মৌনতা – সত্যজিৎ গগৈ

মৌনতা
সত্যজিৎ গগৈ,কলিয়াবৰ
সকলো টোপনি যোৱাৰ পিচত সিঁহত সাৰে ৰয়
বিচাৰি ফুৰে ৰাতিৰ আন্ধাৰ আৰু ওখ গছবোৰৰ ছাঁ
মৌনতা সিঁহতৰ প্ৰিয় শব্দ যদিও
জোনাকী পৰুৱাৰ দেশত হয় তন্দ্ৰাছন্ন চিঞৰৰ ধৰ্ণা
অট্টালিকাবোৰে হালি-জালি অপেক্ষা কৰে
সাৰে ৰোৱা সিঁহতৰ একান্ত সময়খিনিলৈ,
আঙুলিৰ মূৰত কোনোবাই গণি থাকে
কাৰোবাৰ জীৱনৰ শেষ নোহোৱা কথাবোৰ
তথাপি সিঁহতে সুখী হোৱা মানুহৰ অভিনয় কৰে
ভাল পায় নৈশব্দতা,
কোঠাৰ আঘাতত কান্দোনৰ ৰোল তোলা
শাৰী শাৰী বৃক্ষই চিঞৰিব নোৱাৰে আপোনাৰ দৰে
মৰা শ ৰ দৰে পৰি থাকি সিঁহতে গাব পাৰে প্ৰকৃতিৰ জয়গান
কাৰণ মৌনতা সিঁহতৰ প্ৰিয় শব্দ।