যক্ষ্মা ৰোগ আৰু ৰাইজৰ সচেতনা- ডা০ যুতিকা ওজা

pc live science

যক্ষ্মা ৰোগ আৰু ৰাইজৰ সচেতনা

সময়ৰ পৰিবৰ্তনৰ লগে লগে আমি প্ৰতিদিনে নতুন নতুন ৰোগৰ নাম শুনিবলৈ পাইছো। এইডছ, লেপটোস্পাইৰোছিছ, ক’ভিড-১৯ ৰোগ, ইবোলা আদি ৰোগৰ আবৰ্ভাৱ হ’ব ধৰিছে। উন্নত চিকিৎসা পদ্ধতি, মানুহৰ সচেতনতা, ৰোগৰ বিষয়ে মানুহৰ সজাগতা আদিৰ ফলত নানান ৰোগৰ ভয়াবহতা আৰু আক্ৰান্তৰ সংখ্যা কমিবলৈ ধৰিছে। প্লেগ, হাইজা, মেলেৰিয়া আদি ৰোগৰ বিষয়ে আজিকালি আমি প্ৰায় নুশুনাই হ’লো। দুই এক মহামাৰী আনকি পৃথিৱীৰ পৰা বিলুপ্তও হ’ল।

কিন্তু তাৰ মাজতো প্ৰাচীন কালৰে পৰা দুই এক ৰোগ আছে, যাৰ ভয়াবহতা এতিয়াও বিদ্যমান। তাৰ মাজতে এবিধ ৰোগ হ’ল যক্ষ্মাৰোগ। এই ৰোগত প্ৰাচীন কালৰ পৰা বহুতো লোকৰ মৃত্যু হৈছে। এই ৰোগক বহুতো চিনেমাতো নায়ক-নায়িকাৰ মৃত্যুৰ কাৰণ হিচাপে দেখুৱাইছিল। অতীতৰ পৰাই মানুহৰ ধাৰণা আছিল যে এই ৰোগত আক্ৰান্ত হোৱা মানেই নিৰ্ঘাত মৃত্যু হোৱা আৰু ইয়াৰ কোনো চিকিৎসা নাই। যক্ষ্মাৰ প্ৰতি মানুহৰ এই ধাৰণা এতিয়াও বিশেষ সলনি হোৱা নাই আৰু মানুহৰ মাজত এতিয়াও ভ্ৰান্ত ধাৰণা আছে। এতিয়াও মানুহে যক্ষ্মাৰোগ বুলিলে ভয় খায় আৰু ই পূৰ্বজন্মৰ পাপ কামৰ প্ৰতিফল নাইবা ভগৱানৰ অভিশাপ বুলি ভাবে। এতিয়াও যক্ষ্মা ৰোগত আক্ৰান্ত লোক সমাজত অৱহেলিত হিচাপে গণ্য কৰা হয়। বৰ্তমানেও এই ৰোগৰ আক্ৰান্ত ৰোগীৰ সংখ্যা বহুত বেছি আৰু পৃথিৱীৰ প্ৰথম দহটা মুখ্য ৰোগৰ ভিতৰত এই ৰোগ অন্যতম।

আমাৰ দেশত যক্ষ্মাৰোগৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা যথেষ্ট বেছি। এতিয়াও প্ৰতিদিনে ১০০০ মানুহ যক্ষ্মাৰোগত আক্ৰান্ত হয় আৰু প্ৰতিবছৰে চাৰি লাখ মানুহৰ এই ৰোগত মৃত্যু হয়। অণুজীৱৰ দ্বাৰা  হোৱা এই ৰোগ যিকোনো মানুহৰ হ’ব পাৰে। বেছিক্ষেত্ৰত যক্ষ্মাৰোগৰ জীৱাণুৱে হাওঁফাওঁক আক্ৰামন কৰে। আমহাতে কিছু ক্ষেত্ৰত শৰীৰৰ অন্য অংশ অন্ত্ৰনলী, হাড় আদিও যক্ষ্মাৰোগৰ দ্বাৰা আক্ৰান্ত হয়। হাওঁফাওঁত হোৱা যক্ষ্মা ৰোগ সোঁচৰা আৰু ই আক্ৰান্ত ব্যক্তিৰ পৰা অন্য ব্যক্তিলৈ বিয়পিব পাৰে। হাওঁফাওঁত থকা জীৱাণু ৰোগীয়ে হাঁচিয়ালে বা কাঁহিলে বতাহৰ দ্বাৰা অন্য ব্যক্তিলৈ বিয়পে।

সাধাৰণতে এই ৰোগত আক্ৰান্ত ব্যক্তিৰ অত্যাধিক কাঁহ হয়, সন্ধিয়া সময়ত জ্বৰ উঠে, উশাহ নিশাহত কষ্ট পায়, দুৰ্বল হয়, বুকু বিষায় আৰু দুৰ্বল অনুভৱ হয়। বেছিভাগ ৰোগীৰে শৰীৰৰ ওজন কমি যায়, এলাহ লাগে। কেতিয়াবা কাঁহিলে খেকাৰৰ লগত তেজ ওলোৱা দেখা যায়। শৰীৰৰ গ্ৰন্থিসমূহ ফুলি উঠে সেইবাবে জ্বৰ বা কাঁহ দুসপ্তাহতকৈ বেছিদিন থাকিলে ৰোগীগৰাকীৰ পৰীক্ষা কৰাতো প্ৰয়োজনীয় পৰীক্ষাৰ বাবে চৰকাৰী চিকিৎসালয়ত সকলো ধৰণৰ সুবিধা আছে।

