নাটক খনক আপোনালোকে এই নাট্যবৰ্ষৰ বাবে নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ হতুৱাই নতুনকৈ লিখাৰ প্ৰয়োজন বোধ কৰিলে কিয় ?
জ্যোতিপ্ৰসাদে লিখা নাটক খন ভূল আছিল নেকি ?
মুল নাটক খনৰ প্ৰায় চল্লিশ শতাংশ সংলাপ, সকলোবোৰ চৰিত্ৰ একে ৰখাৰ পিছত বাকী খিনি সংলাপেৰে নাটক খন সংগীতত “ৰিমিক্স ” কৰাৰ দৰে বোধ কৰিলে নেকি ?
আপোনালোকে জ্যোতিপ্ৰসাদৰ ৰচনাৱলীত নাটক খন পঠন কৰিছে নিশ্চয় তাৰ পিছত এই সিদ্ধান্ত লৈছে । ৰূপকোঁৱৰে লিখা নাটক খন ইতিমধ্যে দুখনকৈ ভ্ৰাম্যমাণ থিয়েটাৰে দুখন মঞ্চত মঞ্চস্থ কৰিছে এই ইতিহাস আপোনালোকৰ অবিদিত নহয় । তাৰ পিছত আপোনালোকৰ ঘোষণা অসাৰ বুলি ভবাৰ থল নাই নে ?
জ্যোতিপ্ৰসাদে “লভিতা” নাটকত আঠটা গীত অন্তৰ্ভুক্ত কৰিছিল । “মোৰে জীৱনৰে সখা কৃষ্ণ ” গীতটো আমি মুল লভিতাত বিচাৰি নাপাও । যিটো “কাৰেঙৰ লিগিৰিত” হে আছে । “লভিতাৰ ” মৃত্যুৰ পিছত “লুইতৰ আকাশত তৰাৰ তৰাৱলী ” গীতটো অন্তৰ্ভুক্ত কৰা ন’হল । জ্যোতিপ্ৰসাদে “লভিতাৰ” আৰম্ভণি কৰিছিল এফাকি বনগীতেৰে। ” মোৰ বাৰীত ফুলিল ইন্দ্ৰজিত মালতী” ।
জ্যোতিপ্ৰসাদৰ “লভিতাত” ক’তো আমি ” ভাৰত মাতা কি জয়” শ্লোগান শুনিবলৈ নাপাও
“বন্দে মাতৰম
“জয় হিন্দ” হে মুৰ্তমান ।

অভিজিত ভট্টাচাৰ্যই কিয় “কৃষ্ণৰ” ৰূপত গোলাপক বিবেচনা কৰিলে । যিজন গোলাপক লভিতাই “আজিৰ দিনৰ ডেকা হ’ব নোৱাৰে বুলি অভিহিত কৰিছে সেই জনক লৈ এইটো অন্তৰংগ গান হোৱাৰ যুক্তিযুক্ততা কিমান ? বাৰে বাৰে গোলাপক কৃষ্ণৰ ৰূপত ৰাধা হৈ লভিতাই বিচৰা , বাঁহীৰ সুৰত লভিতাক মতলীয়া কৰাৰ লজিক খিনি বিচাৰি নাপালো । নাট্যকাৰৰ জ্যোতিপ্ৰসাদৰ চিন্তাক দীনতাৰ গৰ্ভত ৰাখি নাটক খন ৰচনা কৰাৰ ধৃষ্টতা কিয় ?

আৱাহনৰ মঞ্চত ” লভিতাক” উপস্থাপন কৰা হ’ল একমাত্ৰ ব্যৱসায়িক নাটকৰ ৰূপত । ৪২ ৰ গণ আন্দোলনৰ শ্বহীদ “কনকলতাৰ ” মৃত্যুৰে নাটক খনৰ আৰম্ভণি কৰা হ’ল ।জ্যোতি প্ৰসাদৰ চিন্তাতকৈ যেন অভিজিত ভট্টাচাৰ্যৰ হে চিন্তনীয় চিন্তন । ৪২ ৰ গণ আন্দোলনৰ পটভুমি যেন ভট্টাচাৰ্যইহে সঠিক ৰূপত তুলি ধৰিলে । যি খন নাটক ৰচনা কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে নাটক খনত কোনো নায়ক নায়িকা নাই বুলি কৈ গৈছে সেইখন নাটকৰ মাজতে জ্যোতি প্ৰসাদৰ চৰিত্ৰক টানি আনি নায়িকাৰ নামেৰে “লভিতা” বুলি কিয় উপস্থাপন কৰা হ’ল আমাৰ বোধৰ বাহিৰত ।

