যৌন কাৰ্য্যত লিপ্ত নোহোৱাৰ বাবেই ৰিজৰ্টৰ যুৱতী কৰ্মচাৰীক হত্যা

Pc The janambhumi

যৌন কাৰ্য্যত লিপ্ত নোহোৱাৰ বাবেই ৰিজৰ্টৰ যুৱতী কৰ্মচাৰীক হত্যা

ৰঙিলী বাৰ্ত্তাসেৱা-  জ্যেষ্ঠ বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিত আৰ্যক উত্তৰাখণ্ডৰ পাউৰী জিলাৰ ঋষিকেশৰ ওচৰত থকা এটা ৰিজৰ্টত ৰিচেপচনিষ্ট হিচাপে কাম কৰা এগৰাকী ১৯ বছৰীয়া যুৱতীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।আৰক্ষীয়ে জনোৱা মতে, ৰিজৰ্টৰ গৰাকী পুলকিত আৰ্য, ৰিজৰ্ট মেনেজাৰ সৌৰভ ভাস্কৰ আৰু সহকাৰী মেনেজাৰ অংকিত গুপ্তাক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নিৰ্দেশৰ পিছত নাগৰিক কৰ্তৃপক্ষই ৰাতিটোৰ ভিতৰতে ৰিজৰ্টত ধ্বংসযজ্ঞ চলাইছিল।স্থানীয় লোকে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ পৰা ‘বুলডোজাৰ ন্যায়’ দাবী কৰে৷মহিলা কৰ্মচাৰীগৰাকীৰ হত্যাৰ বিৰুদ্ধে বিভিন্ন অঞ্চলত প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে অভিযুক্তৰ ৰিজৰ্ট ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে।বিজেপি নেতাৰ পুত্ৰ পুলকিত আৰ্যৰ ৰিজৰ্ট খন আজি প্ৰশাসনে বুলডোজাৰেৰে ধ্বংস কৰে।মুখ্যমন্ত্ৰীয়ে জিলা দণ্ডাধীশসকলক ৰাজ্যখনৰ সকলো ৰিজৰ্টৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।মুখ্যমন্ত্ৰীয়ে অবৈধভাৱে কাম কৰি থকা ৰিজৰ্টসমূহৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰিবলৈও নিৰ্দেশ দিছে।উল্লেখযোগ্য যে,বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিত আৰ্যৰ বিৰুদ্ধে যৌন কাৰ্য্যত লিপ্ত নোহোৱাৰ বাবেই ৰিজৰ্টৰ যুৱতী কৰ্মচাৰী গৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।১৮ ছেপ্টেম্বৰত নিৰুদ্দেশ হোৱা কৰ্মচাৰীগৰাকীৰ মৃতদেহ শনিবাৰে পুৱা মহিলা উদ্ধাৰ কৰা হৈছিল।ঘটনা সন্দৰ্ভত যুৱতী গৰাকীৰ পিতৃয়ে অভিযোগ কৰিছে যে অভিযুক্তসকলে তেওঁৰ কন্যাক যৌন উৎপীড়ন কৰিছিল আৰু এই কাৰ্যত সন্মতি নিদিয়াৰ বাবে তেওঁক হত্যা কৰিছিল।