সৰু কালতে লোৱা বিচিজি টীকাই সৰু ল’ৰা ছোৱালীক যক্ষ্মাৰ পৰা পৰিত্ৰাণ দিয়ে, কিন্তু বয়স বাঢ়ি আহিলে যক্ষ্মাৰ পৰা পৰিত্ৰাণ নিদিয়ে। সঠিক চিকিৎসাৰ দ্বাৰা ৰোগী সম্পূৰ্ণৰূপে সুস্থ হয়। কিন্তু যক্ষ্মাৰোগীয়ে দৰৱসমূহ চিকিৎসকে দিয়া ধৰণে খাব লাগে। বহুতে আকৌ অলপ ভাল হোৱাৰ পিছত ঔষধ খোৱা বন্ধ কৰে। চিকিৎসা আধৰুৱা হ’লে বা চিকিৎসা নকৰালে পিছলৈ ই গুৰুত্বৰ ৰূপ ধাৰণ কৰে। ঔষধ নিয়মিতৰূপে সম্পূৰ্ণভাৱে আৰু উপযুক্ত মাত্ৰাত সেৱণ কৰিলে যক্ষ্মাৰোগ সম্পূৰ্ণৰূপে আৰোগ্য হয়। চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ সেৱণ বন্ধ কৰিব নালাগে। ৰোগী থকা কোঠাত ৰ’দ আৰু বতাহৰ সুচল ব্যৱস্থা থকাটো অতি প্ৰয়োজনীয় ৰোগী গৰাকীৰ খোৱা বোৱাৰ ক্ষেত্ৰত যত্ন লোৱা দৰকাৰ ৰোগী গৰাকীয়েও য’তে ত’তে থু-খেকাৰ পেলাব নালাগে।ধপাত সেৱন বা ধুমপানৰ পৰা ৰোগী গৰাকী আঁতৰি থাকিব লাগে। ঔষধ সেৱন আধৰুৱা কৰিলে সচৰাচৰ যক্ষ্মাৰোগৰ জীৱাণু ঔষধসমূহৰ বিপৰীতে প্ৰতিৰোধ গঢ়ি তোলে। যক্ষ্মাৰোগৰ জীৱাণু কিছুমানেও নিজৰ প্ৰকৃতি সলনি কৰি শেষত গুৰুতৰ ৰোগৰ সৃষ্টি কৰে। এইক্ষেত্ৰত চিকিৎসকৰ দিহা পৰামৰ্শ নিতান্তই প্ৰয়োজনীয়।

যিকোনো মানুহৰে এই ৰোগ হ’ব পাৰে। যদিও দুখীয়া মানুহ এই ৰোগৰদ্বাৰা বেছিলৈ আক্ৰান্ত হোৱা দেখা যায়। সাধাৰণতে বস্তি অঞ্চল, আদিৰ লগতে ঘন জনবসতি থকা অঞ্চলসমূহৰ লোকৰ মাজত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। এইডছ আক্ৰান্ত ৰোগী ধপাত সেৱনকাৰী আৰু পুষ্টিহীনতাত ভোগা ৰোগী অতি সোনকালে যক্ষ্মাৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়।

বহুক্ষেত্ৰত দেখা যায় যে যক্ষ্মাৰোগীগৰাকীৰ ঘৰৰ মানুহৰ লগত চুবুৰীয়া মানুহেও অৱহেলা কৰে আৰু ভয় খায় যে ৰোগীগৰাকীৰ ওচৰলৈ গ’লেই এই ৰোগ হ’ব। এটা সময়ত যক্ষ্মা ৰোগাক্ৰান্ত ৰোগীৰ পৰিয়ালৰ সমাজৰ পৰা এঘৰীয়া পৰ্য্যন্ত কৰিছিল। ৰাজহুৱা কাম-কাজত অংশগ্ৰহণ কৰিব নিদিছিল আৰু ৰাজহুৱা পুখুৰীৰ পানী পৰ্য্যন্ত ব্যৱহাৰ কৰিব নিদিছিল। তাৰ ফলস্বৰূপে বহুতে আক্ৰান্ত হ’লেও সমাজত লুকুৱাই ৰাখিছিল। ফলস্বৰূপে, উপযুক্ত চিকিৎসাৰ অভাৱত ৰোগীসকলৰ কৰুণ মৃত্যু হৈছিল।

কিন্তু দিন বাগৰাৰ লগে লগে আৰু বিজ্ঞানৰ চমকপ্ৰদ উন্নতিৰ বাবে যক্ষ্মা ৰোগৰ চিকিৎসা আজি সহজলভ্য হৈছে। মানুহৰ মাজত সচেনতা বৃদ্ধি পাইছে। কৰমৰ্দন কৰিলে, ৰোগীয়ে ব্যৱহাৰ কৰা বাচন বৰ্তন ভালদৰে ধোৱাৰ পিছত, একে কাপোৰ ব্যৱহাৰ কৰিলে, ৰোগীৰ বিচনা চুলে আদিকৰ্য্যৰ দ্বাৰা এই ৰোগ নিবিয়পে।

উন্নত চিকিৎসা আৰু ৰাইজৰ সহযোগ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণৰ মূল চাবিকাঠী। প্ৰাৰম্ভিক পৰ্য্যায়ত ৰোগ নিৰূপণ, চিকিৎসকৰ দিহামতে ঔষধ সেৱন আৰু স্বাস্থ্য সন্মত জীৱনশৈলীৰ দ্বাৰা আমি নিশ্চিতভাৱে এদিন যক্ষ্মা ৰোগক পৰাভূত কৰিব পাৰিম।

ডা০ যুতিকা ওজা
মুৰব্বী অধ্যাপিকা, কমিউনিটি মেডিচিন বিভাগ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়