মোৰ কবিতাত বিচাৰি পাওঁ – ৰামেশ্বৰ নাথ 

PC - Inc. Magazine
মোৰ কবিতাত বিচাৰি পাওঁ…
ৰামেশ্বৰ নাথ 
মোৰ কবিতাৰ পদুলিৰে
শৰত ঋতু আহিল,
কিন্তু শৰতৰ অনুভৱে
কঠিন হৈ পৰা বাস্তৱ হৃদয় খনক
স্পৰ্শ কৰিব নোৱাৰিলে ।
তথাপিও মোৰ শব্দৰ খোজত
বুকুত বিষাদে লথঙা কৰা
হেৰাই যোৱা সুখৰ
ঠিকনা বিচাৰি পাওঁ।
বিচাৰি পাওঁ সভ্য সমাজক
লজ্যানত কৰা বৰ্বৰ মানুহৰ
নিকৃষ্ট মানসিকতা ।
তাতেই বিচাৰি পাওঁ
কামনাৰ জুইয়ে দগ্ধ কৰা
এচাম নৰ পিশাচৰ
কু কৰ্মৰ প্ৰতিলিপি ।
আজি কোনে কব ৰঙীন হৈ পৰা
নিশাৰ মহানগৰীৰ অলিয়ে গলিয়ে
কামনাৰ জুইয়ে খেদি ফুৰা
এচাম ভোকাতুৰ কুকুৰৰ কথা ।
তাতেই বিচাৰি পাওঁ
এন্ধাৰ গলিৰ কোনোবা নাৰীৰ
বিষাদ ভৰা চিঞৰ ।
বিচাৰি পাওঁ  দাষ্টবিনত
পৰিচয় বিহীন জীৱ শ্ৰেষ্ঠৰ ভ্ৰুণ ।
দাষ্টবিনত পৰি ৰোৱা পৰিচয় বিহীন
সন্তানৰ পৰিচয় বা ক’ত ?
কিমান শুনিবা নেতা পালিনেতাৰ
ভাষণৰ ফুলজাৰী
অন্ধ ভক্তৰ সমৰ্থন ।
দেশৰ নহয় নিজ সম্পত্তিৰ
উন্নতিৰ জখলা বগুৱা
সেই ৰজা মহাৰজাৰ কথা ।
প্ৰতিবাদী কণ্ঠক কৰা
দমন নীতিৰ কথা কিমান বিচাৰিম ।
কিমান আৰু লিখিম
মোৰ কাব্যিকতাত
সেই অন্যায়ৰ অবিচাৰৰ কথা ।