মৰবি দলং দুৰ্ঘটনাৰ ৪জন অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদালতৰ

Pc Hindustan Times

মৰবি দলং দুৰ্ঘটনাৰ ৪জন অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদালতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৩০ অক্টোবৰত গুজৰাটৰ দলংখন খহি পৰাৰ ফলত ১৩০ জনৰো অধিক লোকৰ মৃত্যু হোৱা সন্দৰ্ভত ৯ জন লোকক আটক কৰা হৈছিল। ইয়াৰে ৪ জন অভিযুক্তক বুধবাৰে গুজৰাটৰ মৰবি আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আৰু বাকী পাঁচজনক ৫ নৱেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ জিম্মাত থকা চাৰিজন ব্যক্তিৰ ভিতৰত দুজন অৰেভা কোম্পানীৰ মেনেজাৰ, যিয়ে সাত মাহৰ তত্বাৱধানৰ কামৰ পিছত দৰ্শনাৰ্থীসকলৰ বাবে দলংখন মুকলি কৰি দিছিল, আৰু বাকী দুজন হৈছে ফেব্ৰিকেচন ৱৰ্ক ঠিকাদাৰৰ লোক। ইপিনে, চলিত তদন্ত সন্দৰ্ভত বক্তব্য ৰাখি আৰক্ষী অধীক্ষক মৰবিয়ে কয়, “আমি আমাৰ জিম্মাত থকা ৪ অভিযুক্তক সোধা-পোছা কৰি আছো আৰু দলংখনৰ নৱীকৰণত বিভিন্ন ধৰণৰ ত্ৰুটিৰ তথ্য উলাবলৈ চেষ্টা কৰি আছো। যদি কাৰোবাৰ বিৰুদ্ধে তথ্য প্ৰমাণিত হয় তেন্তে কঠোৰ ব্যৱস্থা লোৱা হ’ব। লগতে, আমি আদালতক এক বৈজ্ঞানিক প্ৰতিবেদন দিছো কিন্তু এই পৰ্যায়ত ইয়াৰ বিৱৰণ কাৰো সৈতে ভাগ বতৰা কৰিব নোৱাৰি কিয়নো ই আমাৰ তদন্তত বাধা হ’ব পাৰে।”