যোগ প্ৰদৰ্শন, জুম্বা, নৃত্য-গীতেৰে মুখৰিত অসম যোগ মহোৎসৱৰ সামৰণি অনুষ্ঠান

যোগ প্ৰদৰ্শন, জুম্বা, নৃত্য-গীতেৰে মুখৰিত অসম যোগ মহোৎসৱৰ সামৰণি অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ উদ্যোগত অসম মিচিং কাউঞ্চিলৰ প্ৰত্যক্ষ সহযোগত আৰু ৰুদ্ৰাক্ষ যোগ কেন্দ্ৰৰ আতিথ্যত ধেমাজি জিলাৰ গোগামুখত ১২ ডিচেম্বৰত অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে শুভ উদ্বোধন কৰা আৰু সুদীৰ্ঘ ৪০ দিন ধৰি অসমৰ বিভিন্ন জিলাত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সপ্তদশ অসম যোগ মহোৎসৱৰ সফল সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানত যোগ প্ৰদৰ্শন, বিহু নৃত্য, মিচিং কৃষ্টি নৃত্য, বেংগলী ধামাইল নৃত্য, জুম্বা, সমূহীয়া যোগাভ্যাস আৰু অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হোৱা যোগ প্ৰতিযোগিতাৰ বঁটা, মানপত্ৰ বিতৰণ আদি আকৰ্ষণীয় কাৰ্যসূচীৰে দীৰ্ঘজোৰা যোগ মহোৎসৱৰ সফল সামৰণি পৰে ৷ ত্ৰি-শতাধিক যোগ খেলুৱৈ, যোগ প্ৰশিক্ষক আৰু যোগ শিকাৰু সকলৰ উপস্থিতিত অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি যোগাচাৰ্য্য শুভাশীষ ক’ৰ, যোৰহাট যোগ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰবীন কুমাৰ গোস্বামী, বিবেকানন্দ কেন্দ্ৰ গুৱাহাটীৰ সুভ্ৰত মুখাৰ্জী, বি এছ এন এলৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা চিত্তৰঞ্জন বৰুৱা, ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ সম্পাদক প্ৰফুল্ল বৰ্মণ, সপ্তদশ অসম যোগ মহোৎসৱৰ সাধাৰণ সম্পাদক ড° অনিল কুমাৰ পেগু, যোগ প্ৰশিক্ষক যাদৱ পোখৰেল, ভানুমতি পাও, লিলি সন্দিকৈ, সুৰেশ পোদ্দাৰ,অধিবক্তা গৌতম পাটোৱাৰী, ধেমাজী ৰুদ্ৰাক্ষ যোগ কেন্দ্ৰৰ যোগী যথাক্ৰমে বিদ্যাবতী পাতিৰ, তনুজা পেগু, উত্তম কাফকে, ৰীতা কাফকে, জোৎস্না মিলি, গুণ সিন্ধু পেগু, বৈজয়ন্তী বসুমতাৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যোগ থেৰাপিষ্ট চিক্তাদেৱ ক’ৰ লগতে যোগ সংগঠক, যোগ প্ৰচাৰক আৰু যোগ সাধনা বঁটা বিজয়ী ধনঞ্জয় তালুকদাৰ আদি ব্যক্তিসকল উপস্থিত থাকে ৷ অনুষ্ঠানত ৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ যোগাসন প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰা খেলুৱৈ উদিতা ৰাণী বৰা, চিবিএছই আন্তঃবিদ্যালয় ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা কুঁহি ডেকা আৰু ৫২ সংখ্যক কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ আন্তঃবিদ্যালয় ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰা হৰ্ষিত কোঁৱৰ বৰাক বিশেষ কৃতিত্বৰ বাবে মানপত্ৰ আৰু মোমেন্টৰে সম্বৰ্ধনা জনোৱা হয় ৷ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ১৭ গৰাকী যোগবিদ, যোগ সংগঠক আৰু যোগ প্ৰচাৰকক যোগ উৎকৰ্ষ সাধনৰ বাবে কৰা বিশেষ সেৱাৰ স্বীকৃতি স্বৰূপে স্বামী শিবানন্দ সৰস্বতী যোগ প্ৰেৰণা বঁটা , যোগ প্ৰচাৰক, যোগ সংগঠক , যোগ পাৰদৰ্শী, যোগ ভাস্কৰ, যোগ অলংকাৰ, যোগ সম্ৰাট, যোগ সাধক, যোগ সেৱক, যোগ প্ৰাচুৰ্য্য, যোগ বিভুতি, যোগ উৎকৰ্ষ, যোগ জ্যোতি আদি শীৰ্ষক বঁটাৰে বিভুষিত কৰা হয় । যোগবিদ দিব্যজ্যোতি ডেকা আৰু অৰুন্ধতী তালুকদাৰে আঁত ধৰা সামৰণি অনুষ্ঠান মংগলচৰণেৰে শুভাৰম্ভ হৈ সমূহীয়া শান্তি মন্ত্ৰেৰে সফল সামৰণি পৰে ৷