মেন অফ দ্য হ’ল হিচাপে জনাজাত মানুহজনৰ অৱশেষত মৃত্যু 

Pc New York Post

মেন অফ দ্য হ’ল হিচাপে জনাজাত মানুহজনৰ অৱশেষত মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা-  ব্ৰাজিলৰ মেন অফ দ্য হ’ল আৰু আমাজনত তেওঁৰ জনজাতিৰ অন্তিম সদস্য হিচাপে জনাজাত মানুহজনৰ অৱশেষত মৃত্যু হৈছে। ব্ৰাজিলৰ বিশ্ববিখ্যাত বৰ্ষাৰণ্যত ২৬টা বছৰ গাঁত খান্দি আত্মগোপন কৰি জীৱন-নিৰ্বাহ কৰিছিল এগৰাকী ব্যক্তিয়ে। গাঁত খান্দি বাস কৰাৰ বাবেই এখেতৰ নাম হৈ পৰিছিল মেন অৱ হোল।পৃথিৱীৰ আটাইতকৈ অকলশৰীয়া মানুহ হিচাপেও তেওঁ পৰিচিত। ৭০ৰ দশকতে ব্ৰাজিলৰ এটা জনগোষ্ঠীয়ে তেওঁৰ পৰিয়ালৰ আটাইকেইগৰাকী সদস্যক হত্যা কৰিছিল কৃষিভূমিৰ বাবে। আমাজনৰ জনজাতীয় পৰিয়ালটোৰ একমাত্ৰ সদস্যগৰাকীয়ে তেতিয়াৰ পৰাই আমাজনৰ ঘন জংঘলত আত্মগোপন কৰি আছিল। প্ৰথম অৱস্থাত জুপুৰী ঘৰ সাঁজি তেওঁ বাস কৰিছিল যদিও পিছলৈ কেৱল গাঁতৰ ভিতৰতে বাস কৰিছিল। খাদ্যৰ বাবে তেওঁ বনৰীয়া গাহৰি চিকাৰ কৰিছিল। চিকাৰ কৰিবৰ বাবে তেওঁ ৫০টাতকৈ অধিক জুপুৰী সাঁজিছিল। জুপুৰীবোৰৰ তলভাগত ১০ ফুট দ গাঁত আছিল।কোনেও তেওঁৰ প্ৰকৃত নাম নাজানিছিল। মানুহে তেওঁক মেন অফ দ্য হ’ল হিচাপে জানিছিল। এই মানুহগৰাকীৰ অৱস্থিতিৰ বিষয়ে ১৯৯৬ চনত প্ৰথম তথ্য পোৱা যায়। মানুহৰ সংস্পৰ্শৰ পৰা আঁতৰত থাকি ভাল পোৱা এইগৰাকী ব্যক্তিৰ মৃতদেহ ২৩ আগষ্টত উদ্ধাৰ কৰা হয়। সংবাদ মাধ্যমৰ তথ্য অনুসৰি, মৃতদেহ উদ্ধাৰ হোৱাৰ ৪০ দিন পূৰ্বেই তেওঁৰ মৃত্যু হৈছিল।