ম্যাদী পট্টা ভূমি লাভ কৰাৰ  ১৫ বছৰ পাছতহে মাটি বিক্ৰী কৰাৰ সুবিধা লাভ কৰিব

pc-Time 8 News

ম্যাদী পট্টা ভূমি লাভ কৰাৰ  ১৫ বছৰ পাছতহে মাটি বিক্ৰী কৰাৰ সুবিধা লাভ কৰিব

অনলাইন বাৰ্ত্তাসেৱা– ৰাজ্যিক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে এতিয়াৰ পৰা ভূমিহীন লোকক ভূমিৰ আবণ্টন দিয়া নহয়, প্ৰথম দিনাখনেই ভূমিহীন খিলঞ্জীয়া ব্যক্তিগৰাকীক আবণ্টন দিয়া ভূমিৰ ম্যাদীপট্টাও প্ৰদান কৰা হʼব। কিন্তু এইক্ষেত্ৰত থাকিব এটা চৰ্ত এতিয়াৰ পৰা ম্যাদীপট্টা ভূমি আবণ্টন লাভ কৰা কোনো ভূমিহীন ব্যক্তিয়ে ১৫ বছৰ পৰ্যন্ত মাটি বিক্ৰী কৰিব নোৱাৰিব। পূৰ্বে ভূমিহীন খিলঞ্জীয়া লোকক ৰাজ্য চৰকাৰে ভূমি পট্টা প্ৰদান কৰিলে প্ৰথমে ভূমিৰ আবণ্টনহে দিছিল। আৰু ভুমিহীন ব্যক্তিগৰাকীয়ে তিনি বছৰৰ পাছতহে তেওঁৰ নামত আবণ্টিত মাটি ম্যাদী কৰিব পাৰিছিল। তাৰপিছত ব্যক্তিগৰাকীয়ে চৰকাৰৰ পৰা লাভ কৰা মাটি বিক্ৰী অথবা আনলৈ হস্তান্তৰ কৰিবও পাৰিছিল।

 

(R.T)