মোৰ অনুভৱত নৱকান্ত বৰুৱাৰ “ইয়াত নদী আছিল” – সত্যজিৎ গগৈ

মোৰ অনুভৱত নৱকান্ত বৰুৱাৰ “ইয়াত নদী আছিল”
সত্যজিৎ গগৈ, নাহৰকটীয়া, ডিব্ৰুগড়
কবি নৱকান্ত বৰুৱা হ’ল অসমীয়া আধুনিক কবিতালৈ নতুন দৃষ্টি আৰু সৃষ্টিৰ ঢৌ কঢ়িয়াই অনা চিত্ৰবাদী আৰু অতি বাস্তৱবাদী কবি।তেওঁৰ প্ৰতিভাৰ সন্মান জনাই ড° মহেন্দ্ৰ বৰাই উল্লেখ কৰি কৈছে-“এহাতে ৰবীন্দ্ৰনাথ আনহাতে ইলিয়ত,এইয়ে বোধকৰোঁ নৱকান্ত বৰুৱাৰ কাব্য পৰিক্ৰমাৰ কুমেৰু-সুমেৰু।মাজত আৰু বহুতো বিখ্যাত,অখ্যাত আৰু সুখ্যাত কবিৰ হেঁচা-ঠেলা।গতিশীল সেই কাব্য-দৰ্শন আৰু জীৱনক গ্ৰহণ কৰাৰ দৰ্শনেই হ’ল নৱকান্ত বৰুৱাৰ কাব্যৰ বিষয়বস্তু।” জীৱনৰ স’তে মিতালী গঢ়াই বৰুৱাৰ কবিতাৰ মূল বিষয়বস্তু বুলিব পাৰি।যুক্তি-তৰ্কই জীৱনক পোৱাৰ বাট ধুঁৱলী কৰি দিয়ে।কিন্তু আত্মাৰ সৈতে অমেয় সংযোগ ঘটাব নোৱাৰে।প্ৰথম আৰু দ্বিতীয় মহাসমৰৰ ফলত মানৱ সমাজত সৃষ্টি হোৱা ঘাঁ-স্বৰূপ বিষাদগ্ৰস্ততা আৰু দুখৰ অনুৰণন নৱকান্ত বৰুৱাৰ কবিতাৰ মাজত মন কৰিবলগীয়া।কবিৰ মানৱ চিত্ৰ অংকনত নিজস্ব বৈশিষ্ট্য আছে।তাৰ দ্বাৰা সৃষ্ট মানৱ চিত্ৰসমূহ স্বচ্ছ,নিকা আৰু উজ্বল। উদাহৰণস্বৰূপে-
ক) লাইলাক আৰু জিনিয়াৰ পাহিবোৰ
এষ্কিমো ছোৱালীৰ কোমল বুকুৰ নোমাল কাঁচলিৰ দৰে।
খ) লাৱানৰ একা-বেঁকা বাটৰ সাঁথৰ
মচি নিয়ে কুঁৱলীৰ ৰঙে
তামোলৰ পিক্ আৰু ধোঁৱা আৰু কুঁৱলীয়ে
নিজকে সিঁয়াৰে এই সন্ধ্যাৰ ছিলঙে।
মহানগৰৰ বৈচিত্ৰ্যৰ প্ৰতি আকৰ্ষিত নহৈ কবি মহা বিষ্ট হ’য়।সু-প্ৰাচীন অৰণ্যৰ নৈসৰ্গিকতা মাদকতাৰ প্ৰতীকহে।গভীৰ অধ্যয়ন পুষ্ট মন,সূক্ষ্ম সংবেদনশীল হৃদয়,হোইট মেন্,জীৱনানন্দ,শলীল জিব্ৰান আদিৰ অনুপ্ৰেৰণাই হ’ল কবি নৱকান্ত বৰুৱাৰ প্ৰধান সমল।নিৰ্বাচিত শব্দ যোজনা আৰু প্ৰতীকৰ সু-প্ৰয়োগেৰে অসমীয়া কাব্যজগতলৈ এখেতে কঢ়িয়াই আনে কবিতাৰ নতুন প্ৰবাদ।