মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত সম্ভৱ হোৱা উন্নয়নৰ নৱজাগৰণে উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মীৰ ৰূপত জিলিকাই তুলিছে আৰু স্থায়ী শান্তিৰ পথ প্রশস্ত কৰিছে: সোণোৱাল

মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত সম্ভৱ হোৱা উন্নয়নৰ নৱজাগৰণে উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মীৰ ৰূপত জিলিকাই তুলিছে আৰু স্থায়ী শান্তিৰ পথ প্রশস্ত কৰিছে: সোণোৱাল

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে বিজেপিৰ কেন্দ্ৰীয় সংসদীয় ব’ৰ্ড আৰু নির্বাচনী সমিতিত স্থান লাভ কৰাৰ পাছত জ্যেষ্ঠ বিজেপি নেতা,কেন্দ্রীয় মন্ত্রী তথা প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল পোনপ্ৰথমবাৰৰ বাবে গৃহজিলা ডিব্ৰুগড়ত উপস্থিত হয়। প্রিয় নেতাগৰাকীক আদৰিবলৈ দুপৰীয়াৰপৰাই মোহনবাৰী বিমানবন্দৰৰ বাহিৰত সৰ্বস্তৰৰ জনসাধাৰণ, বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক, বিজেপিৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে। দিনৰ ২:৩০ বজাত মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে-লগেই জনপ্রিয় নেতাগৰাকীক উষ্ম আদৰণি জনায় তাত উপস্থিত থকা অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, সঞ্জয় কিষাণ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়কসকল- প্রশান্ত ফুকন, নৱ কুমাৰ দলে,ড° অমিয় কুমাৰ ভূঞা, বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, প্ৰাক্তন বিধায়ক অশোক শৰ্মা প্রমুখ্যে দলীয় বিষয়ববীয়া,কার্যকর্তাসকলকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে। বিহু, ঝুমুৰকে ধৰি বিভিন্ন লোকসংস্কৃতিৰে মুখৰিত হৈ পৰাৰ ক্ষণত ৰাইজৰ অকুণ্ঠ মৰম-আশীৰ্বাদ আৰু সঁহাৰি প্ৰত্যক্ষ কৰি সোণোৱালে অত্যন্ত অভিভূত হোৱা বুলি উল্লেখ কৰে আৰু কয় যে, ৰাইজৰ এই নিভাঁজ মৰম-স্নেহ আৰু আশীৰ্বাদৰ ওচৰত তেখেত চিৰকৃতজ্ঞ। ইয়াৰ পাছতেই ৰাইজৰ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে সোণোৱালে ডিব্ৰুগড়ৰ মানকটাস্থিত আউনীআটী শাখাসত্ৰৰ প্ৰেক্ষাগৃহলৈ গমন কৰে। তাতো তেখেতক শোভাযাত্ৰাৰে উষ্ম আদৰণি জনোৱা হয়। এই অনুষ্ঠানতো অংশগ্ৰহণ কৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক আৰু দলীয় বিষয়ববীয়া, কার্যকর্তাসকলে। প্রিয় নেতাগৰাকীক কাষতে পাই সকলোৱে উৎফুল্লিত হৈ পৰে আৰু তেখেতক অফুৰন্ত অভিনন্দন আৰু সম্ভাষণেৰে উপচাই দিয়ে। অনুষ্ঠানত প্ৰতি-সম্ভাষণ জনাই আৰু সংবাদ মাধ্যমক সম্বোধন কৰি সোণোৱালে কয়, “ভাৰতীয় জনতা পার্টি এটা সুশৃংখলিত আৰু দেশমাতৃৰ বাবে চিৰ উৎসর্গিত দল, যাৰ প্ৰতিটো কামে দেশবাসীৰ কল্যাণ সাধন কৰাৰ লগতে দেশপ্ৰেমৰ চেতনাৰে ৰাষ্ট্ৰবাসীক উদ্বুদ্ধ কৰি আহিছে। বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৰ মজিয়াত এই অভাজনে সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰি গৌৰৱ অনুভৱ কৰিছোঁ। