যোৰহাটত নৃশংসভাৱে ছাত্ৰ নেতা অনিমেষ ভূঞাক হত্যাকাণ্ডক গৰিহণা জনাই অসম প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া

Pc East Mojo Assam

যোৰহাটত নৃশংসভাৱে ছাত্ৰ নেতা অনিমেষ ভূঞাক হত্যাকাণ্ডক গৰিহণা জনাই অসম প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া

ৰহিলী বাৰ্ত্তাসেৱা-  যোৰহাটৰ মাজ মজিয়াত গোলাঘাটৰ ছাত্ৰ নেতা অনিমেষ ভূঞাক একাংশ দুস্কৃতিকাৰী লোকে বৰ্বৰভাৱে হত্যা কৰা জঘন্য ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। এই জঘন্য ঘটনাত জড়িত লোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। ৰাজ্য খনত আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰ ব্যৰ্থ হৈছে, যাৰ বাবে দৈনন্দিনভাৱে আইন শৃংখলা জনীত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অসাধু লোকে আইন হাতত তুলি ল’বলৈ সাহস কৰিছে। আমি অসম প্ৰদেশ কংগ্রেছৰ তৰফৰ পৰা চৰকাৰলৈ দাবী জনাইছো যাতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ কুণ্ঠাবোধ নকৰে। লগতে প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ আহ্বানমৰ্মে প্ৰদেশ কংগ্রেছৰ তৰফৰ পৰা গোলাঘাট জিলা কংগ্ৰেছৰ এটি সজাতি দলে ছাত্ৰনেতা অনিমেশ ভূঞাৰ বাসগৃহত উপস্থিত হৈ শোকসন্তাপত থকা পৰিয়ালৰ সদস্যলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।সাংস্কৃতিক নগৰ ৰূপে খ্যাত যোৰহাট চহৰৰ মাজ মজিয়াত এদল দুৰ্বৃত্তই অতি নৃশংসভাৱে হত্যা কৰা ঘটনাক গোলাঘাট জিলা কংগ্ৰেছে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু দোষী সকলোকে অতিশীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় । গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে নেতৃত্বত জিলা কংগ্ৰেছৰ এটা সঁজাতি দলে দুৰ্ভগীয়া পৰিয়ালটিৰ কাষত উপস্থিত হৈ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । লগতে 20 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালৰ এজনক চৰকাৰে সংস্থাপন দিবলৈ দাবী জনায় । প্ৰদেশ কংগ্ৰেছৰ সদস্য বিতোপন শইকীয়া , জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জেনিথ বৰা , অজিত বৰা , ৰঞ্জিত বৰা , চৈয়দ মহিবুল হক , দ্বীপেন বৰুৱা , জিলা যুৱ কংগ্ৰেছৰ সভাপতি দেৱব্রত ফুকন , কঠালগুৰি ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল ৰাজখোৱা , নৰ্থ দেৰগাঁও ব্লক কংগ্ৰেছৰ সভাপতি লাচিত বৰুৱা , দেৰগাঁও সমষ্টি সামাজিক মাধ্যমৰ সমন্বয়ক জয়কৃষ্ণ বৰুৱা সহ , সঁজাতি দলটিয়ে ঘটনাটোত আহত হৈ চিকিৎসাধীনহৈ থকা মৃদুষ্মন্ত বৰুৱা আৰু প্ৰণয় দত্তৰ বাসগৃহত উপস্থিত হৈ অৱস্থাৰ বুজ লয় আৰু চৰকাৰক উপযুক্ত চিকিৎসা গ্ৰহণৰ দাবী জনায় ।