এই খিনিতে উল্লেখ্য যে………”এই নাটক খন মই লেখিছো বোলাতকৈও মোৰ হতুৱাই লেখাইছে বুলিলেহে সঁচা কথা কোৱা হ’ব । ডিব্ৰুগড়ৰ ড্ৰেমাটিক আৰ্ট প্লেয়াৰ্ছৰ আৰ্টিষ্ট সকলৰ উৎসাহ; বিশেষকৈ শ্ৰীমান অভয় দুৱৰা আৰু শ্ৰীমান তৰুন দুৱৰাৰ বাবেইহে এই নাটক সৃষ্টি হ’বলৈ পালে । এই নাটক খন ওলোৱাৰ বাবে যদি কোনোবাই বিশেষ ধন্যবাদ পাব লাগে নিশ্চয় তেওঁলোকেইহে ।

তামোলবাৰী চাহ-বাগিচা
পো: লাহোৱাল
১৯৪৭
শ্ৰীজ্যোতিপ্ৰসাদ আগৰৱালা
(জ্যোতি প্ৰসাদ ৰচনাৱলী । পৃষ্ঠা নং ১৬৯/১৭৯)
জ্যোতিপ্ৰসাদৰ ওপৰোক্ত কথা খিনিৰ পৰা যদি নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই নাটকৰ পটভুমি তৈয়াৰ কৰাৰ মানসিকতাৰে নাটক খন ৰচনা কৰিছে ই অতি হাস্যকৰ হিচাপে বিবেচনা কৰিলো ।

এই ৰাজ্যৰ সাংবাদিক , সাহিত্যিক, নাট্য সমালোচক, কবিকুল , জাতীয় সংগঠন সমুহ তথা সচেতন প্ৰকৃত অসমীয়া নাগৰিক সকল আপোনালোকে “লভিতাৰ” ৰিমেক পোষ্টমৰ্টেম প্ৰত্যক্ষ কৰিছে নে ? চোৱা নাই যদি চাওক। তাৰ পিছত আপোনালোকৰ কৰণীয় একো নাই বুলি ভাবিব পাৰিব নে ?
যদি সচাঁকৈয়ে যুক্তি সংগতভাবে পতিয়ন নিয়াব পৰাকৈ সমিধান আছে আমাক জনাওক ।
কাইলৈ যদি কোনোবাই একে চিন্তনেৰে “ৰূপালীমক” , “কাৰেঙৰ লিগিৰিক” বেশ্যাৰ/পতিতাৰ ৰূপত উপস্থাপন কৰে ?? আপোনালোক সকলোৱে প্ৰত্যক্ষ কৰিবৰ বাবে সাজু হৈ থাকিব নে ?

জ্যোতিৰ “লভিতাত” আমি ইলাহি বক্সক পাও মৌজাদাৰৰ ঘৰৰ পৰা লভিতা যেতিয়া মিলিটেৰীৰৰ হাতত ধৰ্ষিতা হ’বলৈ ওলাইছিল তেতিয়া ইলাহি বক্স সৌভাগ্য ক্ৰমে লভিতাক ৰক্ষাকৰ্তাৰ ৰূপত অবতীৰ্ণ হয় এজন সাধাৰণ গঞা হিচাপে ।
আৰু গোলাপক জ্যোতিয়ে এজন ভয়াতুৰ কাপুৰুষ ৰূপে “আজিৰ দিনৰ ডেকা হ’ব নোৱাৰা বুলি” চৰিত্ৰক বিদায় দিছে ।
কিন্তু অভিজিতৰ লভিতাত ইলাহি বক্সৰ মুখেৰে যুদ্ধৰ কথা কোৱাইছে , মিলিটেৰীৰ সৈতে লভিতাক ল’গ পোৱাৰ কথা পাতিছে ।
গোলাপক শেষলৈকে ৰাখিছে ,যুদ্ধ কৰাইছে ,ত্ৰিৰংগ নিচান লৈ যুদ্ধ ভুমিত নিহত হৈছে ,সেই নিচান লভিতাই লৈছে। মৌজাদাৰক এজন কামুক চৰিত্ৰ হিচাপে চিহ্নিত কৰিছে । নাট্যকাৰৰ এনে উদ্ভট চিন্তাৰ কাৰক কি ?
নে জ্যোতিপ্ৰসাদে ভূলকৈ উপস্থাপন কৰিছিল ? ৰূপকোঁৱৰৰ লভিতাৰ যি নান্দনিক ৰূপ সেই নান্দনিকতাক খৰ্ব কৰা হোৱা নাই নে ?

