মোক এক্সট্ৰা টেক্স নালাগেঃ  পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

pc The Sentinel Assam

মোক এক্সট্ৰা টেক্স নালাগেঃ  পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰঙিলী বাৰ্ত্তাসেৱা-  নিত্য-ব্যৱহার্য খাদ্য সামগ্রী,ইন্ধনজাত আৰু নির্মাণ সামগ্রীৰ দাম বৃদ্ধিয়ে সাধাৰণ ৰাইজক টেঁটু চেপা দিছে যদিও ইয়াৰ পৰা পৰিত্রাণ পাবলৈ দায়িত্বশীল মহলৰ কাৰোৰে হাতত নাই সঠিক উত্তৰ৷দাম বৃদ্ধি বিষয়টোৰ পৰা সকলোৱে কেৱল পলাব বিচাৰে৷মুখ্যমন্ত্রী ড০ শর্মাই অসমত দাম বৃদ্ধি হোৱাৰ কথা স্বীকাৰ কৰিছে, কিন্তু সমাধানৰ সূত্র দিয়া নাই৷ ইফালে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,” পেট্ৰ’ল-ডিজেলৰ দাম কমিব বুলি আশাবাদী৷কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীয়ে বিবৃত্তি দিছে৷অসম চৰকাৰে কি কৰিব পাৰি চাই আছেৰাজ্য চৰকাৰৰ টেক্স যিমান পাৰি কমাম৷আমি সৰ্বসাধাৰণ ৰাইজৰ লগত আছো৷মোক এক্সট্ৰা টেক্স নালাগে৷ৰাইজৰ লগত আমি আছো৷পৰিস্থিতি আৰু কেইটামান দিনৰ পৰা স্বাভাবিক হৈ পৰিব৷ক’ভিডে অর্থনীতি ক্ষতি কৰাৰ বাবে দাম বৃদ্ধি হৈছে৷’’