আধুনিক কবিতাৰ শব্দচয়নৰ যি বৈশিষ্ট্য;ই নৱকান্ত বৰুৱাৰ কবিতাত এক অনন্য ৰূপ প্ৰদান কৰিছে।মাজে মাজে ইন্দ্ৰিয়ানুভূতিৰ আউলে কবিতাবোৰক কৰি তোলে স্বাদযুক্ত।নৱকান্ত বৰুৱাই যেতিয়া কয়-“তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ” বুলি।স্বাভাৱিকতেই এনে অনুভৱে পাঠক হৃদয়ত এক মৃদু জোকাৰণি দি যায়।যাৰ আনন্দ হয়তো বিয়পি থাকে বহু দিনলৈ।আপোনজনৰ খোপাৰ এটা গোন্ধ আছে।কিন্তু আবেলিৰ কোনো নিৰ্দিষ্ট গোন্ধ নাই।অথচ কবিয়ে নিৰিবিলি পৰিৱেশৰ লগত প্ৰিয়তমাৰ খোপাৰ গোন্ধৰ তুলনা কৰি এক মোহময় অনুভূতিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।ইতিহাস চেতনা আৰু সমকাল চেতনাৰ যুদ্ধোত্তৰ যুগৰ শ্ৰেষ্ঠ কবি নৱকান্ত বৰুৱাই “ইয়াত নদী আছিল” কবিতাটোৰ মাজেৰে আধুনিক যন্ত্ৰযুগৰ সভ্যতাই মানৱ জীৱনলৈ অনা অৱক্ষয়,ব্যৰ্থতা,অনুৰ্বৰতা আৰু আত্মিক অপমৃত্যুৰ এখন ক্ষয়ংকাৰী ছবি নিখুঁতকৈ অংকণ কৰিছে।প্ৰথম অৱস্থাত চকুৰে নমনা ক্ৰমাগতভাৱে উদ্দেশ্যমান আৰু  নিশ্চিত হোৱা এই অৱক্ষয় প্ৰক্ৰিয়াই জাতীয় মানসত দীৰ্ঘকালীন আৰু সৰ্বাত্মক ৰূপ ধাৰণ কৰে।উদাহৰণস্বৰূপে-
“কিন্তু মৰুভূমি আহে
লাহে লাহে,মাহে মাহে,বছৰে বছৰে
আঁহতৰ খোৰোঙত এপাহি কপৌফুল সোনকালে সৰে।”
লাহে লাহে ক্ৰমাগতভাৱে এখন ৰুক্ষ্য মৰুভূমিয়ে যেন সমাজ জীৱনত গা কৰি উঠিছে।এই ক্ৰমবদ্ধমান মৰুভূমিয়ে জীৱনৰ সেউজী সোণালী ৰং সুহি পেলাইছে।মৰুভূমিৰ এই কৰাল গ্ৰাস আৰু ইয়াৰ মৰ্মান্তিক বেদনা কবিতাটোৰ প্ৰতিটো তৰংগত মূৰ্ত্তিমান হৈ উঠিছে।’ইয়াত নদী আছিল’ কবিতাটোৰ শিৰোনামেই এক ব্যঞ্জনাত্মক অৰ্থ বহন কৰিছে।প্ৰবাহমান এখন নদী,যাৰ গতিশীলতাই বৈশিষ্ট্য।কোনো এক অজ্ঞাত কাৰণত ৰহস্যজনকভাৱে ই যেন নাইকিয়া হৈ গৈছে।এই ব্যঞ্জনাই আমাক এখন গতিশীল সমাজত দেখা দিয়া স্থবিৰতা আৰু অৱক্ষয় প্ৰক্ৰিয়াৰ এক দীৰ্ঘকালীন পৰিক্ৰমাৰ কথা সোঁৱৰাই দিয়ে।