অলপ ফহিয়াই চাও আহকচোন…………
“জ্যোতি-সোঁৱৰণী সন্থা”ই প্ৰকাশ কৰা জ্যোতি ৰচনাৱলীৰ পৰাও কিছু সহায় লোৱা হৈছিল । দুৰ্ভাগ্যক্ৰমে ভৰত বৰপুজাৰীয়ে ছপোৱা ‘শিল্পীৰ পৃথিৱী’ আদৰ্শ স্বৰূপে নলৈ( এই খনত অজস্ৰ ছপাৰ ভূল আছিল) “জ্যোতি সোঁৱৰণী সন্থাই” ছপোৱা ‘শিল্পীৰ পৃথিৱীকে’ ছপাৰ কাৰনে গ্ৰহণ কৰাত এটা ডাঙৰ ত্ৰুটি হ’বলৈ পালে ।মুল ‘শিল্পীৰ পৃথিৱীৰ’ দুটামান ছেদ এই সংস্কৰণত বাদ দি থৈছিল । এই কথাৰ আমি ভু পোৱা নাছিলো; বৰপুজাৰীৰখনৰ লগত মিলাই চোৱাৰ সুমতিও আমাৰ ন’হল ।ফলত, জ্যোতিপ্ৰসাদৰ ৰচনা খণ্ডিত বা বিকৃত কৰাৰ অভিযোগ আমাৰ বিৰুদ্ধে কাগজে পত্ৰই উথ্বাপিত হ’ল । অবশ্যে জ্যোতি প্ৰসাদৰ কোনো ৰচনাকে বিকৃত কৰাৰ অভিসন্ধি আমাৰ মনোচিতেও নাছিল,ই নিতান্ত অসাৱধানবশত: হোৱা ভূল । যা হওক , আমাৰ সম্পাদনা কাৰ্যত দোষ ত্ৰুটি আঙুলিয়াই দিয়া সমালোচক সকলক ধন্যবাদ জ্ঞাপন কৰিলো ।

শ্ৰী সত্যেন্দ্ৰ নাথ শৰ্মা
শ্ৰী সত্য প্ৰসাদ বৰুৱা
শ্ৰী নবকান্ত বৰুৱা
শ্ৰী বীৰেন্দ্ৰ নাথ দত্ত
(পূৰ্বৰ সম্পাদনা সমিতিৰ দুষাৰ বক্তব্য । “জ্যোতি প্ৰসাদ ৰচনাৱলী । পৃষ্ঠা নং ৮৫/৮৬)

জ্যোতি প্ৰসাদৰ ৰচনাৱলীৰ সম্পাদনা সমিতিৰ সেই সময়ৰ অতি শ্ৰদ্ধাৰ সন্মানীয় সদস্য সকলৰ অজানিত ভূলৰ বাবেই সেই সময়ত সমালোচিত হৈছিল চৰ্ছিত হৈছিল । আজি নাট্যকাৰ,পৰিচালক অভিজিত ভট্টাচাৰ্যই জ্যোতিপ্ৰসাদৰ মুল “লভিতা” নাটক খনক নতুনকৈ লিখি চৰিত্ৰ সৃষ্টি কৰি, সংলাপ ৰচনা কৰিছে সম্পুৰ্ণ সজ্ঞানে । ইয়াৰ বাবে দায়ী নহ’ব নে ? জবাব দিহি হ’ব নালাগিব নে ? কোনে দিলে সেই কতৃত্ব ?

গ্ৰহণীয় বুলি মানি নোলোৱাৰ কোনো কথাই নাছিল যদিহে……অভিজিত ভট্টাচাৰ্য দেবে ৪২ ৰ গণ আন্দোলনক মুখ্য কৰি “লভিতা”ৰ সৈতে সামঞ্জস্য ৰাখি ‘ববিতা’ ‘ললিতা’ যি নামেই নিদিয়ক কিয় নাম এটা দি নাটক খন সম্পাদিত কৰিলেহেতেন । আমাৰ উত্তৰ পুৰুষে জ্যোতিপ্ৰসাদৰ “লভিতা” আৰু অভিজিত ভট্টাচাৰ্যৰ “লভিতা ” বুলি নাপাব নে ? আজি যদি জ্যোতিপ্ৰসাদ কাইলৈ প্ৰফুল্ল বৰা,মহেন্দ্ৰ বৰঠাকুৰ , ভবেন্দ্ৰ নাথ শইকীয়া সকলোৰে নাটকক আৰ্হি কৰি ল’ব পৰা নাযাব নে ? জ্যোতি প্ৰসাদ আগৰৱালা দেবে জীৱনকালত ৰচনা কৰা সাতখন নাটকেই অন্য নাট্যকাৰৰ নামত লিখিব পৰাৰ সুযোগ নহ’ব নে ? এই সুযোগ উলিয়াই দিয়াৰ দোষত কোন দোষী হ’ব ? নাট্যকাৰ পৰিচালক অভিজিত ভট্টাচাৰ্য আৰু প্ৰতিস্থাপক প্ৰযোজক কৃষ্ণ ৰয় , প্ৰযোজিকা প্ৰস্তুতি পৰাশৰ ? আৱাহনৰ মুখ্য সচেতক প্ৰীতি শইকীয়া বাইদেউ তথা উপদেষ্টা মণ্ডলী সকল(অচ্যুৎ পাটোৱাৰী, কমল কুমাৰ ভাগৱতী, উৎপল মেনা ইত্যাদি) আপোনালোক আটাইয়ে এই বিষয়ে জ্ঞাত নিশ্চয় ।

