মোৰ জ্বৰ
– নিতিষ্মান দাস
নৱম শ্ৰেণী
আই ! ক’ত আছা তুমি ! এইফালে আহাচোন,
মোৰ আজি জ্বৰ !
লাগিছিল যে তোমাৰ আলফুলীয়া পৰশ,
হাত দুখনৰ !
মোৰ নয়ন দুটিয়ে কত যে অভিলাষেৰে,
বিচাৰে তোমাক !
কত যেন আমনি তোমাৰ মুখনি চাবলৈ,
কৰিছে হিয়াক !
আহাচোন ! চেনেহ ভৰা হাতেৰে কপালত
দিয়াহি বোলাই !
শ্ৰুতিমধুৰ কণ্ঠে তোমাৰ, দিয়াচোন আজি,
গীতেই শুনাই !
তোমাৰ দুখনি হাতেই মোৰ আপোন যেন,
কপাহী কোমল !
তোমাৰ চেনেহে মোৰ বোৱালে হিয়াত যেন,
হৰষৰ ঢল !
আই ! তুমি কেনেকৈ বাৰু চকুলো ঢাকি ৰাখা,
হিয়াৰ বেজাৰ !
তুমি নকলেও হাত দুখনিয়ে কয় কথা,
সকলো তোমাৰ !
জ্বৰেৰে ভাগৰি পৰিছোঁ আই ! আছানে তুমি
মোৰ সাৰথি হৈ !
ওচৰত থাকিলেই মৃদুকৈ চেনেহ ভৰা,
মলয়া আহে বৈ !
আই ! ভোক লাগিছে মোৰ ! খাবলৈ দিয়াচোন,
মৰমৰ আই !
মৌ সম মিঠা মিঠা মমতাৰ কথাৰে তুমি,
দিবানে খুৱাই !
মোৰ এই কোমল হিয়াখনিৰ তুমি বাৰু !
শুনিছা স্পন্দন ?
বিচাৰে প্ৰতিক্ষণ, আই তোমাৰ মই যেন
হিয়াৰ নন্দন !
ৰ’দালিৰ ধেমালি দেখি মন হৰষে ভৰে,
কোমল হাঁহিৰে !
প্ৰাণতে আজি বাজিছে নৱ সপোনৰ গীত,
নতুন সুৰেৰে !
আগতকৈ এই দেহা মোৰ মুক্ত হৈ উঠিছে,
জ্বৰ আৰু নাই !
নিদ্ৰাহীন, স্বাৰ্থহীন এই মৰমৰ বাবে,
ধন্যবাদ আই !