মোৰ দেশ – বাহাৰুল ইছলাম

Pc- Depositphotos
মোৰ দেশ
বাহাৰুল ইছলাম (শিক্ষক) 
বালিজান, মৰিগাঁও
মোৰ তেজৰ কোষত সঞ্চাৰ হয়
মাতৃভূমিৰ প্রেম,
সৌন্দর্যেৰে পৰিপূৰ্ণ চুক-কোণ
যেন হৃদয়ৰ হেম।
নিলীম আকাশে আৱৰি আছে
জগতৰ প্ৰতিটো দেশ,
তুলনাহীন আপোন এই ভূমি
গুণৰো নাই শেষ।
সৱেমিলি যাম আগুৱাই
সেয়া প্ৰতিশ্ৰুতি,
বাধা-বিঘিনি নাহক যিমানেই
    কদাপি নকৰোঁ ত্ৰুটি।
চৌপাশে আছে সোনোৱালী শইচৰ
আলফুলীয়া পথাৰ,
প্ৰতিটো পুৱাই কঢ়িয়াই আশা
নহওঁ আমি কাতৰ।
বিচাৰি ফুৰোঁ জীৱনৰ অৰ্থ
    আপোন দেশৰ প্রতি,
ঐক্য আৰু সংহতিৰ বুকুত
সদা থাকোঁ ব্ৰতী।
বিচিত্র দেশৰ অনন্য দৃশ্য
বৰ মজা লাগে,
ঐতিহাসিক সমলে কৰে সৱল
   নিতৌ দেশপ্রেম জাগে।
আকাশে-বতাহে মিলি আছে
সহস্ৰ শ্বহীদৰ তেজ,
দেশদ্ৰোহীক এশিকনি দি
ঘুণীয়া কৰিম নেজ।
দেশৰ স্বাৰ্থ নকৰোঁ খৰ্ব
পণ লোৱাৰ ক্ষণ,
আপোন ভূমিৰ স্বাভিমানৰ হকে
নিতৌ কৰিম ৰণ।