সাধাৰণ দৃষ্টিত গীতে-মাতে ন “লভিতা ” এখন উপভোগ্য নাটক…………তৰালী শৰ্মাৰ সংগীত , উদয় শংকৰৰ ক’ৰিঅগ্ৰাফ ,জীৱন হাতীকাকতি, লাটুমনি ভূঞা ,মঞ্জিল বৰুৱা ,নিৰ্মল দত্ত , ঋতুৰাজ মহন্ত, মৃনালদ্বী গোস্বামী তথা নাম ভুমিকাত প্ৰস্তুতি পৰাশৰ অভিনয় অতি সুন্দৰ । মুন শইকীয়া আৰু অৰুন বৰাৰ চৰিত্ৰায়নক অতি তুলুঙা ৰূপত উপস্থাপন কৰা হ’ল ।

জ্যোতিপ্ৰসাদ আগৰৱালা ৰচনাৱলীৰ মুখ্য সম্পাদক শ্ৰদ্ধেয় ড: হীৰেন গোহাঁই চাৰ তথা সহযোগী সম্পাদক ড: পৰমানন্দ মজুমদাৰ আৰু সমীন্দ্ৰ হুজুৰি দেৱ আপোনালোক এই বিষয়ত জ্ঞাত নে ?

যদি কোনেও এই ক্ষেত্ৰত কোনো তথ্য দিব নোৱাৰে । জ্যোতি প্ৰসাদ ,বিষ্ণু ৰাভা, ফণী শৰ্মা অথৱা ড: ভুপেন হাজৰিকা তথা অসমৰ বৰেণ্য ব্যক্তি সকলৰ ৰচনাক যিয়ে যেতিয়াই তেতিয়াই সম্পৰীক্ষা কৰিব নোৱাৰাৰ বাবে কোনো সচেতন মহলে বিষয়টো লৈ মহামান্য আদালতত PIL (Public Interest Litigation) তৰাৰ অৱকাশ নাথাকিব নে ?

অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও সৌ সিদিনা গনেশগুৰিত নাটক খন প্ৰত্যক্ষ কৰি গ’ল । সন্মানীয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ জ্ঞাতাৰ্থেও আমাৰ মনত উদয় হোৱা প্ৰশ্নটো উথ্বাপন কৰিলো “লভিতা” নাটক খন এতিয়া উত্তৰ পুৰুষে কাৰ বুলি মনত ৰাখিব ? নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ “লভিতা” বৈধ নে ?

আৱাহন থিয়েটাৰ কতৃপক্ষই নাটক খনৰ নাম প্ৰকাশ কৰাৰ পিছৰে পৰা বিভিন্ন জনৰ প্ৰতিক্ৰিয়া চ’ছিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছিল । “ভ্ৰাম্যমাণ থিয়েটাৰ দৰ্শক ফ’ৰাম ” অসমৰ সভাপতি সন্মানীয় অতুল মজুমদাৰ, সম্পাদক প্ৰনৱজ্যোতি বৰ্মন নাট্যকাৰ জিতেন শৰ্মা, বিনোদ ভাগৱতী আদিয়ে বিষয়টো সাংস্কৃতিক সঞ্চালক , জ্যোতি ভাৰতীক অৱগত কৰাৰ খবৰো প্ৰচাৰ হৈছিল । তাৰ পিছতো জ্যোতিপ্ৰসাদৰ “লভিতা” নাটকক অভিজিত ভট্টাচাৰ্যই “লভিতা” বুলি নাট্যৰূপ দিয়াৰ সাহস, দু:সাহস, মৰসাহ যি অভিধাৰেই নামাকৰণ কৰিলেও ই নৈতিক ভাবে, শুদ্ধ আৰু স্বীকৃত হ’ব পাৰে নে ?

-এই প্ৰশ্নটো জনতাৰ বাবে মুকলি কৰি দিয়া হ’ল ।
সিদ্ধান্ত আপোনালোকৰ ।

(মোৰ বন্ধুৰ তালিকাত থকা সকলো বিশিষ্ট ব্যক্তিকে তেগ কৰাৰ দোষত মই দোষী বাবেই ক্ষমাপ্ৰাৰ্থী )

ভ্ৰাম্যমাণৰ তথ্য অতুল মজুমদাৰ দাদাৰ সহযোগত ।

ৰন্টু কুমাৰ শৰ্মা
নলবাৰী