মৰিগাঁও জিলাৰ মৈৰাবাৰী বজাৰত মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এখনি বিক্ষোভ কৰ্মসূচী ৰূপায়ন

মৰিগাঁও জিলাৰ মৈৰাবাৰী বজাৰত মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এখনি বিক্ষোভ কৰ্মসূচী ৰূপায়ন

ইকবাল হুছেইন, মৈৰাবাৰী, বাৰ্ত্তাসেৱা – মৈৰাবাৰী বজাৰৰ মাজমজিয়াত মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিক্ষোভ কৰ্মসূচী বান ক্ষতিগ্ৰস্ত লোকে ক্ষতিপুৰণ নোপোৱা আৰু ভেঞ্চাৰ মহাবিদ্যালসমূহে আৰ্থিক সাহায্যৰ পৰা বঞ্চিত ৰ ওপৰত এই কাৰ্যসূচী হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপদাৰ্থ, মেৰুদণ্ডহীন, কা-পুৰুষ আৰু ব্যৰ্থ মূখ্যমন্ত্ৰী বুলি আখ্যা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা ফেৰদৌছ জিন্নাৰ। বানপীড়িত লোক সকলক মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৯৫০০০ টকাৰ সাহায্য দিব বুলি প্ৰতিশ্ৰুতি দি এতিয়ালৈকে ৯৫ টকাও দিয়া নাই লগতে ভেঞ্চাৰ মহাবিদ্যালয়সমূহক আৰ্থিক সাহায্যৰ পৰা কিয় বঞ্চিত কৰি ৰখা হৈছে। ছাত্ৰ-ছাত্ৰী সকলৰ নাম ভৰ্তি অসমত বিনামূলীয়া কৰা হৈছে যদিও ছাত্ৰ-ছাত্ৰী সকলে ১৩০০ ৰ পৰা ২৫০০ টকা পৰ্য্যন্ত আদায় দি নাম ভৰ্তি হব লগীয়া হৈছে ভেঞ্চাৰ মহাবিদ্যালয় সমূহত।তাৰে উদ্দেশ্যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাই কেবাটাও বিস্ফোৰক মন্তব্য দি কয় যে এসপ্তাহৰ ভিতৰত এই সমস্যাসমূৰ যদি সমাধান কৰিব নোৱাৰে তেন্তে লক্ষাধিক লোকেৰে সমবেত হৈ মূখ্যমন্ত্ৰী ৰ বাসভৱন অনিৰ্দিষ্ট কাললৈ ঘেৰাও কৰিব।