মোৰ জীৱন আন্দোলনৰ বাবে উছৰ্গিত কৰিছো, আন্দোলনৰ বাবে বিধায়ক পদত্যাগ কৰিবলৈ সাজু অখিল গগৈ

মোৰ জীৱন আন্দোলনৰ বাবে উছৰ্গিত কৰিছো, আন্দোলনৰ বাবে বিধায়ক পদত্যাগ কৰিবলৈ সাজু অখিল গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘কা’ বিৰোধী সংগ্ৰামখন পুনৰ চলাই যোৱাৰ ইংগিত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷অখিল গগৈৰ বিৰুদ্ধে চলি থকা ১৩৫ টা গোচৰৰ ভিত্তিত  তেঁও কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত হয়৷ আদালতত উপস্থিত হৈ অখিল গগৈয়ে কয় যে,”জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে দিয়া যুঁজখন জাতীয় সংগঠনৰ নেতৃত্ব দুৰ্বল হোৱা বাবেই স্তিমিত হৈছিল৷ৰাজপথৰ আন্দোলন গৈ খেলপথাৰত আবদ্ধ হ’লগৈ৷আন্দোলনৰ নামত নাচ গান হ’ল৷মোৰ জীৱন আন্দোলনৰ বাবে উছৰ্গিত কৰিছো৷আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু মই৷”