যোৱা ৫ বছৰত ৬ লাখতকৈও অধিক ভাৰতীয়ই তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছে: চৰকাৰ

Pc Hindustan times

যোৱা ৫ বছৰত ৬ লাখতকৈও অধিক ভাৰতীয়ই তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছে: চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা পাঁচ বছৰত ছয় লাখতকৈও অধিক ভাৰতীয়ই তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছে, কেন্দ্ৰই লোকসভাত অৱগত কৰে। এক লিখিত উত্তৰত চৰকাৰে কয় যে ২০১৭ চনত ১,৩৩,০৪৯ জন ভাৰতীয়ই ভাৰতীয় নাগৰিকত্ব, ২০১৮ চনত ১,৩৪,৫৬১ জন, ২০১৯ চনত ১,৪৪,০১৭ জন আৰু ২০২০ চনত ৮৫,২৪৮ জন ভাৰতীয়ই ত্যাগ কৰিছিল। কেন্দ্ৰৰ মতে, মুঠ ১,৩৩,৮৩,৭১৮ জন ভাৰতীয় নাগৰিক বিদেশত বাস কৰি আছে।