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ মাৰ্গদর্শনমৰ্মে আমি প্ৰতিগৰাকী কাৰ্যকৰ্তাই দেশৰ স্বাৰ্থত অহর্নিশে কাম কৰি যাবলৈ বদ্ধপৰিকৰ। শেহতীয়াকৈ দলে এই অভাজনক কেন্দ্রীয় সংসদীয় ব’ৰ্ড আৰু নিৰ্বাচনী সমিতিত স্থান দিয়াৰ বাৰ্তাই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা ভাৰতীয় জনতা পাৰ্টিৰ সদিচ্ছা, আন্তৰিকতা আৰু মৰমক পুনৰবাৰ প্ৰতিফলিত কৰিলে। এই গুৰু দায়িত্ব মোৰ কান্ধত অৰ্পণ কৰাৰ বাবে মোদী , নড়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দলে দিয়া প্ৰতিটো দায়িত্ব নিষ্ঠা আৰু সমৰ্পিতভাৱে পালন কৰি মই দেশমাতৃৰ সেৱা কৰি যাম। ৰাষ্ট্ৰস্বাৰ্থৰ সংকল্প লৈ আমি সকলোৱে ঐক্যবদ্ধ প্রচেষ্টাৰে কাম কৰি যাব লাগিব।” তদুপৰি সোণোৱালে কয়, “মাননীয় প্রধানমন্ত্রী মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত সমগ্র দেশৰ সমান্তৰালভাৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলেও উন্নয়নৰ অগ্ৰগ্ৰামী বাটেৰে আগুৱাই গৈছে। মোদীৰ দূৰদৰ্শী নেতৃত্বত সম্ভৱ হোৱা উন্নয়নৰ নৱজাগৰণে উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মীৰ ৰূপত জিলিকাই তুলিছে আৰু স্থায়ী শান্তিৰ পথ প্ৰশস্ত কৰিছে। মোদী ডাঙৰীয়াৰ নেতৃত্বত এই প্ৰগতিৰ যাত্রা অদম্য, অবিৰত আৰু অপ্ৰতিৰোধ্য। অসমতো মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অবিৰত উন্নয়নৰ যাত্ৰাক আগুৱাই নিছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ডাবল ইঞ্জিন চৰকাৰৰ যৌথ প্রচেষ্টাত আজি অসমত সৰ্বস্তৰৰ আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ বহু আকাংক্ষিত আৰু দীৰ্ঘদিনীয়া সমস্যাবোৰৰ সমাধান হৈছে। ইয়াৰ ফলত শান্তি-সমন্বয়ৰ যোগেদি এক ইতিবাচক বাতাবৰণৰ সৃষ্টি হৈছে।” ইয়াৰ পাছতেই সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ ভাৰত মাতাৰ প্ৰতিচ্ছবিত সেৱা জনায় আৰু কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। দলীয় কার্যালয়তো তেওঁক কার্যকর্তাসকলে উষ্ম অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। কাইলৈ সোণোৱালে ডিব্ৰুগড়ৰ নদী সম্পৰ্কীয় আন্তঃগাঁথনিক গতিশীলতা প্ৰদান কৰাৰ বাবে কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বগীবিলত উত্তৰ-পূব সীমান্ত ৰে’লৱে (এন এফ আৰ)ৰ নৈ কাষৰীয়া পৰ্যটক জেটীৰ শুভ উদ্বোধন কৰাৰ উপৰিও বগীবিল আৰু গুঁইজানত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ ফ্ল’টিং জেটীৰ তেওঁ আধাৰশিলা স্থাপন কৰিব। তদুপৰি, তেখেতে অসম চিকিৎসা মহাবিদ্যালয়ৰ এটা অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।