যুদ্ধত অনাথ হোৱা শিশুক সহায়ৰ বাবে এগৰাকী সংবাদিকে বিক্ৰী কৰিলে নিজৰ নোবেল পুৰস্কাৰ

Pc- The Tribune-Democrat

মানৱতা তেওঁৰ বাবে শ্ৰেষ্ঠ
যুদ্ধত অনাথ হোৱা শিশুক সহায়ৰ বাবে এগৰাকী সংবাদিকে বিক্ৰী কৰিলে নিজৰ নোবেল পুৰস্কাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বতন্ত্ৰ বাতৰি কাকত নোভায়া গাজেটাৰ ৰাছিয়াৰ মুখ্য সম্পাদক দিমিত্ৰী মুৰাটভে সোমবাৰে ইউক্ৰেইনৰ যুদ্ধৰ ফলত স্থানচ্যুত হোৱা শিশুক সহায় কৰিবলৈ তেওঁৰ শান্তিৰ নবেল বঁটা সোণৰ পদক ১০৩.৫ নিযুত ডলাৰ( যি ভাৰতীয় হিচাপত প্ৰায় ৮০০ কোটি)ত নিলাম কৰে।সাংবাদিক দিমিত্রি মুৰাটভে ইউক্ৰেইনৰ শিশু শৰণাৰ্থীসকলৰ বাবে ধন সংগ্ৰহ কৰিবলৈ নিলাম কৰি থকা শান্তিৰ নবেল বঁটা ১০৩.৫ মিলিয়ন ডলাৰত বিক্ৰী হৈছে, যাৰ ফলত নবেলৰ অভিলেখ ভংগ হৈছে।মুৰাটভৰ পদক ব্যক্তিগত ভাৱে আৰু অনলাইন দুয়োধৰণে নিবিদাকাৰীসকলৰ বাবে উপলব্ধ আছিল, যাৰ সকলো উপাৰ্জন যুদ্ধৰ দ্বাৰা স্থানচ্যুত হোৱা ইউক্ৰেনীয় শিশুসকলৰ বাবে ইউনিচেফৰ মানৱীয় সঁহাৰিলৈ গৈছিল।মুৰাটভে ২০২১ চনত ফিলিপাইনছৰ সাংবাদিক মাৰিয়া ৰেছাৰ সৈতে এই বঁটা লাভ কৰিছিল।হেৰিটেজে প্ৰকাশ কৰা এটা ভিডিঅ’ত ভাষণ দি বিশিষ্ট সাংবাদিকগৰাকীয়ে কয় যে,”এই দানৰ উদ্দেশ্য হৈছে শৰণাৰ্থী শিশুসকলক ভৱিষ্যতৰ বাবে সুযোগ দিয়া।ইউক্ৰেইনত সংঘৰ্ষৰ বাবে অনাথ হোৱা শিশুসকলৰ বাবে মই বিশেষভাৱে চিন্তিত।আমি তেওঁলোকৰ ভৱিষ্যত ঘূৰাই দিব বিচাৰো।”