মৰিগাঁও জিলা ভিত্তিক কীৰ্তি শিক্ষকৰ বঁটা

মৰিগাঁও জিলা ভিত্তিক কীৰ্তি শিক্ষকৰ বঁটা

মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- পোৱা মৈৰাবাৰীৰ শিক্ষক গোবিন্দ কিশোৰক মৈৰাবাৰী বিজেপি মণ্ডলৰ সম্ভৰ্ধনা।যোৱা পাছ ছেপ্টেম্বৰ তাৰিখে মৰিগাঁও জিলা ভিত্তিক কীৰ্তি শিক্ষকৰ বঁটা লাভ কৰিছিল মৈৰাবাৰী গাৰ্লছ হাইস্কুলৰ শিক্ষক গোবিন্দ কিশোৰ দালালে।এই বছৰৰ মৈৰাবাৰীৰ একমাত্ৰ কীৰ্তি শিক্ষকৰ বঁটা লাভ কৰা শিক্ষক গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে শৈক্ষিক সমাজৰ মাজত ব্যাপক জনপ্ৰিয়।১৯৮৬ চনৰ পৰা প্ৰায় ২৫ বছৰ কাল অপ্ৰদেশীকৃত বাবে গাৰ্লছ হাইস্কুলত বিনা বেতনেৰে শিক্ষা দান কৰি আহিছিল আদৰ্শবান শিক্ষক গোবিন্দ কিশোৰে।সমগ্ৰ মৈৰাবাৰীৰ দুখীয়া ছাত্ৰ-ছাত্ৰী সকলক বিনা পইছাৰে বছৰ বছৰ ধৰি কোচিং কৰাই আহিছে কীৰ্তি শিক্ষক গৰাকীয়ে।শিক্ষক গৰাকীৰ এনে মহানুভতাৰ মূল্য স্বৰূপ জিলা ভিত্তিক কীৰ্তি শিক্ষকৰ বঁটা লাভ কৰাত সমগ্ৰ মৈৰাবাৰীৰ ছাত্ৰ ছাত্ৰীৰ মাজত এক উল্লাহৰ পৰিবেশ বিৰাজ কৰিছে।আজি মৈৰাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ছাহনাজ বেগম,মৈৰাবাৰী মণ্ডল বিজেপিৰ সভানেত্ৰী আফিয়া বেগম সহ একাধিক বিজেপি কৰ্মী শিক্ষক গৰাকীৰ ঘৰত উপস্থিত হৈ এখনি ফুলাম গামোছা, জাপি, আৰু শৰায়েৰে শিক্ষক গৰাকীক সম্ভৰ্ধনা জনায়।