যৌতুক আৰু বোৱাৰী নিৰ্যাতন
অনামিকা(সংগীতা) কলিতা,শুৱালকুছি
যৌতুক আৰু বোৱাৰী নিৰ্যাতন। খুব স্পৰ্শ কাতৰ বিষয়। আগতে অসমৰ বাহিৰে ভাৰত বৰ্ষৰ প্ৰায় বোৰ ৰাজ্যতে ,যৌতুকৰ কাৰণে বোৱাৰী জলাই দিয়া ঘটনা সদায় সংবাদ মাধ্যমত প্ৰায়ে দেখো ।বৰ্তমান আমাৰ অসমতো দুই এটা ঘটনা দেখিবলৈ পাওঁ।
যৌতুকৰ কাৰণে বোৱাৰী নিৰ্যাতন অতিকৈ দুখৰ বিষয়। কাৰণ এজনী ছোৱালী মাক /দেউতাকে খুব কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ দীঘল কৰে। তাৰ পিছত সেই ছোৱালী জনী ডাঙৰ হৈ বিয়াৰ উপযুক্ত হওতে, আন এখন ঘৰলৈ উলিয়াই দিয়ে ।তেনে কৰোতে তেখেত সকলে নিজৰ কলিজাতো কাটি উলিয়াই আনক দিয়া অনুভৱ কৰে । তথাপিও হাঁহি মুখে ছোৱালী জনীৰ প্ৰয়োজনীয় কিছু সামগ্ৰী আৰু শাহু -শহুৰৰ কাৰণে উপহাৰ কিছু দি পথাই দিয়ে মৰমেৰে। কিন্তু সেই মৰমৰ খিনি দুৰ্বলতা বুলি ভাবি দৰাৰ পৰিয়ালে সিহঁতৰ কিছুমান দাবি পূৰণৰ চেষ্টা কৰে ।নাপালে ছোৱালী জনীৰ ওপৰত নানান অত্যাচাৰ চলাই,অত্যধিক অত্যাচাৰ ফলত কেতিয়াবা ছোৱালী জনীৰ মৃত্যু বা বিবাহ বিচ্ছেদ কৰিবলৈ বাধ্য হয়।
যৌতুকৰ কাৰণে বহুত বোৱাৰীক জীৱন্তে জুই লগাই মাৰিবলৈ কুন্ঠবোধ নকৰে ।বিহাৰ /উৰিষ্যা আদি ৰাজ্যত যৌতুকৰ নামত দৰদাম চলে। এই ক্ষেত্ৰত নাৰীয়ে নাৰীৰ শত্ৰু অনুভৱ হয় ।যৌতুক লোৱা ঘৰখনত নাৰী গৰাকীয়ে এই ক্ষেত্ৰত বিৰোধিতা কৰাৰ সলনি সহযোগ কৰে । যাৰ ফলত যৌতুক এক সামাজিক ব্যাধি যেন অনুভৱ হয়।এই সকলো বোৰৰ পৰা পৰিত্ৰাণ পাবলৈ কেইটামান ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
১/ছোৱালী জনীক বিয়া দিয়াৰ কাৰণে ভবাৰ সলনি, প্ৰথমে তাইক পঢ়াশুনাই শাৰিৰীক/ মানসিক/আৰ্থিক ভাবেও উপযুক্ত কৰি গঢ়ি তুলিব লাগিব।
২|অভিভাৱক (মাক-দেউতাক) দুয়োগৰাকীয়ে নিজৰ সন্তান ল’ৰা বা ছোৱালীৰ হওক ভেদাভেদ পৰিহাৰ কৰা ।
৩| যেতিয়া এখন ঘৰৰ মানুহে ছোৱালী এগৰাকী বোৱাৰী কৰি নিবলৈ চাব আহি যৌতুকৰ কথা উলিয়াই ,তেনে ব্যক্তিৰ ঘৰত বিয়া দিয়া নাকচ কৰিব লাগিব ।পাৰিলে তেনে লোকক পুলিচত গটাই দিব লাগিব ।
এনেবোৰ কথাত গুৰুত্ব দিলে যৌতুক মুক্ত ৰাষ্ট্ৰৰ কল্পনা কৰিব পাৰি।