যোৰহাটত প্ৰচণ্ড গৰমৰ বাবে দুজন লোকৰ কৰুণ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- উৎকট গৰমে দহিছে সকলোকে। উষ্ণতাৰ পাৰাস্তম্ভ দিনকদিন ঊর্ধ্বগামী হোৱাত ব্যাহত হৈছে স্বাভাৱিক জীৱনযাত্রা। তাৰ মাজতে সোমবাৰে যোৰহাটত সংঘটিত হয় এক কৰুণ ঘটনা। বিগত বর্ষসমূহৰ অভিলেখ ভংগ কৰি যোৰহাটত হোৱা প্ৰচণ্ড গৰমে প্রাণ ল’লে দুজন ব্যক্তিৰ।ব্যক্তি দুজনে প্রচণ্ড গৰমত যোৰহাট নগৰৰ পদপথত কৰুণ মৃত্যুক সাবটি লয়। নগৰখনৰ মাজমজিয়াত থকা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান প্ৰিন্স অব ৱেলছৰ সন্মুখত এজন আৰু জি কে পেলেচ হোটেলৰ তলৰ পদপথত আন এজন লোকৰ হিটষ্ট্ৰ’কত মৃত্যু হয় । ইয়াৰে ভিতৰত এজন লোকক অঘৰী বুলি জানিব পৰা গৈছে । তেওঁ যোৰহাট নগৰতে খুজি-মাগি জীৱন নিৰ্বাহ কৰি আছিল । আনহাতে, আনজন লোক মুৰমুৰীয়া চাহ বাগিচা অঞ্চলৰ বুলি জানিব পৰা গৈছে । ইতিমধ্যে দুয়োজন ব্যক্তিৰ মৃতদেহ আৰক্ষীয়ে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । আৰক্ষীয়ে দুয়োজনৰ মৃতদেহ মেডিকেল কলেজলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। মৃত্যু হোৱা লোক দুজনৰ নাম উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। উল্লেখ্য যে বিগত প্রায় এসপ্তাহ ধৰি হোৱা আস্বাভাৱিক গ্রীষ্মপ্ৰবাহৰ ফলত যোৰহাটৰ ৰাজপথ দিনৰ ভাগত শূন্য হৈ পৰে।