যিহেতু শ্ৰুতশ্ৰিণী নদী আৱহমান জলধাৰা মানৱী জীৱনৰ স্বতঃসিদ্ধ অথচ অপ্ৰতিৰোধ্য প্ৰবাহৰ প্ৰতীক।নদীৰ জলধাৰাই যিদৰে কাষৰীয়া পথাৰক পলসুৱা কৰি তোলে,সেই স্বাভাৱিক প্ৰক্ৰিয়াৰ সলনি নদীয়ে ভয়ংকাৰী ৰূপ ধৰি যেন প্ৰাণশক্তি দিয়াৰ পৰিৱৰ্তে সমাধি পাতে।অৰ্থাৎ পলসে যিদৰে সৃষ্টিৰ ইন্ধন যোগাই,সেইদৰে ধ্বংসৰ সমাধিও পাতিব পাৰে।উদাহৰণস্বৰূপে-
“দেখিছোঁ নদীৰ ঢলে বলৎকাৰ কৰা পথাৰক
পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান।”
ঐতিহ্যসচেতন কবিয়ে জানে বহুত সময়ত বহুত নদীয়ে চহৰ-নগৰ ধ্বংস কৰে।ঠিক সেইদৰে মানৱ জীৱনলৈ অহা আধুনিক সভ্যতা স্বৰূপ ৰূপে যেন কঢ়িয়াই আনিছে কেৱল ব্যৰ্থতা আৰু অৱক্ষয়।আৰম্ভ হৈছে যন্ত্ৰণাময় জীৱনৰ।জীৱনলৈ অহা এই ব্যৰ্থতা,অনুৰ্বৰতা,অৱক্ষয় আৰু আত্মিক অপমৃত্যুৰ ছবিখনে কবিৰ মন এক বিষাদ গ্ৰস্ততাত ডুবাই দিছে।যাৰ বাবে তেওঁ হাহাকাৰ কৰি উঠিবলৈ বাধ্য হৈছে।
“গোপন ব্যাধিৰ দৰে লাহে লাহে মচি নিয়ে
প্ৰাণৰ যিমান ৰং,সেউজী সোণালী
আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু
ফুটছাই বৰণৰ এখন পৃথিৱী।”
দূৰণিৰ গাঁওখনলৈ অহা অসময়ৰ আঘোণ যিদৰে কবিৰ বাবে বাঞ্চিত নহয়,সেইদৰে সমাজৰ বাবেও  অপ্ৰয়োজনীয়।অনভিজ্ঞ এজন কিশোৰৰ জীৱনলৈ অকাল পক্কতা অহাটো যিদৰে অৱাঞ্চিত,ঠিক সেইদৰেই আহিনৰ সেউজীয়া পথাৰ ৰূপে আঘোণৰ সোণালী ৰং অৱাঞ্চিত।সেয়েহে কবিয়ে কৈছে;-
“দূৰণিৰ নীলা সেই গাঁওখনলৈ
এইবেলি সোনকালে আঘোন আহিল,আহিনতে?
এইবাৰ বহাগৰ ঢল নাহে নেকি?
উজানৰ বগা মাছে ৰূপোৱালী নকৰে নিজৰা?”
সামাজিক জীৱনৰ অৱক্ষয়তা,স্থবিৰতা,অসহায় মানৱ আত্মাৰ হাহাকাৰ অসমাপ্ত জীৱনৰ বাসনা।এইবোৰেই সমাজৰ প্ৰাণ চঞ্চলতাক দিনে দিনে যেন ক্ষহিঞ্চু কৰি তুলিছে।যাৰ বাবে কবিয়ে ক’বলৈ বাধ্য- “ভাগৰ লাগিছে মোৰ গঢ়ি গঢ়ি নতুন বিগ্ৰহ।”