মই কবিতা
“মই কবিতায়ে কৈছো,
এটা কথা কব বিচাৰিছোঁ”।
মোৰ জন্ম নদীৰ সোঁতেৰে,
মোৰ জন্ম আকাশখনেৰে।
মোৰ জন্ম ফুলবোৰেৰে,
মোৰ জন্ম আই প্রকৃতিৰে।
মোৰ জন্ম লেখকৰ ভাবনাৰে,
মোৰ জন্ম সত্য কথাৰে।
সকলোৱে মোক মৰমেৰে আদৰি লৈছে,
সকলোকে পোহৰৰ প্ৰকাশ দেখাবলে।
বাক্যৰ শেষ ভাগত আছে ছন্দ,
মনত মই জগাওঁ প্ৰেম আৰু আনন্দ।
মই সুখী হলে যেন পাঠক হয় সুখী,
মই দুখী হলে যেন পাঠক হয় দুখী।
নাই মোৰ উদ্দেশ্য মানৱক বিভেদ কৰিবলৈ,
মন মোৰ জাতি ধৰ্ম এক কৰিবলৈ।
মন মোৰ বন্ধুত্বৰ বান্ধোন গঢ়িবলৈ,
মন মোৰ জাতি ধৰ্মৰ ভেদ ভাৱ নাশিবলৈ।
মহৎলোকৰ মহৎ বাণী ময়েই বিলাওঁ,
জীৱনৰ কথাৰে, মনোবল বিলাই যাওঁ।
আজি যেন মোৰ অস্তিত্ব নোহোৱা হৈছে,
ৰাজনৈতিক ভাবেৰে যেন মোৰ অপব্যৱহাৰ হৈছে।
ৰাজনীতিৰে মোক নকৰিবা অর্থহীন,
দুৰ্নীতিত মোক নকৰিবা বিলীন।
যেনে মই আছো তেনেকৈ থাকিবলৈ দিয়া,
ৰাজনীতিৰ লগত মোক নকৰিবা তুলনা।
ৰামায়ণ মহাভাৰত ময়েই হয়,
বিলাওঁ জ্ঞান “ধৰ্মৰ সদায় জয়”।
শঙ্কৰ-মাধৱদেৱওঁ মোক ভক্তিৰ সুৰ দিলে,
ককা নীলমণিৰ দৰে মহিষীয়ে মোক বিশ্বত থাপিলে।
মোক নকৰিবা অপব্যৱহাৰ,
নহলে ধৰাত হব অন্ধকাৰ।
-নিতিষ্মান দাস
অষ্টম শ্ৰেণী