লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ২৭ কোটিত কিনিলে ঋষভ পণ্টক 

লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ২৭ কোটিত কিনিলে ঋষভ পণ্টক 

ৰঙিলী বাৰ্ত্তাসেৱা- ২৪ নৱেম্বৰত অনুষ্ঠিত হোৱা আই পি এলৰ প্ৰথম দিনৰ নিলামত আশা কৰা ধৰণেই সৰ্ব কালৰ ইতিহাস ভংগ কৰিলে ঋষভ পণ্টে।  আশা কৰা মতেই তেওঁ কেইবাটাও দলৰ পৰা লাভ কৰিছিল লোভনীয় প্রস্তাৱ। অৱশেষত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে পণ্টক সৰ্বকালৰ সৰ্বাধিক ২৭ কোটি টকাত ক্রয় কৰে। নিলামৰ টেবুলত ধুমুহাৰ সৃষ্টি কৰে সুদক্ষ বেটাৰগৰাকীয়ে। এই মুহূর্তত তেৱেঁই আইপিএলৰ আটাইতকৈ দাবী ক্রিকেটাৰ। ঋষভ পণ্টক লক্ষ্ণৌৱে ক্ৰয় কৰাৰ পূর্বে ২৬ কোটি ৭৫ লাখ টকাত শ্রেয়াসক ক্রয় কৰিছিল পঞ্জাবে। পণ্টক পাবলৈ আৰম্ভণিৰ পৰাই দৌৰত আছিল লক্ষ্ণৌ। তেওঁলোকৰ সৈতে যুঁজত নামিছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। কিন্তু পণ্টৰ দাম ১০ কোটি অতিক্ৰম কৰাৰ পাছতে আঁতৰি যায় বেংগালুৰু। ইয়াৰ পাছত লক্ষ্ণৌৰ সৈতে প্রতিদ্বন্দ্বিতাত নামে ছানৰাইজাৰ্ছ হায়দৰাবাদ। ২০ কোটি ৭৫ লাখ টকা দাম উঠাৰ পাছতে এৰি দিয়ে হায়দৰাবাদে। উল্লেখ্য যে ২০১৬ চনত পণ্টৰ আইপিএলত অভিষেক হৈছিল। আইপিএলৰ আৰম্ভণিৰ পৰাই দিল্লী কেপিটেলছৰ হৈ খেলিছিল তেওঁ। ১১১খন মেচ খেলি পন্টে সংগ্ৰহ কৰিছে ৩,২৮৪ ৰান। অর্ধশতৰান কৰিছে ১৮টা আৰু শতৰান কৰিছে ১টা।