মোৰ মুখত ধূলি – এহিয়া আহমেদ

PC - Pixabay
মোৰ মুখত ধূলি
এহিয়া আহমেদ,
বৰথল কছাৰী গাঁও, মৈৰাবাৰী
বছৰৰ পিছত বছৰ,
মৃতক আৰু জীৱিতৰ
মাজত থকা মলিন সম্পৰ্ক।
মনত পেলাবলৈ চেষ্টা নকৰা,
অথচ পাহৰি যোৱাটো কঠিন
অনুভৱ হোৱা।
হাজাৰ মাইল দূৰত
অকলশৰীয়া কবৰ সমূহ,
যোৱা নিশা হঠাৎ সপোনবোৰে
অশ্ৰু নিগৰাইছিল।
হিমহেন চেঁচা ঠাণ্ডা দিনৰ
কথাবোৰ তোমাৰ লগত পাতিম,
লগ হ’লেও তুমি মোক চিনি নাপাবা,
মোৰ মুখত ধূলি।।
সজ্জিত কোঠাটোৰ খিৰিকীৰ কাষত,
মেকাপৰ প্ৰতিযোগিতা কৰা
অপৰূপা জনীও
শাৰীপাতি কবৰৰ সদস্য;
পৰিয়ালৰ হৃদয়বোৰ ভাঙি
টুকুৰা টুকুৰ হয়,
চকুলোৰ শাৰীবোৰ তললৈ বৈ আহে;
পৃথিৱীখন আগৰ নিচিনাকৈ চলে।।
বছৰৰ পিছত বছৰ,
মৃতক আৰু জীৱিতৰ
মাজত থকা মলিন সম্পৰ্ক।
বিজন বনৰ ষ্টাবি পাইনবোৰৰ মাজত;
চন্দ্ৰ আলোকিত কবৰ সমূহ ক্ৰমে
বিলুপ্তিৰ পথত।।