মোৰ দেশ মোৰ লক্ষ্য–স্বাগতা বৰুৱা

মোৰ দেশ মোৰ লক্ষ্য

“মই গান্ধীজীৰ দৰে হ’ম
সদায় সত্য পথত ৰ’ম
অহিংস ব্ৰতেৰে জগত-জিনিম
সত্য কথাহে ক’ম
মই গান্ধীজীৰ দৰে হ’ম”
এনেতে ৰুবুয়ে ভায়েক অপুক মাত লগালে।অ’ ভাইটি শুনছোন…তোৰ জীৱনৰ লক্ষ্য কি?জানো পাই দাদা মনতে বহুত কিবা কিবিয়েই ভাবি থাকো।এটা বুলি নাই।সেইটো কথা নহয় অপু মানুহৰ জীৱনত একোটা লক্ষ্য থাকিবই লাগিব।লক্ষ্যবিহীন জীৱন বঠাবিহীন নাওঁৰ দৰে। এতিয়া তই পঢ়ি থকা পদ্যটো লৈকেই চাচোন কিমান ধুনীয়াকৈ কবি লক্ষ্যধৰ চৌধুৰী দেৱে বুজাব বিচাৰিছে যে মানুহৰ লক্ষ্য সদায় সৰুৰ পৰাই থাকিব লাগে, সেয়েহে এইটো পাঠ্যপুথিত অন্তৰ্ভূক্ত কৰিছে।হয়নে নাই। পিছে দাদা এতিয়া তুমি কোৱাচোন তুমি তোমাৰ লক্ষ্যৰ কথা কি ভাবিছা?মই দেশ মাতৃক সেৱা আগবঢ়াম বুলি ভাবিছোঁ ।মানে?মানে এজন জোৱান হ’ম বুলি ভাবিছোঁ । জোৱান? এইটো দেখোন তুমি বৰ ডাঙৰ কথা ভাবিলা। তোমাৰ মনলৈ এনেকুৱা এটা কথা কেনেকৈ আহিল। আজিৰ পৰা কেইবা বছৰ মানৰ আগৰ কথা তেতিয়া তুমি সৰু আছিলা। সেইদিনা আছিল ২৬ জুলাই। গৰম বন্ধৰ দিন।বাহিৰত প্ৰখৰ ৰ’দ। দেউতাই মোক দুপৰীয়া ছবি আঁকি বলৈ কৈছিল।কিন্তু মই দেউতাক গৰমৰ অজুহাত দেখুৱাই ছবি নাআকোঁ বুলি কৈছিলো,তেতিয়া দেউতাই কৈছিলে যে তোমাকতো ঘৰৰ ভিতৰত কামটো কৰিবলৈ কওঁতেই নকৰা কিন্তু আমাৰ দেশৰ জোৱানসকলৰ কথা ভাবাছোন তেওঁলোকে গৰম- ঠাণ্ডা,ৰ’দ- বৰষুণ সকলো সময়তে দেশ খনক ৰক্ষা কৰি আহিছে।আজিৰ দিনতো কাৰ্গিল বিজয় দিৱস কিয় জানানে?আজিৰ দিনতো তেই ১৯৯৯ চনত আমাৰ দেশে পাকিস্তানৰ বিৰুদ্ধে যুঁজ দি জয়যুক্ত হৈছিল।হয় নিকি দেউতা তেনেহ’লে তুমি মোক অকনমান কাৰ্গিল যুদ্ধৰ বিষয়ে কৈ দিবানিকি মইয়ো অকনমান জানি থওঁ।শুনা তেনেহ’লে ১৯৯৯ চনত হৈছিল এই কাৰ্গিল যুদ্ধ। প্ৰায় দুমাহ ধৰি এই যুদ্ধখন চলিছিল।মে মাহৰ পৰা জুলাই মাহলৈকে চলিছিল।পাকিস্তানী সৈন্যই বৰফ গলাৰ সুযোগ লৈ ভাৰতত চৌকি অৰ্থাৎ কেম্প বঢ়াইছিল।যেতিয়া ভাৰতীয় সেনাই কথাটো গম পালে লগে লগে পাকিস্তানী সেনাৰ ওপৰত আক্ৰমন কৰিলে আৰু যুদ্ধত নামি পৰিল আৰু অতি সাহসেৰে যুদ্ধ কৰি জয়লাভ কৰিলে।আমাৰ ভাৰতীয় সেনাসকল আমাৰ বাবে গৌৰৱ।কেনেকৈ যে তেওঁলোকে নিজৰ কথা নাভাবি আনকি নিজৰ মাক- দেউতাক, বাই- ভনী,ককাই-ভাই ,পৰিবাৰ,সন্তান এই সকলোবিলাকক এৰি দেশ মাতৃৰ সেৱাত অহৰহ ব্ৰতী।তেওঁলোকৰ কাৰণেই আমি সদা সুৰক্ষিত,তেওঁলোকেই আমাৰ দেশৰ সুৰক্ষা কবচ।তেওঁলোকে আমাৰ দেশ মাত্যৃৰ কাৰণে মৰণপণ যুজঁ দি অবশেষত ২৬ জুলাই দিনা বিজয় সাব্যস্ত কৰে আৰু সেই দিনতো আমি কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি আহিছো।ইয়াত ৫২৭জন সেনাই প্ৰাণ আহুতি দিছিল আৰু আমি অসমীয়া হিছাপে গৌৰৱ কৰিব পৰো যে সেই যুদ্ধত অসমৰ সু-সন্তান কেপ্তেইন জিন্তু গগৈয়ো আছিল। কিন্তু দুখৰ বিষয় যে তেওঁ তাতে প্ৰাণ আহুতি দিছিল।কিন্তু তেওঁলোক অমৰ আৰু দেশৰ বাবে মৃত্যু বৰণ কৰা লোকক শ্বহীদ বুলি কোৱা হয়।এইদৰেই সেইদিনা দেউতাৰ পৰা জোৱান সকলৰ লগতে কাৰ্গিল যুদ্ধৰ বিষয়ে থুলমুলকৈ জানিছিলোঁ আৰু সেইদিনাই মই মোৰ লক্ষ্য স্থিৰ কৰি পেলাইছিলোঁ।বাঃ আমাৰ দাদাৰ লক্ষ্য দেখোন মহান।অ’ দাদা তেতিয়া তুমি দেশৰ গৌৰৱ হ’বা ন।হ’ম আকৌ আৰু দেউতাই কৈছিল আমি সকলো ভাৰতীয়ই ২৬জুলাই দিনতোত কাৰ্গিল বিজয় দিৱস উপলক্ষে শ্বহীদ সকলক স্মৰণ কৰিব লাগে।গতিকে এই বছৰতো গ’লেই অহা বছৰৰ পৰা আমিও বিজয় দিৱসত দেউতাই জ্বলোৱাৰ দৰে দেউতাৰ লগত এগছি চাকি জ্বলাই তেওঁলোকক স্মৰণ কৰি যাম দেই। হ’ব দাদা বুলি শ্ৰদ্ধাৰ ভূপেন মামাৰ
”লুইতৰ পাৰৰে তুমি ডেকা ল’ৰা
তুমিয়েতো বুকু পাতি দিলাঁ
ভাৰতীৰ নুমলী জীক বচাবলে
তুমিয়েতো মৃত্যু বৰিলাঁ
শ্বহীদ প্ৰনামো তোমাক
শ্বহীদ প্ৰনামো তোমাক”
বুলি দুয়ো একেলগে গুণগুণালে

স্বাগতা বৰুৱা
৮৭২১৮৮০৮২৪