যুদ্ধকালীন তৎপৰতাৰে উমৰাংছু’ কয়লা খনিত অৱ্যাহত আছে উদ্ধাৰ অভিযান
ৰঙিলী বাৰ্ত্তাসেৱা- উমৰাংছু’ কয়লা খনিত যুদ্ধকালীন তৎপৰতাৰে অৱ্যাহত আছে উদ্ধাৰ অভিযান। উমৰাংছ’ কয়লাখনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ ভিতৰত এজনৰ মৃতদেহ বুধবাৰে পুৱা উদ্ধাৰ কৰিবলৈ সক্ষম হয় নৌ সেনাৰ ডুবাৰুৱে ৷খাদৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিছে শ্ৰমিকৰ মৃতদেহ।অৱশ্যে বাকী আঠজন শ্ৰমিকক এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ যুদ্ধকালীন তৎপৰতাৰে অব্যাহত আছে অভিযান ৷ ইপিনে, মঙলবাৰে সন্ধিয়া ধাৰাসাৰ বৰষুণৰ ফলত কয়লাখনিটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান স্থগিত ৰাখিবলগীয়া হয় । দিনটোত কেইবাবাৰো উদ্ধাৰ অভিযান চেষ্টা চলোৱাৰ পাছতো শ্ৰমিকসকলক উদ্ধাৰ কৰাত ব্যৰ্থ হয় মঙলবাৰে উদ্ধাৰকাৰী দল ৷উল্লেখযোগ্য যে ভাৰতীয় সেনা, অসম ৰাইফলছ, এন ডি আৰ এফ আৰু এছ ডি আৰ এফে উদ্ধাৰ অভিযান অৱ্যাহত ৰাখিছে। এই সমূহ উদ্ধাৰকাৰী দলৰ মাজতে কালি সন্ধিয়া ভাৰতীয় নৌ সেনাৰ ১২ জনীয়া এটা দল বিশাখাপট্টনমৰ পৰা আহি উমৰাংছ’ত উপস্থিত হৈ বুধবাৰে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে। ভাৰতীয় নৌসেনাৰ ডুবাৰুসকলেও কেইবাটাও ডিপ ডাইভিং সঁজুলি লৈ অভিযান অব্যাহত ৰাখিছে । উল্লেখ্য যে সোমবাৰে পুৱা প্রায় ৪ বজাত শ্রমিকসকলে কয়লাখনিটোত কাম আৰম্ভ কৰিছিল। কাম কৰি থকা অৱস্থাতে পুৱা প্রায় ৮ বজাত কয়লাখনিটোৰ সুৰংগত পানী প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে আৰু সম্পূৰ্ণভাৱে জলমগ্ন হৈ পৰে। বৰ্তমানলৈ সুৰংগটোত ১০০ ফুট পর্যন্ত জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত উদ্ধাৰকাৰী দলসমূহৰ উদ্ধাৰ অভিযান বিঘ্নিত হৈছে। সেনাই হেলিকপ্টাৰ ব্যৱহাৰৰ লগতে ড্রোন কেমেৰাৰ সহায়ত সুৰংগটোত আবদ্ধ হৈ থকা শ্রমিকসকলৰ অৱস্থিতি নিশ্চিত কৰিবলৈ চেষ্টা কৰিছে। কিন্তু জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে তেওঁলোকৰ অভিযান সম্পূৰ্ণৰূপে সফল হোৱা নাই। অৱশ্যে সকলো প্ৰকাৰৰ অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰি উদ্ধাৰকাৰী দলসমূহে শ্রমিকসকলক উদ্ধাৰৰ চেষ্টা চলাইছে।